মেট্ৰিকৰ ফলাফল
মঙলবাৰে ৰাজ্য চৰকাৰৰ অধীনৰ বিদ্যালয়সমূহৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে৷ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৬.৪৯ শতাংশ আৰু হাইমাদ্ৰাছাত ৫৪.৭৩ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হয়৷ উল্লেখ্য, ২০২১ বৰ্ষত কৰ’না অতিমাৰীৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাছিল যদিও বিকল্প মূল্যায়ন পদ্ধতিৰে শিক্ষাৰ্থীক উত্তীৰ্ণ কৰাই দিয়াৰ পৰিপ্ৰেক্ষিতত সেইবাৰ উত্তীৰ্ণৰ হাৰ আছিল ৯৩.১০ শতাংশ৷ ফলত সেইবাৰ অভিলেখসংখ্যক ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷ সেইদৰে ২০২০ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬৪.৮০ শতাংশ উত্তীৰ্ণ হোৱাৰ বিপৰীতে ২০১৯ত উত্তীৰ্ণ হৈছিল ৬০.২৩ শতাংশ৷ সেই দিশৰ পৰা এইবাৰ উত্তীৰ্ণৰ হাৰ কিছু কম৷ হয়তো ক’ভিডকালত হোৱা ক্ষতিৰ বাবে শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ কম হৈছে৷ এইবাৰৰ ফলাফলে এই কথা প্ৰমাণ কৰিছে যে ছাত্ৰ-ছাত্ৰীৰ মাজত গাঁও-চহৰ নিৰ্বিশেষে এক প্ৰতিযোগিতাৰ মানসিকতা গঢ়ি উঠিছে৷ ফলত পিছপৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়েও ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে৷ জিলাভিত্তিক উত্তীৰ্ণৰ হাৰৰ ক্ষেত্ৰত বানবিধবস্ত ধেমাজি জিলাই ৮৫.৪৬ শতাংশৰে শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে চিৰাং জিলাই ৩৪.২৭ শতাংশৰে আটাইতকৈ কম উত্তীৰ্ণ জিলা বুলি পৰিগণিত হৈছে৷ চিৰাঙৰ লগতে কাছাৰ আৰু কাৰ্বি আংলং জিলাৰ লগতে জনজাতীয় লোক অধ্যুষিত কিছুমান এলেকাত উত্তীৰ্ণৰ হাৰ নিম্ন হৈছে৷ ইফালে চৰকাৰী বিদ্যালয়ৰ ফলাফল ক্ৰমাৎ নিম্নগামী হৈ গৈ আছে৷ কিছুমান বিদ্যালয়ৰ এজনো শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব পৰা নাই৷ ইয়াৰ কাৰণ শিক্ষা বিভাগে বিচাৰ কৰি ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ ইয়াৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ বিদ্যালয় ফলাফল অধিকাংশৰে ঈৰ্ষণীয়৷ ফলত জনসাধাৰণে সন্তানক চৰকাৰী শিক্ষানুষ্ঠানতকৈ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানতহে পঢ়োৱাত গুৰুত্ব দিয়ে৷ চৰকাৰী বাবে ব্যক্তিগত খণ্ডৰেই হওক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে অধিক নম্বৰেৰে উত্তীৰ্ণ শিক্ষাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালৰ লগতে শিক্ষানুষ্ঠানেও আনন্দ প্ৰকাশ কৰাৰ বিপৰীতে পৰীক্ষাত অনুত্তীৰ্ণ বা ঈপ্সিত ফল নোপোৱা বহুজনে হতাশ হৈ আত্মহননৰ দৰে পথো বাছি লৈছে৷ ছাত্ৰ-ছাত্ৰীসকলে এই কথা মনত ৰখা দৰকাৰ যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নম্বৰে শিক্ষাৰ্থীক কেৱল শিক্ষানুষ্ঠানত নামভৰ্তিৰহে সুযোগ দিব৷ শিক্ষা লাভৰ কঠিন বাটত আগবঢ়াৰ ই মাত্ৰ এটা পদক্ষেপহে৷ পিছৰ পৰ্যায়ৰ পৰীক্ষাসমূহত সফলতাৰে উত্তীৰ্ণ হ’লেও জীৱনত কাংক্ষিত সকলো পাব বুলি আশা কৰা অনুচিত৷ কিয়নো শিক্ষানুষ্ঠানৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অধিক নম্বৰ পায়ো বহুজনে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত দুখলগাকৈ মুখ ঠেকেচা খায়৷ আনহাতে, মজলীয়া বুলি ধাৰণা কৰা বহু শিক্ষাৰ্থীয়েও প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ সফল জীৱন-যাপন কৰে৷ আনহাতে, যিসকল শিক্ষাৰ্থীয়ে পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰা নাই, সেইসকলক তুচ্ছ-তাচ্ছিল্য কৰাৰো কোনো কাৰণ নাই৷ দশম শ্ৰেণীৰ পৰীক্ষাই জীৱনৰ সফলতাৰ বাট কাটি নিদিয়ে৷ পৰীক্ষাত কম নম্বৰ পোৱা বহু লোকেই জীৱনৰ পৰীক্ষাত কিন্তু সৰ্বোচ্ছ নম্বৰ আহৰণ কৰি সফল ব্যৱসায়ী, সফল উদ্যোগী, সফল কাৰিকৰী বিদ্যাৰ লোক হিচাপে সময়ত পৰিগণিত হৈ সমাজত উচ্ছস্থান দখল কৰাই নহয়, তেনে লোকে উচ্ছ নম্বৰেৰে শৈক্ষিক পৰীক্ষাত সফল বুলি চিহ্নিত লোককো দু-পইচা উপাৰ্জনৰ পথ দিছে৷ সমাজৰ সকলো বৃত্তিধাৰী লোকেই সম-মৰ্যাদাৰ অধিকাৰী৷ যিকোনো বৃত্তিতে নিজৰ দক্ষতা প্ৰতিপন্ন কৰিব পাৰিলে মান-যশৰ লগতে ধন-সম্পদো লাভ কৰিব পাৰি৷ সেয়ে যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অনুত্তীৰ্ণ হৈছে, সেইসকলে মনোবল হ্ৰাস নকৰি জীৱনৰ পথ হিচাপে ল’ব পৰাকৈ একোটা বিষয়ত দক্ষতা আহৰণ কৰা দৰকাৰ৷ আনহাতে, যিসকলে আশা কৰাতকৈ কম নম্বৰ পাইছে, সেইসকলেও হতাশ নহৈ পৰৱৰ্তী পৰীক্ষাত সফলতা লাভৰ বাবে প্ৰস্তুতি চলোৱাৰ লগতে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হ’ব পৰাকৈ নিজক গঢ় দিয়া উচিত৷ শিক্ষা লাভৰ উদ্দেশ্য জ্ঞান যদিও শিক্ষা লাভ কৰি কৰ্মসংস্থাপন পাবলৈ সকলোৱে বিচাৰে৷ যিহেতু প্ৰতিযোগিতামূলক পৰীক্ষাইহে কৰ্মসংস্থাপনৰ দুৱাৰ মুকলি কৰে, সেয়ে সকলোৱে কেৱল ডিগ্ৰী লাভ কৰাটোকে শিক্ষা বুলি নধৰি প্ৰতিযোগিতামূলক পৰীক্ষাৰে নিজৰ সৰ্বোচ্ছ উজাৰি কৰ্মসংস্থাপনৰ পথো যাতে পাবলৈ সক্ষম হয়, তাৰ প্ৰতি সচেষ্ট হোৱা দৰকাৰ৷ পৰিয়ালৰ লোকৰ লগতে শিক্ষানুষ্ঠান আৰু চৰকাৰেও শিক্ষাৰ্থীক ৰুচি অনুসৰি দক্ষতা বিকাশৰ ব্যৱস্থা কৰা দৰকাৰ৷ আজিৰ সমাজত শিক্ষানুষ্ঠানৰ একোখন ডিগ্ৰী-ডিপ্ল’মাৰ প্ৰমাণ-পত্ৰতকৈও দক্ষতাৰহে গুৰুত্ব অধিক৷






