Logo
image

চিকিৎসকৰ ওচৰলৈ নোযোৱাকৈ দাঁতৰ যতন লোৱাৰ উপায়

বেয়া খাদ্যাভ্যাসৰ কাৰণে আজিকালি দাঁত আৰু দাঁতৰ মাৰিৰ সমস্যাত বহুতকে ভোগা দেখা যায়৷ দাঁতৰ বিষ, ৰক্তপাত আৰু মুখৰ দুৰ্গন্ধৰ বাবে বহুতেই অস্বস্তিত পৰে৷ কিছুমানে আকৌ দাঁতৰ সমস্যাক গুৰুত্ব প্ৰদান নকৰে৷ ফলত ইয়াৰ পৰিণাম ভুগিব লগা হয়৷ 

বেয়া খাদ্যাভ্যাস আৰু মুখৰ যত্ন নোলোৱাৰ বাবে দাঁতৰ ফাকসমূহত ময়লা জমা হয়৷ বিশেষকৈ নিয়মিত দাঁত ব্ৰাছ নকৰিলে বা মুখৰ ভিতৰচোৱা ভালদৰে পৰিষ্কাৰ নকৰিলে দাঁত আৰু দাঁতৰ মাৰিত বিভিন্ন ৰোগৰ সৃষ্টি হোৱাৰ লগতে দাঁত মলিয়ন হৈ পৰে৷ 

দাঁতৰ গুৰি পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত বহুতে চিকিৎসকৰ কাষ চাপে৷ ফলত অযথা খৰছান্ত হ’ব লগা হয়৷ কিন্তু দাঁতৰ যতন কৰিবলৈ কেতবোৰ ঘৰুৱা উপায় আছে৷ উল্লেখ্য কৰা হ’ল দাঁত পৰিষ্কাৰ কৰাৰ কেইটামান ঘৰুৱা উপায়– 

১৷ বেকিং ছডাৰে দাঁত পৰিষ্কাৰ কৰিব পাৰি৷ বেকিং ছডাত থকা এণ্টিবেক্টেৰিয়েল বৈশিষ্ট্যই দাঁতৰ উজ্জ্বলতা বঢ়াই তোলে৷ ইয়াৰ বাবে এচামুচ বেকিং ছডাৰ সৈতে সামান্য নিমখ মিহলাই টুথ ব্ৰাছেৰে দাঁত পৰিষ্কাৰ কৰিলেই হ’ল৷ সপ্তাহত অন্ততঃ দুই বা তিনিদিন এই উপায় অৱলম্বন কৰিলে দাঁতৰ উজ্জ্বলতা বাঢ়ে৷

২৷ নেমুৰ ৰস ব্যৱহাৰ কৰিও দাঁতৰ যতন ল’ব পৰা যায়৷ নেমুত পৰ্যাপ্ত পৰিমাণে এচিদ থাকে৷ এই এচিদে দাঁত পৰিষ্কাৰ কৰাত সহায় কৰে৷ ইয়াৰ বাবে সতেজ নেমুৰ ৰসত টুথ ব্ৰাছটো ডুবাই ৰাখক৷ কেইমিনিটমান এনেদৰে ৰাখি দাঁত ব্ৰাছ কৰক৷ দেখিব আপোনাৰ দাঁত চিক্‌চিকিয়া হৈ পৰিছে৷ 

৩৷ তিল ব্যৱহাৰ কৰিও দাঁত পৰিষ্কাৰ কৰিব পৰা যায়৷ ইয়াৰ বাবে এচামুচ তিল ভালদৰে পিচি লৈ পেষ্ট তৈয়াৰ কৰি লওক৷ পাছত শুকান ব্ৰাছেৰে পেষ্টখিনি লৈ দাঁত ব্ৰাছ কৰক৷ সপ্তাহত অন্ততঃ দুদিন এইদৰে কৰিলে দাঁত ভালে থকাৰ লগতে উজ্জ্বলতা বাঢ়ে৷ 

৪৷ বিলাহী আৰু ষ্ট্ৰবেৰীত পৰ্যাপ্ত পৰিমাণে ভিটামিন থাকে এই দুবিধ ফলেৰেও দাঁতৰ যতন ল’ব পৰা যায়৷ 

৫৷ দাঁতৰ হালধীয়া ভাব নাইকিয়া কৰিবলৈ লং ব্যৱহাৰ কৰিব পৰা যায়৷ লঙে দাঁতৰ বিষো নাইকিয়া কৰে৷ ইয়াৰ বাবে লং পিচি লৈ অলিভ অইলৰ সৈতে মিহলাই লওক৷ লং পিচি লোৱাত অসুবিধা থাকিলে বজাৰৰ পৰা লঙৰ গুৰি কিনি ল’ব পাৰে৷ এইবাৰ অলিভ অইলৰ সৈতে প্ৰস্তুত কৰি লোৱা পেষ্টখিনি দাঁতত লগাওক৷ কেইদিনমান এনেদৰে কৰিলে দাঁতৰ হালধীয়া ভাব নাইকিয়া হোৱাৰ লগতে মুখৰ দুৰ্গন্ধও নোহোৱা হয়৷