Logo
image

সবাতোকৈ ঘাটক বিমানবাহক যুদ্ধ জাহাজ নিৰ্মাণত ব্যস্ত আছে চীন

আমাৰ অসম, ৯ জুনঃ চীন বৰ্তমান ব্যস্ত আছে সবাতোকৈ ঘাটক আৰু অত্যাধুনিক বিমানবাহক যুদ্ধ জাহাজ নিৰ্মাণৰ কামত৷ ছেটেলাইটৰ জৰিয়তে লোৱা ছবিত এই কথা পোহৰলৈ আহিছে৷ প্লেনেট লেবছ পিবিচি ছেটেলাইটৰ দ্বাৰা লোৱা এই ছবিত স্পষ্টকৈ দেখা গৈছে নিৰ্মীয়মান যুদ্ধ জাহাজখন৷ ছেটেলাইটৰ দ্বাৰা তোলা ছবিবোৰ বিশ্লেষণ কৰি সংবাদ সংস্থা এছ’চিয়েটেড প্ৰেছে এই বাতৰি প্ৰকাশ কৰে৷ প্ৰতিৰক্ষা বিশেষজ্ঞৰ মতে চীনে এই ঘাটক আৰু অত্যাধুনিক যুদ্ধ জাহাজখন অতি সোনকালেই সাগৰত নমাব৷ চীনৰ দ্বাৰা নিৰ্মাণ হৈ থকা এই বিমানবাহক যুদ্ধ জাহাজখনৰ নাম হৈছে ‘০০৩ এয়াৰক্ৰাফট কেৰিয়াৰ’৷ এইখন প্ৰায় সম্পূৰ্ণ হোৱা বুলি ক’ব পাৰি৷ ছাংহাইৰ সমীপৰ উত্তৰ-পূবে থকা জিয়াংনান শ্বিপয়াৰ্ডত ২০১৮ চনৰ পৰাই ইয়াৰ নিৰ্মাণৰ কাম চলি আছে৷ ৭ জুনত ছেটেলাইটৰ দ্বাৰা এই যুদ্ধ জাহাজৰ ছবি লোৱা হয়৷ এই যুদ্ধ জাহাজখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত সাগৰত ইয়াৰ পৰীক্ষামূলক অনুশীলন চলিব৷