Logo
image

অসমৰ শিক্ষা কোন দিশে

সদ্যঘোষিত উচ্ছ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলে অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ প্ৰকৃত স্বৰূপ বাৰুকৈয়ে উন্মোচিত কৰিলে৷ বিগত বৰ্ষত কৰ’নাৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰি চৰকাৰে এক বিশেষ ব্যৱস্থাৰে ফলাফল উলিয়াবলৈ ‘ছেবা’ক দায়িত্ব দিলে আৰু ‘ছেবা’ই চৰকাৰী শিক্ষকৰ ওপৰত দায়িত্ব অৰ্পণ কৰি ততাতৈয়াকৈ ফলাফল ঘোষণা কৰিলে আৰু অভাৱনীয়ভাৱে ৯৩.১০ শতাংশ উত্তীৰ্ণ হ’ল৷ আচৰিত কথাটো হ’ল ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ তুলনাত চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে ভাল ফল দেখুৱালে! কিন্তু এইবাৰ তাৰ সম্পূৰ্ণ ওলোটা ছবি দেখিবলৈ পোৱা গ’ল৷ উত্তীৰ্ণৰ হাৰ মাত্ৰ ৫৬.৪৯ শতাংশ, ইয়াৰ ভিতৰত ব্যক্তিগত খণ্ডৰ গৰিষ্ঠসংখ্যক শিক্ষানুষ্ঠানেই ১০০ শতাংশ ফলাফল দিবলৈ সক্ষম হৈছে৷ সামগ্ৰিকভাৱে ৰাজ্যখনৰ ব্যক্তিগত খণ্ডই ৯০-৯৫ শতাংশ ফলাফল দিবলৈ সক্ষম হোৱাৰ বিপৰীতে চৰকাৰী শিক্ষানুষ্ঠানৰ ফলাফল একেবাৰে পুতৌলগা৷ যিটো চৰকাৰীভাৱে ঘোষণা নহ’লেও ৩০-৩৫ শতাংশৰ কম নহ’ব৷ যি সময়ত দিল্লীৰ কেজৰিৱাল চৰকাৰে চৰকাৰী শিক্ষাৰ মান উন্নত কৰিছে, এই বছৰ চৰকাৰী শিক্ষানুষ্ঠানৰপৰা ৯৯.৯ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱা বুলি গৰ্ব কৰিছে, সেই সময়ত অসমৰ চৰকাৰী শিক্ষা কোনদিশে ধাৱমান হৈছে? প্ৰতিবছৰে কোটি কোটি টকা খৰচ কৰি চৰকাৰে সৰ্বশিক্ষা মিছন পৰিচালনা কৰিছে৷ বিদ্যালয়সমূহৰ মান উন্নত কৰিবলৈ নানা স্তৰত পৰিদৰ্শনৰ ব্যৱস্থা কৰিছে৷ প্ৰতিবছৰে গুণোৎসৱ পাতি বিদ্যালয়সমূহৰ গুণাগুণ পৰীক্ষা কৰিছে যদিও চৰকাৰী শিক্ষাই ক্ৰমান্বয়ে অধোগতিৰ দিশে ধাৱমান হৈছে৷ আচলতে চৰকাৰে চৰকাৰী শিক্ষা ভাল কৰিবলৈ কি কৰিছে? টে’টৰ নামত যিবোৰ শিক্ষক নিযুক্তি দিছে, সেইবোৰৰো বহুতৰ প্ৰমাণ-পত্ৰ ভুৱা বুলি অভিযোগ আহিছে৷ চৰকাৰে এটকাও নোলোৱাকৈ চাকৰি দিয়া বুলি গৰ্ব কৰিছে [যেন টকা নোলোৱাকৈ চাকৰি দি চৰকাৰে মহান কাম কৰিছে!]৷ কিন্তু ক’ৰবাত নহয় ক’ৰবাত ব্যৱস্থাটোৰ মাজতে দুৰ্নীতি সোমাই সমগ্ৰ ব্যৱস্থাটোকেই ফোঁপোলা কৰি পেলাইছে৷ যিখন দেশত দুখীয়া-দৰিদ্ৰৰ এটা অকণমানি ঘৰ নিৰ্মাণৰ বাবেও উৎকোচ বিচৰা হয়, সেইখন দেশত কিবা যে ব্যৱস্থাগত খেলিমেলি আছে সেইটো নিশ্চিত৷ চৰকাৰে এফালে ৰাইজে পতা শিক্ষানুষ্ঠানবোৰ বন্ধ কৰিছে, আনফালে বহু ঠাইত দুই-তিনিখন বিদ্যালয় লগ লগাই দি শিক্ষা ভাল কৰাৰ কি সপোন দেখিছে সেয়া আচলতে দুৰ্বোধ্য সাঁথৰ হৈ পৰিছে৷ বিগত সময়ত পতা গুণোৎসৱসমূহে যোগাত্মক ফল দিলে নে বাৰে বাৰে পুঁজিৰ অপচয় কৰিছে? চমক সৃষ্টি কৰি চৰকাৰে বিদ্যালয় বন্ধৰ ব্যৱস্থা কৰিছে নেকি, যাতে ব্যক্তিগত শিক্ষানুষ্ঠানৰ ৰমৰমীয়া ব্যৱসায় হয়৷ এইবোৰ প্ৰশ্ন এতিয়া মানুহৰ মুখে মুখে৷ 

আনহাতে, এইবাৰ উচ্ছ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত হৈছে ২০২১ চনৰ প্ৰশ্নকাকতেৰে৷ অৰ্থাৎ ২০২০-২১ বৰ্ষত কৰ’নাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে বছৰটোত ১০ শতাংশও শ্ৰেণীকোঠাত উপস্থিত থাকিব নোৱাৰিলে৷ পঢ়াৰ নামত যি অনলাইন শ্ৰেণী অনুষ্ঠিত হ’ল, গ্ৰামাঞ্চলৰ লাখ লাখ ছাত্ৰ-ছাত্ৰী এই ব্যৱস্থাৰ পৰা প্ৰায় আঁতৰত থাকিবলগা হৈছিল৷ এইসমূহ ছাত্ৰ-ছাত্ৰীৰ হয় কাৰোবাৰ ম’বাইল নাই, নহয় নেটৱৰ্কৰ অভাৱত শিক্ষাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হ’ল৷ তেনে অৱস্থাত ছেবাই এইখন কি প্ৰশ্ন কাটিছিল? তুলনামূলকভাৱে ২০২০-২১ চনতকৈ ২০২১-২২ চনত যথেষ্ঠ শ্ৰেণী অনুষ্ঠিত হৈছিল৷ এতিয়া সেইসকলৰেই ৪৩.৫১ শতাংশ অনুত্তীৰ্ণ হৈছে৷ সঁচাকৈ যদি এইখন প্ৰশ্নকাকতেৰে ২০২০-২১ বৰ্ষত পৰীক্ষা অনুষ্ঠিত হ’লহেঁতেন, তেন্তে ৯৩.১০ শতাংশই উত্তীৰ্ণ হ’লহেঁতেননে? নিশ্চয়কৈ নহয়৷ তেন্তে ছাত্ৰ-ছাত্ৰী আৰু প্ৰশ্নকাকত প্ৰস্তুত কৰাসকলৰ মাজত কোনো সম্পৰ্ক নাই নেকি? প্ৰশ্নকাকত প্ৰস্তুত কৰাসকলৰ মাজত ছাত্ৰ-ছাত্ৰীৰ মনস্তত্ত্ব বুজি পোৱা মানুহ নাই নেকি? আৰু যদি আছে তেন্তে কিয় এইধৰণৰ বিসংগতি কৰি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ ধবংসৰ প্ৰয়াস কৰিছে?

চৰকাৰে এফালে কৈছে ২০২৩ চনৰ পাছত আৰু এই পৰীক্ষা নাথাকিব, সেয়ে ইয়াৰ গুৰুত্বটোও নিশ্চয়কৈ নাথাকিব; আনফালে এই গুৰুত্বহীন পৰীক্ষাত লাখে লাখে ল’ৰা-ছোৱালীয়ে বিফলতা প্ৰদৰ্শন কৰাটো অতি চিন্তনীয় হৈ পৰিছে৷ চৰকাৰে কোৱা মতে, ২০২৪ চনৰপৰা শিক্ষাৰ মানচিত্ৰৰপৰা এই মেট্ৰিক পৰীক্ষাৰ অৱলুপ্তি ঘটিব৷ কিন্তু চৰকাৰে যি নীতি লৈছে, সেই নীতিৰে ছাত্ৰ-ছাত্ৰীৰ কি উপকাৰ সাধিব৷ বৰঞ্চ ১৬ বছৰ বয়সত দিয়া এই গুৰুত্বপূৰ্ণ পৰীক্ষাটোৰ বাবে কৰা সচেতন প্ৰয়াসে সেই বছৰৰ অৰ্থাৎ বয়ঃসন্ধিৰ যি সমস্যা সেইবোৰ দমন কৰি ৰাখে, ফলত এক যোগাত্মক শৈলীৰে জীৱনটো আগবাঢ়ি যায়৷ কিন্তু এতিয়া কোনো পৰীক্ষাৰ প্ৰস্তুতি কৰিব নলগাৰ বাবে এইসকল বিপথে যোৱাৰ সম্ভাৱনাই বেছি৷

চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকিবলৈ চেষ্টা কৰিলেও এইবাৰ বৰ বেয়াকৈ উন্মোচিত হৈছে নিজৰ ব্যৰ্থতা৷ শিক্ষাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তনৰ নামত গেৰুৱা পাঠ্যক্ৰম দিয়াৰ বাবে যি নতুন শিক্ষানীতি আহিছে, সেই শিক্ষানীতিৰ ব্যাপক পৰ্যালোচনাৰ প্ৰয়োজন আছে৷ অন্যথা, হিতে বিপৰীত হোৱাৰ আশংকাই বেছি৷