Logo
image

নূপুৰ, নবীনৰ বিৰুদ্ধে গোচৰ তৰিয়েই দিলে দিল্লী আৰক্ষীয়ে

আমাৰ অসম, ১০ জুনঃ বিশ্ব নবী হজৰত মহম্মদক লৈ দায়িত্বজ্ঞানহীন মন্তব্য কৰা বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মা, নবীন জিন্দালৰ উপৰি সাংবাদিক ছাৰা নকভিসহ ৮জনৰ বিৰুদ্ধে অৱশেষত দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে৷ তেওঁলোকৰ ভিতৰত হিন্দু মহাসভাৰ শীৰ্ষ নেতা পূজা শাকোন, ৰাজস্থানৰ মৌলানা মুফ্‌টি নাবিম আৰু ছাদ্দাম চৌহানো আছে৷ সম্প্ৰতি গোচৰটো দিল্লী আৰক্ষীৰ বিশেষ শাখাই নথিভুক্ত কৰিছে৷ আৰক্ষী উপায়ুক্ত কে পি এছ মালহোত্ৰাই বৃহস্পতিবাৰে সন্ধিয়া এই বিষয়ে সাংবাদিকক অৱগত কৰে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে সমাজত ঘৃণা আৰু উচতনিমূলক মন্তব্যৰে জনসাধাৰণৰ শান্তি বিঘ্নিত কৰা বুলি নুপুৰ শৰ্মা আৰু নবীন জিন্দালসহ কেইবাজনো বিজেপি নেতাৰ বিৰুদ্ধে গোচৰটো ৰুজু কৰা হৈছে৷ উল্লেখ্য যে অলপতে বিজেপি নেত্ৰী নুপুৰ শৰ্মাই বিশ্ব নবী হজৰত মহম্মদক লৈ এক আপত্তিজনক ভিডিঅ’ টুইট কৰিছিল৷ ইয়াৰ লগে লগে ভিডিঅ’টো ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত ভাইৰেল হৈ পৰে৷ পৰিণতিত ইৰান আদিকে ধৰি মুছলিম ধৰ্মপ্ৰধান দেশসমূহত ভাৰতৰ বিৰুদ্ধে বিদ্বেষৰ বাৰ্তা বিয়পি পৰে৷ ছৌদি আৰৱ, ইৰান, ইৰাক, ইণ্ডোনেছিয়া, লিবিয়া, জৰ্দান, বাহৰেইন, আফগানিস্তান আদি দেশসমূহে আনকি ভাৰতীয় সামগ্ৰী বৰ্জনৰ আহ্বান জনাই দেশখনৰ ওপৰত চাপ সৃষ্টি কৰা আৰম্ভ কৰে৷ ইপিনে নুপুৰ শৰ্মাৰ বক্তব্যক লৈ ভাৰতৰ লগতে বিভিন্ন দেশত প্ৰতিক্ৰিয়া আৰম্ভ হোৱাৰ পাছতে বিজেপিয়ে তাৎক্ষণিকভাৱে নুপুৰ শৰ্মাক দলৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ বিজেপিৰ নেত্ৰীগৰাকীৰ মন্তব্যক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত আনকি ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ তৰফৰ পৰা স্পষ্টীকৰণো দিবলগীয়া হয়৷ কংগ্ৰেছ দলে নুপুৰ শৰ্মাই কৰা মন্তব্যক লৈ বিজেপিক আক্ৰমণ কৰা আৰম্ভ কৰিছে৷ কংগ্ৰেছে নুপুৰ শৰ্মা আৰু নবীন জিন্দালে এটা বিশেষ ধৰ্মৰ আৱেগত আঘাত হনাৰ অভিযোগ উত্থাপন কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে বিজেপিয়ে কিয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে বিয়লি নুপুৰ শৰ্মাক নবীন জিন্দালসহ একাধিক বিজেপি নেতাৰ বিৰুদ্ধে অৱশেষত গোচৰ ৰুজু কৰে৷