Logo
image

দীৰ্ঘজীৱনৰ বাবে এইবোৰ পাচলি খাওক

খাদ্যৰ ওপৰতে মানুহৰ স্বাস্থ্য নিৰ্ভৰ কৰে৷ স্বাস্থ্য নিৰোগী হৈ থকাৰ ওপৰত আয়ুস নিৰ্ভৰ কৰে৷ সাধাৰণতে শাক-পাচলি ফল-মূল পৰ্যাপ্ত পৰিমাণে খোৱাসকল বিভিন্ন ৰোগৰ পৰা হাত সাৰি থকাৰ উপৰি দীৰ্ঘজীৱনো লাভ কৰে৷ ফলমূলৰ দৰে বিশেষ কিছুমান পাচলিত বহু পৰিমাণৰ পুষ্টিকৰ উপাদান থাকে৷ দৈনন্দিন খাদ্য তালিকাত এনে পাচলি অন্তৰ্ভুক্ত কৰিলে স্বাস্থ্য নিৰোগী হৈ থকাৰ উপৰি আয়ুস বৃদ্ধি পায়৷ গৱেষকসকলৰ মতে খোৱা-বোৱা ঠিকমতে কৰিলে আয়ুস বৃদ্ধি পোৱাৰ লগতে হৃদযন্ত্ৰজনিত ৰোগত মৃত্যুৰ আশংকা হ্ৰাস পায়৷ এইক্ষেত্ৰত এবিধ পাচলিৰ আছে বিশেষ গুৰুত্ব৷ সচৰাচৰ এই পাচলি সকলোৱে খাই যদিও ইয়াৰ পুষ্টিকৰ উপাদানৰ বিষয়ে জ্ঞাত নহয়৷

পৃথিৱীৰ ব্লু জ’ন অঞ্চলত কৰা গৱেষণাৰ পৰা এটা তথ্য পোহৰলৈ আহিছে যে সেই অঞ্চলত বসবাস কৰা মানুহৰ গড় আয়ুস ১০০ বছৰ পৰ্যন্ত৷ এইক্ষেত্ৰত আছে এবিধ পাচলিৰ বিশেষ অৰিহণা৷ ব্লু জ’নত বাস কৰা সকলে নিয়মীয়াকৈ খাদ্য তালিকাত ৰাখে বিন জাতীয় পাচলি৷ এই বিনত প্ৰচুৰ পৰিমাণে থাকে প্ৰ’টিন আৰু ফাইবাৰ৷ ইয়াত কোনো ধৰণৰ ফেট নাথাকে৷ আমেৰিকাৰ এটা বিশেষ স্বাস্থ্য সংস্থাৰ মতে– বিন খালে হতাশা, উচ্ছ ৰক্তচাপ, ডায়েবেটিছ আদিৰ দৰে ৰোগৰ পৰাও হাত সাৰি থাকিব পাৰি৷ বিন জাতীয় পাচলিত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ যাৰ বাবে বিন খালে স্বাস্থ্য ভালে থকাৰ উপৰি শৰীৰৰ ভাৰসাম্য অটুট থাকে৷ ইয়াৰ ফলত হৃদযন্ত্ৰজনিত ৰোগৰ আশংকা হ্ৰাস পায়৷ বিন বিভিন্ন প্ৰকাৰৰ৷ মাহজাতীয় এই পাচলিবিধ বিভিন্ন ৰঙৰ হ’ব পাৰে৷ ক’লা, ৰঙা, ৰাজমাৰ ৰূপতো বিন সহজে উপলব্ধ৷ নিয়মীয়াকৈ যিকোনো ধৰণৰ বিন খাদ্য তালিকাত ৰাখিলে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থকাৰ উপৰি দীৰ্ঘ জীৱনৰ গৰাকী হ’ব পাৰে৷