Logo
image

এইবিধ পাচলিৰ আশ্চৰ্যকৰ গুণৰ বিষয়ে জানেনে

ঘৰৰ পিৰালিতে উৎপাদন কৰিব পৰা এবিধ পাচলি হৈছে ভাতকেৰেলা৷ মাত্ৰ এক বৰ্গফুটৰ মুকলি ঠাইতে কৰিব পাৰি এইবিধ পাচলিৰ খেতি৷ ডাঙৰসকলে এইবিধ পাচলি খায় যদিও সৰু ল’ৰা-ছোৱালীয়ে নামটোকেই শুনিব নোখোজে৷ খোৱাৰ পাতত দিলেও বাচি বাচি পেলাই দিয়ে ভাতকেৰেলা৷ ভাজি, ভাপত দি নতুবা তৰকাৰী বনাই যিকোনো প্ৰকাৰে সুস্বাদু কৰি খাব পাৰি ভাতকেৰেলা৷ 

ভাতকেৰেলাত থকা ঔষধি গুণে শৰীৰক বিভিন্ন ৰোগৰ পৰা উপশম দিব পাৰে৷ ভাতকেৰেলাত বিলাহীতকৈ প্ৰায় ৭০গুণ বেছি লাইক’পিন, প্ৰায় ২০গুণ বেছি বিটাকেৰ’টিন, নেমুতকৈ প্ৰায় ৪০গুণ বেছি ভিটামিন ‘চি’ পোৱা যায়৷ ভাতকেৰেলাই কেনেকৈ শৰীৰক উপকৃত কৰে জানি লওক–

◾কেন্সাৰ প্ৰতিৰোধঃ এটা গৱেষণাত দেখা গৈছে যে ভাতকেৰেলাত থকা পুষ্টিগুণে কেন্সাৰ প্ৰতিৰোধ কৰাত সহায় কৰে৷ এইবিধ পাচলিত থকা এবিধ প্ৰ’টিনে কেন্সাৰৰ কোষ বৃদ্ধিত বাধা দিয়ে৷ 

◾ৰক্তহীনতাঃ এনিমিয়া বা ৰক্তাহীনতা দূৰ কৰাত ভাতকেৰেলা বহুত উপকাৰী৷ ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ, ভিটামিন চি আৰু ফলিক এচিড থাকে৷ নিয়মীয়াকৈ ভাতকেৰেলা খালে এনিমিয়া বা ৰক্তহীনতা হোৱাৰ সম্ভাৱনা নাথাকে৷ 

◾কলেষ্ট’ৰেলৰ মাত্ৰা নিয়ন্ত্ৰণঃ কলেষ্ট’ৰেলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাৰ ক্ষেত্ৰত ভাত কেৰেলাই যাদুৰ দৰে কাম কৰে৷ যিসকলৰ কলেষ্ট’ৰেলৰ পৰিমাণ বেছি তেওঁলোকৰ কলেষ্ট’ৰেল হ্ৰাস পোৱাত অতি উপযোগী পাচলি হৈছে ভাতকেৰেলা৷ 

◾হৃদৰোগঃ হৃদৰোগত আক্ৰান্ত লোকৰ বাবে ভাতকেৰেলা অত্যন্ত উপকাৰী৷ ইয়াত যথেষ্ট পৰিমাণে থকা এণ্টি অক্সিডেণ্টে হৃদৰোগৰ সমস্যাৰ পৰা মুক্ত কৰে৷ 

◾দৃষ্টিশক্তিঃ ভাতকেৰেলাই দৃষ্টিশক্তি বৃদ্ধিত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়৷ এইবিধ পাচলিত চকুৰ স্বাস্থ্যৰ কাৰণে উপকাৰী ভিটামিন, বিটাকেৰ’টিন আৰু অন্যান্য উপাদান থাকে৷ ই চকুত ছানি পৰা ৰোগতো বাধা দিয়ে৷ 

◾বিষণ্ণতা দূৰঃ ভাতকেৰেলাত থকা চেলেনিয়াম, মিনাৰেল আৰু ভিটামিনে স্নায়ুতন্ত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়৷ বিষণ্ণতা দূৰীকৰণৰ ক্ষেত্ৰত ই অত্যন্ত উপকাৰী উপাদান৷ ভাতকেৰেলাই শৰীৰৰ তাৰুণ্যতা ধৰি ৰাখি কৰ্মদ্যোমী কৰি ৰাখে৷ সেই বাবে প্ৰতিসাজ আহাৰৰ সৈতে ভাতকেৰেলা ৰখাটো নিয়মত পৰিণত কৰিব পাৰে৷