নলবাৰী সমষ্টিৰ নতুন মন্ত্ৰী
অসমত মন্ত্ৰীসভাৰ প্ৰথম সম্প্ৰসাৰণত স্থান পোৱা দুজন মন্ত্ৰীৰ এজন হ’ল জয়ন্ত মল্ল বৰুৱা৷ জনস্বাস্থ্য কাৰিকৰী, পৰ্যটন, দক্ষতা-নিয়োগ আৰু উদ্যমিতা বিভাগৰ দায়িত্ব দিয়া হৈছে জয়ন্ত মল্ল বৰুৱাক৷ তেওঁ নলবাৰী সমষ্টিৰ বিধায়ক৷ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ সমষ্টিটোৰপৰা ৫৮.৮৪ শতাংশ ভোট পাই বিধানসভালৈ নিৰ্বাচিত হৈছিল৷ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী জাতীয় কংগ্ৰেছৰ প্ৰদ্যুৎ কুমাৰ ভূঞাই পাইছিল ৩১.৪৩ শতাংশ ভোট৷ সৰ্বমুঠ জ্জ্বজনে সেইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল৷ ২০১১ চনৰ নিৰ্বাচনতো জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিকটতম প্ৰতিদ্বন্দ্বী অলকা শৰ্মাক [অগপ] হৰুৱাই বৰুৱাই জয়লাভ কৰিছিল৷ ২০১৬ চনত বৰুৱা প্ৰাৰ্থী নাছিল৷ সমষ্টিটোত বিজেপিৰ অশোক শৰ্মাই জয়লাভ কৰিছিল৷ সেইবাৰো কংগ্ৰেছৰ প্ৰাৰ্থী ভূঞা আছিল নিকটতম প্ৰতিদ্বন্দ্বী৷ নলবাৰী সমষ্টিৰপৰা ২০০৬ চনত অগপৰ অলকা শৰ্মাই কংগ্ৰেছ প্ৰাৰ্থী মদন কলিতাক হৰুৱাইছিল, যিগৰাকীয়ে ২০০১ চনত অলকা শৰ্মাক পৰাজিত কৰিছিল৷ ১৯৯৬ চনত আকৌ অগপ প্ৰাৰ্থী [প্ৰয়াত] নগেন শৰ্মাই জয়লাভ কৰিছিল৷ তেওঁ তিনিবাৰকৈ নলবাৰী সমষ্টিৰপৰা জয়লাভ কৰি বিধায়ক হৈছিল৷ তদুপৰি, তেওঁ গড়কাপ্টানি আৰু বন বিভাগৰ মন্ত্ৰিত্বও পাইছিল৷ অৰ্থাৎ, প্ৰধানতঃ কংগ্ৰেছৰ পাছতেই অগপই নলবাৰী সমষ্টিৰপৰা প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিল৷ শাসকীয় দলৰ বিধায়ক হোৱা সত্ত্বেও এই প্ৰতিনিধিসকলে নলবাৰী সমষ্টিৰ সমস্যাবোৰ সমাধানত বিশেষ গুৰুত্ব নিদিলে৷ তাৰ পৰিৱৰ্তে তেওঁলোকে একাংশ স্তাৱক সৃষ্টি কৰি ল’লে৷ স্তাৱকসকলৰ মাজতো এচাম নেতা থাকে৷ স্তাৱকসকলৰ মাজত উচ্ছ-নিম্ন আদি বিভিন্ন স্তৰৰ ‘ৰেংক’ থাকে৷ বিধায়কৰ নিকটতমজন হ’ল স্তাৱকবৃন্দৰ নেতা৷ এই স্তাৱকসকলৰ নাম হয়তো চৰকাৰৰ জনকল্যাণ আঁচনিবোৰৰ কোনোখনতে নাথাকে৷ তৎসত্ত্বেও এওঁলোকেই হৈছে বিধায়কৰপৰা সৰ্বাধিক সুবিধা আদায় কৰি লোৱা হাইপ্ৰ’ফাইল হিতাধিকাৰী৷ বিধায়ক বা দলৰ নামত শ্লোগান দিয়া, সমদলত বা সভাত যোগ দিয়া, হাত চাপৰি বজোৱাসকলৰ এওঁলোকেই ‘লীডাৰ’৷ বিধায়কৰ নিৰ্দেশত আৰু এই হাইপ্ৰ’ফাইল স্তাৱকসকলৰ পৰিচালনাত বিগত সময়ছোৱাত নলবাৰী সমষ্টিটোৰ কোনো সদৰ্থক উন্নয়ন কাৰো চকুত নপৰিল৷ নলবাৰী জিলাখনৰপৰা অসম বিধানসভাত চাৰিটা সমষ্টি আছে আৰু নলবাৰী সমষ্টিয়ে জিলাখনৰ সদৰ মূল নগৰ নলবাৰীক সামৰি লৈছে৷ নলবাৰী নগৰত পৌৰসভা আছে [আৰু এইবাৰৰ নিৰ্বাচনত বিজেপি-মিত্ৰজোঁটে ১৭খন আসনৰ আটাইবোৰতেই জয়লাভ কৰিছে]৷ ঐতিহ্যমণ্ডিত হৰিমন্দিৰ, জৈন মন্দিৰ, মছজিদ, অসামৰিক চিকিৎসালয়, জিলা পুথিভঁৰাল, গৰ্ডন হাইস্কুল তথা খেলপথাৰ, নলবাৰী কলেজ আদি বুকুত লৈ এসময়ত নলবাৰী এখন ধুনীয়া চহৰ আছিল৷ বিগত সময়ছোৱাত জনসংখ্যা, জনবসতি, দোকান-পোহাৰ, যান-বাহন, ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানকে ধৰি ক’চিং চেণ্টাৰ আদি হুৰহুৰকৈ বাঢ়িবলৈ ধৰিলে৷ কিন্তু আটাইবোৰ বাঢ়িল অপৰিকল্পিত ৰূপত৷ মূল পথ, উপপথবোৰৰ অৱস্থা অতি শোচনীয়৷ সবাতোকৈ নিকৃষ্ট হৈছে নলা-নৰ্দমা আৰু জাবৰ নিষ্কাশন ব্যৱস্থাপনা৷ বাৰিষা যাতায়াত ব্যৱস্থা তেনেই কষ্টকৰ হৈ উঠে৷ নলবাৰী নগৰৰ অলি-গলিৰ পথৰ তুলনাত উপকণ্ঠ অঞ্চলৰ গাঁওবোৰৰ পথেই ভাল৷ জয়ন্ত মল্ল বৰুৱাই মন্ত্ৰিত্ব পোৱাৰ লগে লগে নলবাৰীৰ সচেতন মহলে কোৱা-কুই কৰিছে– কিজানিবা এইবাৰ বাট-পথ, নলা-নৰ্দমাকে ধৰি নলবাৰীৰ সমস্যাবোৰৰ সমাধান হয়েই! হিমন্ত বিশ্ব শৰ্মাৰ ষ্টাইলত কথা-বতৰা কোৱা, যুক্তি দিবলৈ প্ৰয়াস কৰা, সৰ্বদা অনুসৰণ কৰা জয়ন্ত মল্ল বৰুৱাই ড॰ শৰ্মাই নিজৰ সমষ্টিটোৰ বাবে কৰা বিকাশৰ কামবোৰ অনুকৰণ কৰি নলবাৰীৰো উন্নতিৰ বাবে মন্ত্ৰিত্বৰ বিশাল দায়িত্বভাৰৰপৰা কিছু সময় উলিয়াই ব্যৱস্থা গ্ৰহণ কৰিবনে? সমষ্টিৰ বিকাশৰ বাবে কাম কৰিলে ভোটাৰে তেওঁক নাপাহৰে, যিদৰে হিমন্ত বিশ্ব শৰ্মাক পাহৰা নাই৷






