পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ কি?
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৪,০৫,৫৮২ জন পৰীক্ষাৰ্থীৰ ভিতৰত ২,২৯,১৩১ জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে৷ ৫৬.৪৯ শতাংশ উত্তীৰ্ণ হোৱাৰ বিপৰীতে ৪৩.৫১ শতাংশ অনুত্তীৰ্ণ হৈছে৷ ২০২১ চনত ক’ভিডৰ বাবে ‘অনুষ্ঠিত নোহোৱা পৰীক্ষাত ৯৩.১০ শতাংশ উত্তীৰ্ণ হোৱাৰ বাবে অনুত্তীৰ্ণৰ সংখ্যা আছিল নিচেই নগণ্য৷ কিন্তু ইয়াৰ পূৰ্বৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাসমূহতো অনুত্তীৰ্ণৰ হাৰ [২০১৭ চনৰ পৰা] প্ৰায় ৪০ শতাংশৰ পৰা ৫২ শতাংশলৈকে হৈছে৷ এইবাৰ শিক্ষান্ত পৰীক্ষাত ফেইল কৰা প্ৰায় ২ লাখ ছাত্ৰ-ছাত্ৰীকে ধৰি বিগত বছৰকেইটাত ফেইল কৰা সকলৰ সৈতে মুঠ এনে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১০-১২ লাখৰ ভিতৰত হ’বগৈ৷ হাইস্কুল শিক্ষান্তৰ লগতে উচ্ছতৰ মাধ্যমিকতো পৰীক্ষাৰ দেওনা পাৰ হ’ব নোৱাৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও প্ৰতি বছৰে লক্ষাধিক হয়৷ পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰাৰ লগে লগে সকলো ব্যস্ত হৈ পৰে স্থানপ্ৰাপ্ত সকলক লৈ, ডিষ্টিংচন পোৱাসকলক লৈ৷ দৃশ্য-শ্ৰব্য, ছপা মাধ্যমেও অতি গুৰুত্বসহকাৰে ষ্টেণ্ড কৰা ছাত্ৰ-ছাত্ৰীৰ সাক্ষাৎকাৰ গ্ৰহণৰ বাতৰি প্ৰকাশ কৰে৷ লগতে দৰিদ্ৰতাক নেওচি বহু ছাত্ৰ-ছাত্ৰীয়ে কিদৰে দৃঢ়তা প্ৰদৰ্শন কৰি কৃতিত্ব সহকাৰে উত্তীৰ্ণ হয় সেই কথাকো সংবাদ মাধ্যমে প্ৰচাৰ কৰে৷ সামাজিক মাধ্যমৰ যোগেদিও এই দিশসমূহ বহুলভাৱে প্ৰচাৰিত৷ পৰীক্ষাত সফল ছাত্ৰ-ছাত্ৰীৰ কৃতিত্বক এনেদৰে প্ৰচাৰ কৰাৰো নি(য় যোগাত্মক দিশ আছে৷ এইসকলৰ সাফল্যৰ কাহিনীয়ে আন বহু ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত কৰে৷ চৰকাৰী পক্ষইয়ো প্ৰতিবছৰে সাফল্যৰ হাৰ বৃদ্ধিয়ে শৈক্ষিক মানক প্ৰতিফলিত কৰে বুলি আত্মতুষ্টি লাভ কৰে৷ কোৱা বাহুল্য, উত্তীৰ্ণৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত নম্বৰ প্ৰদান, গ্ৰেচমাৰ্ক প্ৰদানৰ শিথিলতাই বহু ইন্ধন যোগায়৷ হয়তো প্ৰকৃত মূল্যায়ন যদি হয় হাইস্কুল শিক্ষান্ত বা উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ফেইল কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বহু বৃদ্ধি পাব৷ যি কি নহওক এই ব্যৱস্থাৰে ফলাফল প্ৰক্ৰিয়াটো চলি আছে আৰু ই যে সলনি হ’ব তাৰো কোনো নিশ্চয়তা নাই৷ আনহাতে চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ পৰা এইবাৰ বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে ষ্টেণ্ড কৰিছে যদিও উত্তীৰ্ণৰ হাৰ এই বিদ্যালয়সমূহৰ পৰা আশাপ্ৰদ নহয়৷ ৰাজ্যৰ ৩১খন জিলাৰ ১৬৪খন চৰকাৰী বিদ্যালয়ৰ পৰা এইবাৰ এজনো ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ’ব নোৱাৰাটো অতি পৰিতাপৰ বিষয়৷ লক্ষণীয়ভাৱে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অধিক সফলতা লাভ কৰে বুলি বিশ্বাস কৰা হয় যদিও এইবাৰ শতাধিক প্ৰাইভেট স্কুলৰ ছাত্ৰ-ছাত্ৰীও হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফেইল কৰিছে৷ ক্ৰমান্বয়ে সমগ্ৰ দেশৰ লগতে অসমতো ক্ৰমবৰ্ধমান শিক্ষিত নিবনুৱাৰ সংখ্যাই এক উদ্বিগ্নতাৰ সৃষ্টি কৰাৰ সময়ত বছৰি বছৰি ফেইল কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যৎ কি সেয়াও অন্য এক চিন্তনীয় দিশ ৰূপে বিবেচিত হৈছে৷ শিক্ষা খণ্ডও জিডিপিৰ ৬ শতাংশ ব্যয় কৰা, বিগত ৫ বছৰ ধৰি চৰকাৰী বিদ্যালয়সমূহৰ গুণোৎসৱৰ যোগেদি মূল্যায়ন কৰা, পৰ্যাপ্ত শিক্ষক থকাৰ পাছতো অসমত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ২ লাখ ছাত্ৰ-ছাত্ৰীয়ে ফেইল কৰাটো সমগ্ৰ ৰাজ্যখনৰ বাবে অশুভ সংকেত৷ শৈক্ষিক দিশত, গুণগত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত এটা সময়ত উজ্বলি থকা ৰাজ্যৰ বহু বিদ্যালয়ৰ অনাকাংক্ষিত অৱনমিত ফলাফলে কেৱল পুতৌলগা শৈক্ষিক দিশকেই উন্মোচিত কৰা নাই; ই প্ৰতীয়মান কৰিছে সামগ্ৰিকভাৱে সামাজিক দিশটোকো৷ আটকধুনীয়া আন্তঃগাঁথনিৰে পৰিবেষ্টিত নগাঁৱৰ এখন বিদ্যালয়ত শিক্ষক আছে ৮জন, পৰীক্ষাৰ্থী আছিল ৭জন৷ দুৰ্ভাগ্যজনকভাৱে ইয়াৰ এজনো উত্তীৰ্ণ নহ’ল৷ ঐতিহ্যমণ্ডিত কটন কলেজিয়েট বিদ্যালয়ৰ ৫৭জন পৰীক্ষাৰ্থীৰ ভিতৰত ২৬ জনহে উত্তীৰ্ণ হৈছে৷ বহু বিদ্যালয়ত ছাত্ৰৰ অনুপাতে শিক্ষকৰ সংখ্যা কম যাৰ বাবে ফলাফল বেয়া হৈছে৷ স্কুলীয়া শিক্ষাৰ এই দুৰ্ভাগ্যজনক পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে পৰিকল্পিত, বিজ্ঞানসন্মত চৰকাৰী ব্যৱস্থাৰ লগতে নাগৰিক সমাজ, অভিভাৱকসকলৰ ভূমিকাও শক্তিশালী হ’ব লাগিব৷ লগতে বৰ্ধিত ফেইল কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈয়ো ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজন৷ ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ প্ৰয়োগৰ পাছত স্কুলীয়া শিক্ষালৈকো আমূল পৰিৱৰ্তন আহিব৷ ষষ্ঠ শ্ৰেণীৰ পৰা কাৰিকৰী শিক্ষা, প্ৰায়োগিক শিক্ষাৰ সঠিকভাৱে প্ৰয়োগ হ’লে হয়তো বৰ্তমান ফেইল কৰা ছাত্ৰ-ছাত্ৰীক লৈ যি উদ্বিগ্নতাৰ সৃষ্টি হৈছে তাৰ অৱসান ঘটিব বা সেয়া হ্ৰাস পাব৷ বৰ্তমান ব্যৱস্থাটোত ফেইল কৰা বা বেয়া ৰিজাল্ট কৰা বহু ছাত্ৰ-ছাত্ৰীৰ আন কেতবোৰ প্ৰতিভা, যোগ্যতা আছে যি ছাত্ৰজনৰ লগতে আৰ্থ-সামাজিক ব্যৱস্থাটোৰ বাবে অতি প্ৰয়োজন৷ সাম্প্ৰতিক পৰিৱেশত পৰীক্ষাৰ ফলাফলে তেওঁক ‘গাধা’ ছাত্ৰৰূপে পৰিগণিত কৰাৰ বাবে সেই গুণৰাজি সমূহ পোহৰলৈ অহা নাই আৰু ছাত্ৰজনকো মানসিকভাৱে হতাশাগ্ৰস্ত কৰি তুলিছে৷ গতিকে অচিৰেই এই ব্যৱস্থাটোত আমূল পৰিৱৰ্তন ঘটাটো অসমৰ সমাজ জীৱনৰ বাবে গুৰুত্বপূৰ্ণ৷






