Logo
image

ভাৰ্চুৱেল সুকৃতিৰ ‘মৃত্যু’ত মৰ্মাহত নেট নাগৰিক

আমাৰ অসম, ১৩ জুনঃ KILLING OFF. ডাঃ সুকৃতি চৌধুৰীক মাৰি পেলোৱা হ’ল৷ ডাঃ সুকৃতি চৌধুৰীৰ নিধন হ’ল জাপানৰ ওছাকাত৷ ঠিক সেইদৰে, যিদৰে ছাৰ আৰ্থাৰ কনান ডয়েলৰ বিখ্যাত চৰিত্ৰ চাৰ্লক হোমছৰ মৃত্যু হৈছিল ‘ৰাইখবাচ ফলছ’ৰ সমীপত তেওঁৰ শত্ৰু প্ৰফেছাৰ মৰিয়েট্ৰীৰ হাতত৷ চাৰ্লক হোমৰ মৃত্যু হৈছিল– নহয়, তেওঁৰ মৃত্যু ঘটোৱা হৈছিল লিখকৰ ইচ্ছাত৷ কাৰণ ছাৰ আৰ্থাৰ কনান ডয়েলে চাৰ্লক হোমছক লৈ আৰু কোনো কাহিনী ৰচনা কৰিবলৈ ইচ্ছা কৰা নাছিল৷ সেয়ে তেওঁ নিজৰেই সৃষ্ট অমৰ চৰিত্ৰ, অগাধ বুৎপত্তি থকা ডিটেকটিভ চাৰ্লক হোমছক মৰিবলৈ এৰি দিছিল– ‘দ্য ফাইনেল প্ৰব্লেম’ত আৰু তাৰ লগে লগে অন্ত পৰিছিল চাৰ্লক হোমছৰ এডভেন্সাৰ৷ সেয়া আছিল KILLING OFF, এটা চৰিত্ৰক চিৰবিদায়৷ হয়, কোনো ফিক্‌চন, চিনেমা টেলিভিছন, ভিডিঅ’ গেম কিম্বা এনিমেৰ পৰা মূল চৰিত্ৰ অথবা জনপ্ৰিয় চৰিত্ৰক যেতিয়া চিৰতৰে আঁতৰাই পেলোৱা হয়, তাক ‘কিলিং অফ’ বুলিয়েই বৰ্ণনা কৰা হয়, কিন্তু সেই চৰিত্ৰৰ স্মৃতি অনুৰাগীৰ মনত চিৰস্মৰণীয় হৈ ৰয়৷ ডাঃ সুকৃতি চৌধুৰীৰ পৰিণতিও হ’ল ‘কিলিং অফ’ [KILLING OFF]৷ ডাঃ সুকৃতি চৌধুৰীৰ ‘কিলিং অফ’ৰ ঘটনাত অসমৰ নেট দুনিয়া শোকসাগৰৰ ছুনামিত উটি ভাঁহি গ’ল৷ মৰ্মাহত হৈ পৰিল নেটাগৰিক৷ খ্যাত-অখ্যাত, নামী-দামী, কবি-সাহিত্যিক, চিকিৎসক-অধিবক্তাকে ধৰি হাজাৰ হাজাৰ অসমীয়াই ছ’চিয়েল মিডিয়াত দেওবাৰে ডাঃ সুকৃতি চৌধুৰীৰ ‘মৃত্যু’ৰ খবৰ পাই শোকত উঠলি উঠিল৷ ৰাজ্যৰ অনেক বিখ্যাত ব্যক্তিত্বই, লাগিলে তেওঁ চিকিৎসকেই হওঁক কিম্বা বিতৰ্কিত লিখক-অধিবক্তা, জীৱনত কোনোদিনেই দেখি নোপোৱা ডাঃ সুকৃতি চৌধুৰীৰ মৃত্যুৰ খবৰত ছ’চিয়েল মিডিয়াত দীঘল দীঘল শোকগাঠা লিখি পেলালে৷ কাক কাক এই মৃত্যুৱে চকুপানী ওলোৱাৰ উপক্ৰম ঘটালে, তাকো বৰ্ণনা কৰিলে ছ’চিয়েল মিডিয়াৰ পৃষ্ঠাত৷ তাৰে অনেক অখ্যাত নেটাগৰিকে জনালে, কিদৰে তেওঁলোক উপকৃত হৈছিল ডাঃ সুকৃতি চৌধুৰীৰ পৰা৷ তেওঁলোকৰ বাবে ডাঃ সুকৃতি চৌধুৰী কেৱল মনঃস্তত্ববিদ চিকিৎসকেই নাছিল, চিকিৎসা সম্পৰ্কীয় উপদেশৰ উপৰি আন আন বিষয়ৰ সমস্যাতো তেওঁলোকক সুদুৰ ওছাকাৰ পৰা সহায় কৰিছিল ডাঃ সুকৃতি চৌধুৰীয়ে৷ ডাঃ সুকৃতি চৌধুৰী ছ’চিয়েল মিডিয়াত একেধাৰে নিবন্ধকাৰ, কবি, গল্পকাৰ আছিল৷ তেওঁৰ বক্তব্যই ছ’চিয়েল মিডিয়াৰ নেটিজেনৰ হৃদয় স্পৰ্শ কৰি গৈছিল৷ সাহিত্য সম্পৰ্কীয় কেইবাটাও গ্ৰুপত একেৰাহে লিখিছিল ডাঃ সুকৃতি চৌধুৰীয়ে৷ নিজৰ কেইবাহাজাৰ ফেচবুক-বন্ধুৰ উপৰি তেওঁ এই গ্ৰুপৰ জৰিয়তে সৃষ্টি কৰিছিল অলেখ অনুৰাগী৷ কিয়নো ছোৱালীজনী আছিল ঘাটমাউৰা৷ ডাঃ সুকৃতি চৌধুৰীয়ে ফেচবুকৰ জৰিয়তে প্ৰকাশ কৰা মতে, তেওঁৰ পিতৃক সৰুতেই সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল৷ মাতৃৰো মৃত্যু হৈছিল সন্ত্ৰাসবাদীৰ হাতত৷ আনকি ডাঃ সুকৃতি চৌধুৰীৰ শৰীৰো ভেদি গৈছিল গুলীয়ে৷ তেওঁ প্ৰায় আত্মগোপন কৰাৰ দৰে গুৱাহাটীত থাকি গুৱাহাটী মেডিকেল কলেজৰ পৰা এম বি বি এছ পাছ কৰিছিল৷ তাৰ পাছত এজন সহৃদয় ব্যক্তিৰ সহায়ত তেওঁ উচ্ছ শিক্ষাৰ বাবে জাপানৰ ওছাকালৈ গুচি গৈছিল আৰু চাইকিয়াট্ৰিষ্ট হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল৷ তাৰ পূৰ্বে তেওঁ উত্তৰ প্ৰদেশ চৰকাৰৰ অধীনত চিকিৎসক হিচাপে চাকৰিও কৰিছিল৷ ৰাজ্যৰ বহু খ্যাতনামা ব্যক্তি তেওঁৰ ফেচবুকৰ বন্ধুৰ তালিকাত আছিল৷ তেওঁলোক ডাঃ সুকৃতি চৌধুৰীৰ সুখত সুখী হৈছিল, দুখত ভাগি পৰিছিল, সমব্যথী হৈছিল৷ হোৱাৰে কথা৷ তেওঁ ফেচবুকত দিয়া প্ৰফাইলৰ ফটোখনো আছিল আবেদনময়ী৷ তেনে সুন্দৰী দেখি নেটাগৰিকৰ মোহ, বাসনা জগাৰে কথা৷

ৰাজ্যৰ ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয় ‘মুখ’ সেই ডাঃ সুকৃতি চৌধুৰীৰ শনিবাৰে ‘কিলিং অফ’ হ’ল৷ অনেকেই ছ’চিয়েল মিডিয়াতে ‘এপিটাফ’ লিখি জনালে দৰদী চিকিৎসকগৰাকীৰ মৃত্যুৰ খবৰ৷ ডাঃ সুকৃতি চৌধুৰী, এম বি বি এছ [চাইকিয়াট্ৰি], অথৰ, চাইকিয়াট্ৰিষ্ট, হিউমেনিষ্ট৷ জন্ম ১৪ ফেব্ৰুৱাৰী, ১৯৯৪ চন, নলবাৰী, অসম৷ মৃত্যু ১১ জুন, ২০২২, ওছাকা, জাপান৷ যোৱা ২৭ মাৰ্চতে ডাঃ সুকৃতি চৌধুৰীয়ে নিজৰ ফেচবুক একাউণ্টৰ ৱালত লিখিছিল– ‘নাজানো আৰু কিমান দিন... ক’ভিড পুনৰ হ’ল৷ অসুস্থতা বাঢ়ি গৈ আছে... উশাহ ল’বলৈকো কষ্ট... কেতিয়াবা যদি নোহোৱা হৈ যাওঁ মোক যেন পাহৰি যায়৷ এয়াই হাতযোৰ কৰি অনুৰোধ৷ ভাবি ল’ব যে এই নামৰ কাকো লগ পোৱাই নাছিল... মোৰ কোনো শব্দই যদি আপোনাক নূন্যতম আঘাত কৰিছিল তাৰবাবে ক্ষমা কৰি দিব৷ ডাঃ ৰবিৰ সংসাৰখন পূৰ্ণ কৰাৰ আগতেই হয়তো যামগৈ৷ বৰ ডাঙৰ ভুল হ’ল৷ বেচেৰাক অনাহকতে কষ্ট দিলো৷ তাক যেন কোনেও একো নকয়৷ সম্ভৱ হ’লে মোৰ অস্থি যেন মৰমৰ পাগলাদিয়াত বিসৰ্জন দিয়া হয়৷ সম্ভৱ নহ’লে নালাগে৷ মই অকনো বেয়া নাপাওঁ৷ মোৰ জমা টকাকেইটা অনাথায়লত ক’ত কেনেকৈ দিয়াটো বিচাৰো সেয়া ডায়েৰীৰ পাতত লিখা আছে...৷’ এই আপডেট দিয়াৰ প্ৰায় আঢ়ৈ মাহৰ পাছত দেওবাৰে ছ’চিয়েল মিডিয়াত ডাঃ সুকৃতি চৌধুৰীৰ ‘মৃত্যু’ৰ খবৰ প্ৰচাৰ হোৱাৰ লগে লগে নেটাগৰিকৰ হৃদয়ত বিনামেঘে বজ্ৰপাত৷ আক্ষৰিক অৰ্থতে ছ’চিয়েল মিডিয়াত শোকৰ ছুনামিৰ সৃষ্টি হ’ল৷ শোকৰ সাগৰত উটি গ’ল নেটিজেন, নেট নাগৰিক৷ বিশিষ্ট, বিদ্বান, কবি, সাহিত্যিক, অভিযন্তা, চিকিৎসক, সাংবাদিক, খ্যাত-অখ্যাত সকলো৷ 

দেওবাৰে ছ’চিয়েল মিডিয়াত শোকৰ ছুনামি সৃষ্টি হোৱাত, নেটাগৰিকৰ মাজত এই ‘মৃত্যু’ৱে প্ৰায় ভূমিকম্পৰ দৰে জোকাৰণিৰ সৃষ্টি কৰাত খা-খবৰ লৈ জানিব পৰা গ’ল– ডাঃ সুকৃতি চৌধুৰী নামৰ কোনো জীৱন্ত ব্যক্তি নাই৷  ডাঃ সুকৃতি চৌধুৰী প্ৰকৃততে এক  ভাৰ্চুৱেল চৰিত্ৰ৷ তেনে নামৰ কোনো যুৱতীয়ে গুৱাহাটী মেডিকেল কলেজত চিকিৎসা শাস্ত্ৰ পঢ়া নাই, জাপানৰ ওছাকাত  তেনে নামৰ কোনো অসমীয়া যুৱতী চিকিৎসকো নাই৷  ডাঃ সুকৃতি চৌধুৰীয়ে নিজৰ জন্মস্থান হিচাপে যি ঠিকনা দিছিল, নলবাৰীৰ নিজ পকোৱাত তেনে নামৰ কোনো যুৱতী নাই৷ তেওঁ বৰ্ণনা কৰাৰ দৰে সন্ত্ৰাসবাদীয়ে সেই সময়ত কাকো হত্যা কৰাৰ ঘটনা সংঘটিত হোৱা নাই৷ ‘আমাৰ অসম’ৰ অনুসন্ধানৰ অন্তত জানিব পৰা গ’ল  ডাঃ সুকৃতি চৌধুৰী কেইজনমান উৰ্বৰ মস্তিষ্কৰ অসমীয়া যুৱকৰ দ্বাৰা সৃষ্ট ছ’চিয়েল মিডিয়াৰ এটা ভাৰ্চুৱেল চৰিত্ৰ মাথোঁ৷ ক’ভিডৰ সময়ত যেতিয়া সমগ্ৰ দেশত লকডাউন আৰম্ভ হৈছিল, কোনো বাহিৰলৈ ওলাব নোৱাৰা হৈছিল, হাতত কাৰো কাম-কাজ নাছিল তেতিয়া সকলোৱে ম’বাইলটো তুলি লৈ ঘাইকৈ ছ’চিয়েল মিডিয়াত দিনটো ব্যস্ত হৈ আছিল৷ সেই সময়তে কেইজনমান অসমীয়া যুৱকে এই  ডাঃ সুকৃতি চৌধুৰী নামৰ এটা প্ৰফাইল খুলি ফেচবুকত নতুন এটা চৰিত্ৰৰ সৃষ্টি কৰে৷ এই চৰিত্ৰৰ সকলো বিষয়তে দক্ষতা আছিল৷ কম দিনৰ ভিতৰতে ছ’চিয়েল মিডিয়াৰ সেই ভাৰ্চুৱেল চৰিত্ৰ  ডাঃ সুকৃতি চৌধুৰীয়ে বিভিন্ন গ্ৰুপত লিখা-মেলা কৰিবলৈ ধৰি অনেকৰে দৃষ্টি আকৰ্ষণ কৰে৷ তেওঁৰ লিখাৰ পৰিসৰ আছিল বৃহৎ, বিষয়বস্তু আছিল ততোধিক বিশালাকাৰ৷ যিকোনো নেটাগৰিকে কৰা প্ৰশ্নৰ উত্তৰ সেই ভাৰ্চুৱেল চৰিত্ৰ  ডাঃ সুকৃতি চৌধুৰীয়ে যথাযথভাৱে দিছিল৷ সেয়ে নেটাগৰিক সকলো সন্তুষ্ট হৈছিল আৰু তেওঁৰ সৈতে অকৃত্ৰিমভাৱে এটা সম্পৰ্ক তৈয়াৰ কৰি লৈছিল৷ ফেচবুকত  ডাঃ সুকৃতি চৌধুৰীৰ সৈতে অনেক নেটাগৰিকৰ আত্মীয় সম্পৰ্ক গঢ়ি উঠিছিল৷ তেওঁলোকে কায়িকভাৱে  ডাঃ সুকৃতি চৌধুৰীক নেদেখিলেও সম্পৰ্কৰ গভীৰতা ইমান দ’লৈ গৈছিল যে, দেওবাৰে  ডাঃ সুকৃতি চৌধুৰীৰ মৃত্যুৰ খবৰ পাই সকলো ভাগি পৰিছিল৷ সকলোৱে দুখ প্ৰকাশ কৰিছিল আৰু ওছাকাৰ পৰা কেনেকৈ তেওঁৰ মৃতদেহ আনিব পাৰি তাৰো চিন্তা কৰিছিল৷ কিয়নো মৃত্যুৰ কেইমাহমান পূৰ্বে সেই ভাৰ্চুৱেল চৰিত্ৰ  ডাঃ সুকৃতি চৌধুৰীয়ে তেওঁৰ অস্থি নলবাৰীৰ পাগলাদিয়া নদীত উটুৱাবলৈ শেষ ইচ্ছা প্ৰকাশ কৰিছিল৷ পৰিস্থিতি এনে হৈছিলগৈ, পাগলাদিয়া নদীৰ পাৰত দেওবাৰে একাংশ ব্যক্তিয়ে  ডাঃ সুকৃতি চৌধুৰীৰ মৃত্যুত শোক প্ৰকাশ কৰি চাকি-বন্তিও জ্বলাইছিল৷ নিজ পকোৱা গাঁৱত গৈ উপস্থিত হৈছিল কেইবাটাও সংবাদ মাধ্যমৰ সাংবাদিক৷ আনকি বিখ্যাত গায়িকা অনিমা চৌধুৰীৰ সম্পৰ্কীয় বুলি খবৰ ওলোৱাত তেওঁৰ সৈতেও কেইবাজনো সাংবাদিকে যোগাযোগ কৰিছিল৷ পিছে নলবাৰীৰ নিজ পকোৱা গাঁৱৰ কোনো ব্যক্তিয়েই জাপানৰ ওছাকাত থকা  ডাঃ সুকৃতি চৌধুৰীৰ বিষয়ে একোৱেই নাজানে৷ তেনে নামৰ কোনো চিকিৎসক থকা বুলিও নিজ পকোৱা গাঁওবাসীয়ে নাজানে৷  অৱশ্যে তাৰ পূৰ্বেই ৰাজ্যৰ কেইবাটাও টিভি চেনেলে জাপানৰ ওছাকাত অসমৰ  কৃতী চিকিৎসক  ডাঃ সুকৃতি চৌধুৰীৰ মৃত্যু হোৱা বুলি ব্ৰেকিং নিউজো বজাবলৈ নেৰিলে৷ অসমৰ এজন বিশিষ্ট ব্যক্তিয়ে আনকি দেওবাৰে তেওঁৰ ফেচবুকৰ প্ৰফাইল পিকচাৰ সলনি কৰি ডাঃ সুকৃতি চৌধুৰীৰ ফটোকে লগালে৷ ইনাই-বিনাই তেওঁ ডাঃ সুকৃতি চৌধুৰীক স্বগীৰ্য় আত্মা বুলিও বৰ্ণনা কৰিলে৷ 

অৱশ্যে সকলো ঘটনাৰে একোটা পৰিণতি থাকে৷  ডাঃ সুকৃতি চৌধুৰীৰ জীৱদ্দশাৰো  পৰিণতি ঘটিল৷ তেওঁক KILLING OFF কৰিলে তেওঁৰেই স্ৰষ্টাই৷ ক’ভিডৰ অলস সময় পাৰ হৈ যোৱাৰ পাছত  ডাঃ সুকৃতি চৌধুৰীৰ নামত সৃষ্টি কৰা সেই ভাৰ্চুৱেল চৰিত্ৰক লৈ আৰু সময় দিব নোৱাৰা হ’ল সৃষ্টিকৰ্তাই৷ সেয়ে  ডাঃ সুকৃতি চৌধুৰীক KILLING OFF কৰিলে৷ অৱশ্যে তাৰ পূৰ্বেই তেওঁলোকে KILLING OFF প্ৰয়োজনীয় পৰিৱেশ সৃষ্টি কৰি লৈছিল৷ ঠিক ছাৰ আৰ্থাৰ কনান ডয়েলৰ চাৰ্লক হোমছৰ KILLING OFF দৰে৷ চাৰ্লক হোমছক কনান ডয়েলে ৰাইখবাচ জলপ্ৰপাতৰ সমীপত KILLING OFF কৰিছিল৷  ডাঃ সুকৃতি চৌধুৰীক তেওঁৰ সৃষ্টিকৰ্তাই KILLING OFF কৰিলে জাপানৰ ওছাকাত৷ শেষ হ’ল এটা অসমীয়া ভাৰ্চুৱেল চৰিত্ৰৰ, KILLING OFF জৰিয়তে৷

লগতে পঢ়কঃ  ড্ৰাগ, নৱপ্ৰজন্ম আৰু দুটা ঘৰুৱা বিধান