Logo
image

হৰমনৰ ভাৰসাম্য ৰক্ষাৰ বাবে এইধৰণৰ খাদ্য খাওক

বিভিন্ন ধৰণৰ ৰোগৰ কাৰক হিচাপে হৰমনৰ তাৰতম্যক চিহ্নিত কৰা হৈছে৷ থায়ৰয়েড, যকৃতৰ সমস্যা, অনিয়মীয়া খাদ্য গ্ৰহণ আদি কাৰণত শৰীৰত হৰমনৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে৷ এনে অৱস্থাত হৰমন ভাৰসাম্য নিয়ন্ত্ৰণ কৰি ৰাখিবৰ বাবে খাদ্যভাসৰ ওপৰত গুৰুত্ব দিব লাগে৷ শৰীৰ, মনৰ সুস্থতা বহু পৰিমাণে হৰমনৰ ওপৰত নিৰ্ভৰ কৰে৷ শৰীৰ সুস্থ কৰি ৰাখিবৰ বাবে হৰমনৰ সমতা অত্যন্ত প্ৰয়োজনীয়৷ হঠাৎ ওজন বৃদ্ধি, খিংখিঙীয়া স্বভাৱ, অলপতে ভাগৰ লগা যেন অনুভৱ হৰমনৰ তাৰতম্যৰ অভাৱতে হ’ব পাৰে৷ চুলি পকা, ছালৰ সমস্যা আদি হৰমনৰ সমতাৰ অভাৱৰ বাবেও হ’ব পাৰে৷ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিলে হৰমনৰ ভাৰসাম্যহীনতাৰ পৰা ৰক্ষা পাব পাৰি৷

কেনেধৰণ খাদ্যভাসে হৰমনৰ ভাৰসাম্য অটুট ৰাখে?

◾খাদ্য তালিকাত বিভিন্নৰঙী শাক-পাচলি ৰাখিব লাগে৷ প্ৰতিদিনৰ খাদ্য তালিকাত বিত, তৰমুজ, কেপচিকাম, ষ্ট’বেৰি, বন্ধাকবি, পালেং শাক আদি ৰাখিব লাগে৷ এনে ধৰণৰ শাক-পাচলি নিয়মীয়াকৈ খালে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাৰ উপৰি হৰমন নিয়ন্ত্ৰিত হৈ থাকে৷ 

◾শৰীৰৰ কৰ্মদক্ষতা বঢ়াবৰ বাবে ভাল ফেটৰ প্ৰয়োজন৷ এই ফেটৰ পৰাই হৰমন উৎপন্ন হয়৷ প্ৰতিদিনৰ খাদ্য তালিকাত কমেও এনেধৰণৰ  খাদ্য ৰাখিব লাগে যাৰ পৰা শৰীৰত হৰমনৰ ভাৰসাম্য বজাই ৰাখিব পৰা ফেট পাব পাৰি৷ এই ক্ষেত্ৰত ঘিউ, কাঠবাদাম, কণীৰ কুহুম, দৈ ভাল ফেটৰ প্ৰধান উৎস৷ 

◾হৰমন নিয়ন্ত্ৰিত কৰি ৰখাৰ বাবে চেনি খোৱাৰ পৰিমাণ কমাব লাগে৷ চেনি বেচিকৈ খালে শৰীৰত হৰমনৰ ভাৰসাম্য বিঘ্নিত হয়৷ বেছি চেনি খালে শৰীৰত লেপটিন নামৰ হৰমনৰ উৎপাদন হ্ৰাস পায়৷ ফলত ওজন বাঢ়ে আৰু শৰীৰত মেদবহুতাই দেখা দিয়ে৷ 

◾লিভাৰ সুস্থ থাকিলে শৰীৰত হৰমনৰ ভাৰসাম্য অটুট থাকে৷ সেইবাবে হৰমন নিয়ন্ত্ৰণ কৰি ৰখাৰ বাবেও লিভাৰ সুস্থ থকাতো প্ৰয়োজন৷ এইক্ষেত্ৰত পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব লাগে৷ লিভাৰ সুস্থৰ বাবে বিভিন্ন ধৰণৰ চাহ পান কৰিব পাৰে৷ চাহপানে শৰীৰত জমা হোৱা টক্সিন বাহিৰ কৰাত সহায় কৰে৷ যাৰ ফলত লিভাৰ সুৰক্ষিত হৈ থাকে৷ এইদৰে খাদ্যভাসৰ জৰিয়তে শৰীৰত হৰমন নিয়ন্ত্ৰিত কৰি ৰাখিব পাৰি৷ হৰমন নিয়ন্ত্ৰিত হৈ নাথাকিলে ই অন্যান্য ৰোগৰ কাৰণ হৈ পৰিব পাৰে৷