গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাৰ সমাধান কেতিয়া
কৃত্ৰিম বান যেন গুৱাহাটীৰ কেতিয়াও সমাধান কৰিব নোৱৰা সমস্যাত পৰিণত হৈছে৷ ৰাজ্যখনত যিটো পাৰ্টীৰ চৰকাৰেই নাথাকক কিয়, এই সমস্যাটোৰ স্থায়ী সমাধান এটা উলিওৱাত সদিচ্ছাৰ অভাৱ সকলোৰে দৃষ্টিগোচৰ হৈছে৷ প্ৰতিবাৰেই নিৰ্বাচনৰ পূৰ্বে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যাক অগ্ৰাধিকাৰ দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়া হয়৷ কিন্তু নিৰ্বাচনৰ পাছত সেই প্ৰতিশ্ৰুতি যেন কাৰোৱেই মনত নাথাকে৷ বাৰিষাৰ আগমনে গুৱাহাটীবাসীৰ বাবে যেন দুঃস্বপ্নহে কঢ়িয়াই আনে৷ কেতিয়া এই দুঃস্বপ্নৰ পৰা মুক্তি পাব? ইয়াৰ উত্তৰ কাৰো হাতত নাই৷ সোমবাৰে নিশাৰ ভাগত হোৱা মুষলধাৰ বৰষুণৰ ফলত চহৰখনৰ কেইবাটাও অঞ্চলত একঁকাল পৰ্যন্ত পানী জমা হোৱা দেখা গৈছিল৷ তাৰ লগতে ভূতৰ ওপৰত দানহ পৰাদি আছিল ভূমিস্খলনৰ ঘটনা৷ ভূমিস্খলনত চাৰিজনকৈ লোকে প্ৰাণো হেৰুৱাবলগীয়া হৈছিল৷ নাগৰিকক নিৰাপদ স্থানলৈ লৈ যোৱাৰ বাবে কেইবাটাও স্থানত এছ ডি আৰ এফৰো সহায় ল’বলগীয়া হৈছিল৷ যি সময়ত চৰকাৰৰ ফালৰ পৰা গুৱাহাটীক দেশৰ ভিতৰতে অন্যতম সুন্দৰ চহৰ হিচাপে গঢ়ি তোলাৰ কথা কোৱা হয়, তেনে সময়ত চহৰখনৰ কৃত্ৰিম বানৰ সমস্যাৰ স্থায়ী সমাধান ৰাজ্য চৰকাৰৰ বাবে হৈ পৰিছে এটা ডাঙৰ প্ৰত্যাহ্বান৷ চহৰখনৰ কৃত্ৰিম বানৰ মূল কাৰণটো হৈছে বৰষুণত জমা হোৱা পানী ওলাই যাব নোৱৰাটো৷ যধে-মধে নিৰ্মাণকাৰ্য চলি থকাৰ বাবে চহৰখনত মুকলি ঠাই অথবা জলাশয়বোৰ ক্ৰমাৎ নোহোৱা হ’ব ধৰিছে৷ ফলত নতুন নতুন অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিবলগীয়া হৈছে৷ এনেদৰেই যদি গুৱাহাটীত অপৰিকল্পিতভাৱে নিৰ্মাণকাৰ্য চলি থাকে তেন্তে চহৰখনৰ কৃত্ৰিম বানৰ সমস্যা কেতিয়াও সমাধান নহ’ব৷ বিগত সময়ছোৱাৰ ঘটনা প্ৰৱাহলৈ মন কৰিলে এটা কথা প্ৰতীয়মান হয় যে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ লগতে সংশ্লিষ্ট বিভাগৰ দূৰদৰ্শিতাৰ অভাৱ৷ বৰষুণৰ ফলত গুৱাহাটীত জমা হোৱা পানী বৃহৎ নলা খান্দি ব্ৰহ্মপুত্ৰ আৰু দীপৰ বিলত পেলোৱাৰ বাবে আঁচনি গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও সেই প্ৰতিশ্ৰুতিও চৰকাৰে পূৰণ কৰিব নোৱাৰিলে৷ এটা কথা সকলোৱে লক্ষ্য কৰিছে যে দীৰ্ঘ সময় ধৰি বৰষুণ হ’লে গুৱাহাটীৰ পাহাৰীয়া অঞ্চলবোৰৰ পৰা পানীৰ ধল নামে৷ এই পানীৰ সৈতে অহা পাহাৰৰ মাটি আৰু আৱৰ্জনাই ৰাজপথৰ লগতে থকা নৰ্দমাবোৰ বুৰাই পেলায়৷ এই সমস্যাৰ বাবে গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা নতুন নতুন স্থানলৈ সম্প্ৰসাৰিত হ’বলৈ ধৰিছে৷ আনহাতে, ভূমিস্খলনৰ সমস্যা সমাধান কৰিবলৈ হ’লে পাহাৰৰ মাটিত চলা বেদখল আৰু মাটি খন্দা বন্ধ কৰিব পাৰিব লাগিব৷
কৃত্ৰিম বান কেৱল গুৱাহাটীৰে সমস্যা নহয়৷ ভাৰতৰ কেইবাখনো চহৰত এই সমস্যা আছে৷ কিন্তু সেই ৰাজ্যৰ চৰকাৰে জমা হোৱা পানী বিজ্ঞানসন্মতভাৱে উলিয়াই পেলোৱাৰ ব্যৱস্থা কৰি এই সমস্যা সমাধানৰ ব্যৱস্থা কৰিছে৷ কিন্তু অসম এইক্ষেত্ৰত ব্যতিক্ৰম কিয়? গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাৰ সমাধান অসম্ভৱ বুলি ক’ব নোৱাৰি৷ বছৰি গুৱাহাটীত যি পৰিমাণৰ বৰষুণ হয়, তাৰ ফলত জমা হোৱাপানী বহন কৰিব পৰা বৃহৎ নলাৰ সৃষ্টি কৰিব লাগিব৷ চৰকাৰৰ সংশি¡ষ্ট বিভাগে নতুন নতুন অঞ্চলত দেখা দিব পৰা কৃত্ৰিম বান সমস্যাটোৰ বিষয়েও ভাবিব লাগিব৷ চৰকাৰ যদি সঁচাকৈয়ে গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ প্ৰতি আগ্ৰহী, তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ লৈ সেইমতে উপযুক্ত পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব৷ কেৱল প্ৰতিশ্ৰুতিৰে দায়িত্ব সামৰাৰ পৰিৱৰ্তে গুৱাহাটীবাসীৰ দুখ-দুৰ্গতিৰ প্ৰতিও নজৰ দিয়ক চৰকাৰে৷ সৌন্দৰ্যবৰ্ধনৰ বাবে যিমানেই ধন ব্যয় কৰা নহওক কিয়, কৃত্ৰিম বানৰ স্থায়ী সমাধান উলিয়াব নোৱাৰিলে গুৱাহাটীক দেশৰ ভিতৰতে অন্যতম সুন্দৰ চহৰ হিচাপে গঢ়ি তোলাৰ সপোন কেতিয়াও বাস্তৱায়িত নহ’ব৷






