Logo
image

শৰীৰত এই ধৰণৰ সমস্যাই দেখা দিলে কিডনি ৰোগৰ আশংকা প্ৰবল

আমাৰ অসম বিশেষঃ কিডনিজনিত ৰোগ ক্ৰমাৎ বৃদ্ধি পাইছে৷ বিভিন্ন বয়সৰ লোক কিডনিৰ বিভিন্ন ৰোগত আক্ৰান্ত হ’ব পাৰে৷ এই ৰোগ নীৰৱ ঘাতক স্বৰূপ৷ সাধাৰণতে উচ্ছ ৰক্তচাপ, ডায়েবেটিছ বা বংশগত কোনো বিশেষ ৰোগৰ প্ৰৱণতা থকা ৰোগ কিডনিজনিত ৰোগত সহজে আক্ৰান্ত হয়৷ দৈনন্দিন জীৱনত সৰু সৰু অনেক সমস্যাই পাছলৈ কিডনিৰ বাবে মাৰাত্মক হৈ পৰিব পাৰে৷ সেয়েহে এইকেইটা লক্ষণে দেখা দিলে সাৱধান হোৱা উচিত৷ 

কিডনি ৰোগৰ উপসৰ্গঃ

অসম্ভৱ ভাগৰঃ কিডনিয়ে কাৰ্যক্ষমতা হেৰুৱালে শৰীৰৰ পৰা টক্সিন ওলাই যোৱাত বাধাৰ সৃষ্টি হয় যাৰ ফলত তেজত অপ্ৰয়োজনীয় উপাদান ৰৈ যায়৷ ইয়াৰ ফলত অত্যন্ত ভাগৰ অনুভৱ হয়৷ 

নিদ্ৰাৰ সমস্যাঃ শৰীৰৰ পৰা টক্সিন ওলাই নোযোৱাৰ ফলত দেখা দিয়া বিভিন্ন সমস্যাৰ ভিতৰত নিদ্ৰাজনিত সমস্যাও অন্যতম৷ ভালদৰে টোপনি নাহিলে ইয়াৰ বাবে কিডনিজনিত ৰোগো কাৰণ হ’ব পাৰে৷

শুষ্কতাঃ কেতিয়াবা কিডনি ৰোগৰ লক্ষণ হিচাপে ছাল শুকান হৈ পৰিব পাৰে৷ 

সঘনাই প্ৰস্ৰাৱ কৰাৰ প্ৰৱণতাঃ কিডনিজনিত ৰোগৰ উপসৰ্গৰূপে সঘনাই প্ৰস্ৰাৱ কৰাৰ প্ৰৱণতাক চিহ্নিত কৰা হৈছে৷ প্ৰস্ৰাৱজনিত এনে সমস্যাৰ মূল কাৰণ হ’ব পাৰে কিডনিয়ে যথোচিতভাৱে কাম নকৰা৷

মূত্ৰজনিত ৰোগঃ সুস্থ কিডনিৰ কাম হ’ল– তেজত লোহিতকণাৰ মাত্ৰা নিয়ন্ত্ৰিত কৰি ৰখা৷ কিন্তু কিডনিজনিত সমস্যা থাকিলে এই ৰক্তকণিকা নিয়ন্ত্ৰণ কৰাত বাধাৰ সৃষ্টি হয়৷

মূত্ৰফেনঃ প্ৰস্ৰাৱ কৰোতে যদি ফেন উঠা লক্ষ্য কৰে তেতিয়াও সাৱধান হোৱা উচিত৷ যিহেতু এয়াও কিডনিজনিত বিকাৰৰ এক ইংগিত৷

চকু ফুলাঃ কেতিয়াবা চকুৰ তল-ওপৰ অংশ যদি ফুলি থকাৰ দৰে দৃষ্টিগোচৰ হয় তেতিয়াও সাৱধান হোৱা উচিত৷ যিহেতু এয়াও এক কিডনি ৰোগৰ লক্ষণ৷

খাদ্য গ্ৰহণত অনীহাঃ দীঘলীয়া সময়ৰ বাবে যদি কোনো খাদ্য খোৱাৰ প্ৰতি স্পৃহা কমি যায় সেয়াও এক কিডনি ৰোগৰ লক্ষণ হ’ব পাৰে৷ তেজত টক্সিনৰ সমস্যাই দেখা দিলে কেলছিয়ামৰ মাত্ৰা কমি যায় আৰু অনিয়ন্ত্ৰিতভাৱে ফছফৰাচ বৃদ্ধি পায়৷ যাৰ ফলত কিডনিৰ বিকাৰ ঘটিব পাৰে৷ সেয়েহে এনেধৰণৰ লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ শীঘ্ৰে লোৱা উচিত৷