Logo
image

ডেৰ বছৰত দহ লাখ নিযুক্তি ঘোষণা মোদীৰ

আমাৰ অসম, ১৫ জুনঃ অহা ডেৰ বছৰত কেন্দ্ৰীয় চৰকাৰে ১০ লাখ নিবনুৱা যুৱক-যুৱতীক দিব নিযুক্তি৷ মিছন ম’ডত কেন্দ্ৰীয় চৰকাৰে দিব এই বৃহৎ নিযুক্তি৷ মঙলবাৰে টুইটযোগে এই কথা সদৰি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সকলো বিভাগৰ মানৱ সম্পদৰ স্থিতি পৰ্যালোচনা কৰি এই কথা টুইটযোগে ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই সন্দৰ্ভত মঙলবাৰে এটা টুইট কৰে৷ টুইটটোত কোৱা হয়–‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো বিভাগ আৰু মন্ত্ৰালয়ৰ মানৱ সম্পদ স্থিতিৰ পৰ্যালোচনা কৰে আৰু অহা ডেৰ বছৰত মিচন ম’ডত চৰকাৰৰ দ্বাৰা ১০ লাখ লোকক নিযুক্তি দিবলৈ নিৰ্দেশ দিয়ে৷’ ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীয়ে এই লক্ষ্য নিৰ্ধাৰণ কৰি নিযুক্তি নিশ্চিত কৰিবলৈ প্ৰতিটো বিভাগক আৰু বিভাগীয় মন্ত্ৰীক কঠোৰ নিৰ্দেশ দিছে৷ উল্লেখ্য ২০১৪ লোকসভাৰ নিৰ্বাচনৰ সময় বিজেপি শাসনলৈ আহিলে বছৰি ২ লাখ নিবনুৱা যুৱক-যুৱতীক নিযুক্তি দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল৷ নিবনুৱা সমস্যাই জুৰুলা কৰা দেশ ভাৰতবৰ্ষত এনে ব্যাপক নিযুক্তিৰ ঘোষণা নিশ্চিতভাৱে আশাব্যঞ্জক খবৰ৷ অৱশ্যে প্ৰধানমন্ত্ৰী মোদীৰ এই ঘোষণা কিমান কাৰ্যকৰী হয় সেয়াও আগন্তুক ডেৰ বছৰত স্পষ্ট হৈ পৰিব৷ স্মৰ্তব্য, প্ৰধানমন্ত্ৰী মোদীৰ পূৰ্বৰ এনে বহু ঘোষণা ঘোষণাতে ৰৈ যোৱাৰ উদাহৰণ বহুত আছে৷

অগ্নিপথ/ নৱপ্ৰজন্মক সেনাবাহিনীত যোগ দিয়াৰ পথ দেখুৱালে ৰাজনাথ সিঙে

নৱ প্ৰজন্মক সেনা বাহিনীত যোগ দিয়াৰ পথ দেখুৱালে কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে৷ ‘অগ্নিপথ’ নামৰ এখন আঁচনিৰ জৰিয়তে দেশৰ নৱপ্ৰজন্মক সেনা বাহিনীত যোগদান কৰাৰ পথ দেখুৱালে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীজনে৷ ভাৰতৰ সেনা বাহিনীক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ সেনাবাহিনীৰূপে গঢ়ি তোলাৰ লক্ষ্য লৈ মঙলবাৰে এই সন্দৰ্ভত চূড়ান্তভাৱে লোৱা হয় এক ঐতিহাসিক সিদ্ধান্ত৷ দেশৰ তিনিওটা সেনা-বাহিনীত সেনা নিযুক্তিৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰে অগ্নিপথ নামৰ আঁচনিখন৷ অগ্নিপথ নামৰ আঁচনিখনত সুৰক্ষা সম্পৰ্কীয় কেবিনেটে অনুমোদন জনোৱাৰ পাছতে সেনা বাহিনীত নিযুক্তিৰ ক্ষেত্ৰত সূচনা হয় এক নতুন অধ্যায়ৰ৷ এই আঁচনিখনত অধীনত ৪ বছৰৰ বাবে সেনা বাহিনীত দিয়া হ’ব নিযুক্তি৷ কম বয়সৰ যুৱক-যুৱতীৰ বাবে থাকিব নিয়োগিৰ সুবিধা৷ আৱেদনকাৰীৰ বয়স হ’ব ১৭-২১ বছৰৰ ভিতৰত৷ নিৰ্দিষ্ট নীতি নিয়ম, সাক্ষাৎকাৰৰ ভিত্তিত নিযুক্তি পোৱা সকলক কোৱা হ’ব ‘অগ্নিবীৰ’৷ প্ৰাৰম্ভিক পৰ্যায়ত দক্ষতা অনুসৰি তিনিওটা বাহিনীত নিয়োগ কৰা হ’ব অগ্নিবীৰসকলক৷ ইয়াৰ পাছত ২৫ শতাংশ অগ্নিবীৰক ১৫ বছৰৰ বাবে সেনাত নিযুক্তি দিয়া হ’ব৷ অন্যান্য খণ্ডতো নিযুক্তি লাভৰ সুযোগ ল’ব পাৰিব অগ্নিবীৰসকলে৷ মাহিলী ৩০-৪০ হাজাৰ টকা পাব দৰমহা৷ অব্যাহতিৰ পাছত পাবলগীয়া সা-সুবিধাও হ’ব অতি আকৰ্ষণীয়৷ সম্প্ৰতি ভাৰতৰ সেনা জোৱানৰ গড় বয়স ৩২ বছৰ৷ এই আঁচনিৰ কাৰ্যকৰী হোৱাৰ পাছত ভাৰতীয় সেনাৰ গড় বয়স ২৬ বছৰলৈ হ্ৰাস পাব৷ উল্লেখ্য, সেনা বিভাগত নিযুক্তিৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে দিল্লীৰ নেছনেল মিডিয়া চেণ্টাৰত ঘোষণা কৰে ‘অগ্নিপথ’ শীৰ্ষক এখন অভিলাসী আঁচনিখন৷  আঁচনিখন মুকলি কৰি কেন্দ্ৰীয় মন্ত্ৰী সিঙে কয়–ভাৰতৰ যুৱ প্ৰজন্মক সেনা বিভাগত নিযুক্তি লাভ কৰিবলৈ সুযোগ প্ৰদানৰ বাবে ‘অগ্নিপথ’ আঁচনি হাতত লোৱা হৈছে৷ এই আঁচনিয়ে যুৱ প্ৰজন্মক নতুন প্ৰযুক্তি সন্দৰ্ভত জনাৰ সুযোগ দিয়াৰ উপৰি তেওঁলোকৰ সুস্বাস্থ্য অটুত ৰখাটো প্ৰভূত বৰঙণি আগবঢ়াব৷ উক্ত আঁচনি ঘোষণাৰ সময়ত কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে উপস্থিত থাকে তিনি সেনাৰ মুৰব্বী জেনেৰেল মনোজ পাণ্ডে, এয়াৰ চিফ মাৰ্শ্বাল ভি আৰ চৌধাৰী আৰু এডমাইৰেল আৰ হৰি কুমাৰ৷