Logo
image

ঘৰৰ পৰা নোলাব! স্কুল বন্ধৰ পৰামৰ্শ প্ৰশাসনৰ, অফিচলৈ যাব পৰা নাই কৰ্মচাৰী

আমাৰ অসম, ১৫ জুনঃ সোমবাৰে নিশাৰে পৰা অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীত কৃত্ৰিম বানে পৰিস্থিতি অধিক জটিল কৰি তুলিছে৷ বিভিন্ন এলেকাৰ পথ, উপ-পথ বানত বুৰ যোৱাত গৃহবন্দী হৈ পৰে মহানগৰবাসী৷ ইপিনে বৰষুণৰ মাজতে মঙলবাৰে পুৱা স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীসকল নিজ নিজ কৰ্মক্ষেত্ৰলৈ ওলাই আহে যদিও বিভিন্ন পথত কৃত্ৰিম বানত আৱদ্ধ হৈ পৰে বহুজন৷ মহানগৰীৰ পৰিস্থিতি প্ৰতি মুহূৰ্ততে অধিক জটিল পৰ্যায়লৈ গতি কৰিছে যদিও নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ মঙলবাৰে দুপৰীয়া পৰ্যন্ত গুৱাহাটীত উপস্থিত নাছিল উপায়ুক্ত আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ৷ অৱশ্যে বান-ভূমিস্খলনত ৫ জন লোকৰ মৃত্যু হোৱাৰ খবৰ নিশ্চিত হোৱাৰ পাছতেই যেন সম্বিৎ ঘূৰি আহে প্ৰশাসনৰ৷ ফলত মঙলবাৰে দিনৰ প্ৰায় ১১.৩০ বজাত জিলা প্ৰশাসনৰ ফালৰ পৰা প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি কৃত্ৰিম বানৰ পৰিপ্ৰেক্ষিতত নাগৰিকক অপ্ৰয়োজনত ঘৰৰ পৰা বাহিৰ ওলোৱাত প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰে৷ তদুপৰি ভূমিস্খলন প্ৰৱণ আৰু জলমগ্ন এলেকাৰ পৰা নাগৰিকক নিৰাপদ স্থানত ৰাইজক আশ্ৰয় লোৱাৰ বাবেও আহ্বান জনায়৷ জৰুৰীকালীন পৰিস্থিতিৰ বাবে প্ৰশাসনৰ ফালৰ পৰা গুৱাহাটীবাসীক যোগাযোগৰ বাবে হেল্প লাইন নম্বৰ মুকলি কৰে৷ প্ৰশাসনে নাগৰিকক ঘৰৰ বাহিৰলৈ ওলোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই যদিও মঙলবাৰৰ দিনটোত শিক্ষানুষ্ঠান আৰু অফিচ-কাছাৰী বন্ধৰ সন্দৰ্ভত কোনো নিৰ্দেশ নিদিয়াত ভয়ংকৰ দুৰ্যোগৰ মুখত পৰে ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকল৷ পুৱা স্কুল বাছত উঠি বিদ্যালয়লৈ অহা কণ কণ ছাত্ৰ-ছাত্ৰীসকলে কৃত্ৰিম বানত এক প্ৰকাৰ দিশহাৰা হৈ পৰা দেখা যায়৷ ইপিনে মহানগৰীৰ মূল পথকেইটাৰ বিভিন্ন অংশ পানীত ডুব গৈ থকাত ব্যক্তিগত বাহনত পানী সোমাই বিকল হৈ পৰাত যমৰ-যন্ত্ৰণা ভোগ কৰিবলগীয়া হয় একাংশ কৰ্মচাৰীয়ে৷ কৃত্ৰিম বানৰ বাবে আৰক্ষীয়ে জু-ৰোডত যান-বাহনৰ চলাচল বন্ধ কৰি দিয়ে৷ আনহাতে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙেও ছ’চিয়েল মিডিয়া যোগে নাগৰিকক বিনা কাৰণত ঘৰৰ বাহিৰ নোলাবলৈ আহ্বান জনোৱা দেখা যায়৷ অৱশ্যে সম্ভাব্য বৰষুণৰ পৰিপ্ৰেক্ষিততে কামৰূপ মহানগৰ জিলা প্ৰশাসনে বুধবাৰে গুৱাহাটীৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে৷ অৱশ্যে পূৰ্বে পৰীক্ষা সূচী ঘোষিত শিক্ষানুষ্ঠান সমূহক বন্ধৰ পৰা ৰেহাই দিয়া হৈছে৷ অসম জাতীয় বিদ্যালয়ে কাইলৈ শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা বুলি জানিবলৈ দিছে৷ লক্ষণীয় বিষয়টো হৈছে  বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কীকৰণৰ পৰিপ্ৰেক্ষিততে শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিলেও চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বন্ধ ৰখাৰ কোনো নিৰ্দেশনা প্ৰশাসনে এই মুহূৰ্তলৈ জাৰি কৰা নাই৷ স্বাভাৱিকতেই বৰষুণ বেছি হ’লে কাইলৈ চৰকাৰী-বেচৰকাৰী কৰ্মচাৰী সকলো সমস্যাত পৰাৰ আশংকা অধিক৷ সম্ভৱত জলবন্দী বহু কৰ্মচাৰীয়ে কাইলৈ কাৰ্যালয়লৈ আহিবলৈও সক্ষম নহ’ব৷ ইপিনে কৃত্ৰিম বানৰ কবলত পৰা নাগৰিকৰ সহায়ৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে দুটাকৈ আশ্ৰয় শিবিৰ স্থাপন কৰিছে৷ অনিলনগৰৰ ৰাষ্ট্ৰীয় ভাষা প্ৰভাকৰ হিন্দী হাইস্কুলত প্ৰশাসনে এটা আশ্ৰয় শিবিৰ মুকলি কৰিছে৷ অৱশ্যে মহানগৰবাসীৰ যিকোনো জুৰুৰী অৱস্থাৰ বাবে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াক ৯৫০৮২-০৯৬৮৬, ফিল্ড অফিচাৰ গুৱাহাটী [ডি ডি এম এ]ক ৯৭০৭৭-২৭৪২২ অথবা দিছপুৰ ৰাজহ চক্ৰ বিষয়াক ৮৩৭৬০-২৯৯৮৪, ফিল্ড অফিচাৰক দিছপুৰ [ডি ডি এম এ]ক ৮৮৭৬০-৮৬৪৮৮ নম্বৰত অথবা প্ৰশাসনৰ ট’ল ফ্ৰী নং ১০৭৭/৯৩৬৫৪-২৯৩১৪ নম্বৰত যোগাযোগ কৰিবলৈ প্ৰশাসনে আহ্বান জনাইছে৷