Logo
image

সীমাহীন দুৰ্দশা, বহু পৰিয়াল প্ৰায় সৰ্বস্বান্ত

আমাৰ অসম, ১৫ জুনঃ কেইবাশ কিলোমিটাৰ দূৰৈৰ পৰা, কোনো মফচলীয় চহৰ কিম্বা গাঁৱৰ পৰা যেতিয়া এটি কিশোৰ বা এজন তৰুণ শিক্ষা অথবা সংস্থাপনৰ বাবে গুৱাহাটী চহৰত আহি উপস্থিত হয়, তেতিয়া স্বাভাৱিকতে তেওঁ পাহাৰেৰে ঘেৰা বিশাল ব্ৰহ্মপুত্ৰৰ পাৰৰ মহানগৰীখনৰ সৌন্দৰ্য দেখি মোহাবিষ্ট হয়৷ কিয়নো শৰৎ কিম্বা শীতকালত গুৱাহাটীৰ সৌন্দৰ্য মোহনীয়৷ কমেও ১৬ টাকৈ পাহাৰে জালুকবাৰীৰ পৰা খানাপাৰালৈকে চৌদিশে গুৱাহাটীক আৱৰি আছে৷ সেয়ে গুৱাহাটীৰ মাজমজিয়াত থিয় হৈ মহানগৰীখনলৈ নতুনকৈ অহা কিশোৰ বা তৰুণজনে যদি চাৰিওফালে এবাৰ দৃষ্টি দিয়ে তেন্তে তেওঁ স্বাভাৱিকতে গুৱাহাটীৰ প্ৰেমত পৰিব৷ পিছে সেই কিশোৰ বা তৰুণজন যেতিয়া বয়সত পৰিণত হয় আৰু গুৱাহাটীৰ স্থায়ী বাসিন্দা হৈ পৰে তেতিয়া মহানগৰীৰ কৃত্ৰিমবান আৰু খোৱাপানীৰ অভাৱে তেওঁক অৱধাৰিতভাৱে এজন চৰম অসন্তুষ্ট নাগৰিকত পৰিণত কৰে৷ তেনে ব্যক্তিজন যদি উচ্ছ পদবীত সংস্থাপিত, তেন্তে তেওঁৰ বাসস্থান হ’ব পাৰে সুউচ্ছ নিজস্ব অট্টালিকা অথবা ‘হাই ৰাইজ’ এপাৰ্টমেণ্ট৷ তেওঁৰ অট্টালিকা অথবা এপাৰ্টমেণ্টক গুৱাহাটীৰ কৃত্ৰিম বানে বুৰাব নোৱাৰে৷ কিন্তু একেসময়তে তেওঁ বাসগৃহৰ পৰা বাহিৰলৈও ওলাব নোৱাৰে৷ অনাৰ্থত তেওঁ মহানগৰীত থাকিও গৃহবন্দী৷ যিটো পৰিস্থিতি সৃষ্টি হৈছে মঙলবাৰে৷ কিয়নো উচ্ছ অট্টালিকাক বুৰাব নোৱাৰিলেও সমগ্ৰ গুৱাহাটী মহানগৰৰ কমেও ৬০ শতাংশ স্থান মঙলবাৰে পানীৰ গৰ্ভত৷ সোমবাৰে নিশাৰ পৰা আৰম্ভ হোৱা নেৰানেপেৰা বৰষুণে আক্ষৰিক অৰ্থতে সমগ্ৰ মহানগৰখন বুৰাই পেলাইছে৷ গুৱাহাটীৰ বাট-পথ, হাজাৰ হাজাৰ ঘৰ, দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান মঙলবাৰে পানীৰ তলত৷ এনে পৰিস্থিতিৰ বাবে পানীৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান কৰি থকাজনো ঘৰৰ পৰা ওলাব পৰা নাই৷ পৰোক্ষভাৱে হ’লেও ক্ষতিগ্ৰস্ত হৈছে তেওঁ৷ ঘৰৰ পৰা ওলাই কাৰ্যালয় বা বাণিজ্যিক প্ৰতিষ্ঠানলৈ যোৱাৰ বাবে মঙলবাৰে গুৱাহাটীত স্বৰূপাৰ্থতে পানী নোহোৱা কোনো পথেই নাই৷ যি দিশেৰেই নাহক কিয়, যি পথেই নলওক কিয়– তেওঁ পানীৰ ওপৰেৰে যাবই লাগিব৷ হয় পানীৰ মাজেৰে নদীসদৃশ হৈ পৰা পথত খোজ কাঢ়ি অথবা তেওঁ যাব লাগিব নিজৰ বাহন আধালৈকে পানীত বুৰি যোৱা সাধ্যাতীত এক দুৰূহ যাত্ৰাৰে৷ সেই যাত্ৰাত তেওঁ ক্ষতিগ্ৰস্ত হোৱাটো অৱধাৰিত৷ আন একো নহ’লেও অন্ততঃ তেওঁৰ বাহনখনেই ক্ষতিগ্ৰস্ত হ’ব৷

কোৱা বাহুল্য মাথোঁ, গুৱাহাটীত সোমবাৰৰ নিশাৰ পৰা ১২ ঘণ্টা সময়ৰ ভিতৰত গড়ে ৮১ মিলিমিটাৰ বৃষ্টিপাত হৈছে৷ ৬৫ মিলিমিটাৰৰ অধিক বৰষুণ হ’লেই বতৰ বিজ্ঞানৰ ভাষাত তাক  ধাৰাষাৰ বৰষুণ বুলি কোৱা হয়৷ পাণ্ডু অঞ্চলত এই সময়ছোৱাত সৰ্বাধিক ১৩১.৩ মিলিমিটাৰ বৰষুণ হৈছে৷ যিখন চহৰত ২০ মিলিমিটাৰ বা তাতকৈ কম বৃষ্টিপাত হ’লেই বিভিন্ন পথ আৰু অঞ্চল পানীৰে ভৰি পৰে, সেই গুৱাহাটীত গড়ে  ৮১  মিলিমিটাৰ বৰষুণ হৈছে আৰু ঠাই বিশেষে তাতকৈ অধিক বৰষুণ হৈছে, তেনেক্ষেত্ৰত সেই  গুৱাহাটী মঙলবাৰে কৃত্ৰিম বানপানীৰে ওপঙি থকাটো তেনেই স্বাভাৱিক ঘটনা৷ পিছে বতৰ বিজ্ঞানৰ ভাষাত  এই স্বাভাৱিক ঘটনাই মহানগৰবাসীক সম্পূৰ্ণৰূপে বিপৰ্যস্ত কৰি তুলিছে৷ কিয়নো মহানগৰীৰ বিভিন্নজনৰ ঘৰত  মঙলবাৰে পানী সোমাইছে৷ শ শ ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান পোহাৰত পানী সোমাইছে৷ সেই পানীয়ে ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত কৰি তুলিছে ভুক্তভোগীক৷ এজন কিতাপৰ প্ৰকাশকৰ দোকানত ইমানেই বেছিকৈ পানী সোমাইছে যে তেওঁ প্ৰকাশৰ বাবে ছপা কৰি ৰখা অনেক লোকৰ সকলো কিতাপ একেকোবেই নষ্ট হৈ গৈছে৷ টিভিৰ কেমেৰালৈ চাই তেওঁ কৈছে– জীৱনত মই এই ক্ষতি পূৰণ কৰিব নোৱাৰিম৷ মোৰ ভৱিষ্যৎ কি হ’ব? একেধৰণৰ অৱস্থা হৈছে হাজাৰ হাজাৰ ঘৰত, পানী সোমাই ঘৰৰ সামগ্ৰী নষ্ট কৰা গৰাকীৰো৷ একেদৰে পানীৰ মাজেৰে দুচকীয়া অথবা চাৰিচকীয়া বাহন চলাই যোৱা অনেকৰে বাইক-গাড়ী পানীৰ মাজত সোমাই নষ্ট হৈ গৈছে৷ এনেদৰে ক্ষতিগ্ৰস্ত হোৱা গৰিষ্ঠসংখ্যক ব্যৱসায়ীৰে তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কোনো বীমা নাই, য’ৰ পৰা তেওঁ ক্ষতিপূৰণ আদায় কৰিব পাৰে৷ আনহাতে, পানীৰ মাজত সোমাই গাড়ী বা বাইকৰ ইঞ্জিন নষ্ট হৈ গ’লে বীমা কোম্পানীয়ে ৯৯ শতাংশ ক্ষেত্ৰতে ক্ষতিপূৰণ প্ৰদান নকৰে৷ তেনে ক্ষতিপূৰণৰ বাবে সাধাৰণ বীমাৰ লগতে বাহনখনৰ ‘এড অন’ বীমাৰ প্ৰয়োজন, য’ত পানীৰ মাজত সোমাই ইঞ্জিন নষ্ট হ’লেও তেওঁ ক্ষতিপূৰণ পাব পাৰে৷ সেয়ে মঙলবাৰে গুৱাহাটী মহানগৰীত লাখ লাখ বাসিন্দাৰ যি ক্ষতি হ’ল সেয়া অপূৰণীয়৷ কিয়নো ব্যক্তিগত ক্ষতিৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰীত চৰকাৰেও কাকো ক্ষতিপূৰণ প্ৰদান নকৰে৷ মঙলবাৰে মহানগৰীত ভূমিস্খলন হৈ চাৰিজন দুৰ্ভগীয়াৰ মৃত্যুও হৈছে৷ 

জালুকবাৰী-লংকেশ্বৰ, ফটাশিল, গোটানগৰ, খাৰঘুলি, নৱগ্ৰহ, নুনমাটি, নীলাচল, কালাপাহাৰ, নাৰেংগী, হেঙেৰাবাৰী, শৰণীয়া, নৰকাসুৰ, চুণচালি, কইনাধৰা, খানাপাৰা-আমছিং আৰু গড়ভঙাকে ধৰি গুৱাহাটীত মুঠতে ১৬ টা পাহাৰ আছে৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি এই পাহাৰসমূহৰ বাসিন্দাৰ সংখ্যা আছিল ৬৫,৮৯৪ জন৷  এতিয়া বিগত ১০ বছৰত সেই সংখ্যা কেইবালাখ হৈছে৷ বন বিভাগ অথবা আন চৰকাৰী মাটি দখল কৰি তেওঁলোকে তাত বসবাস কৰিছে আৰু ঘৰ সজাৰ উপযোগী কৰাৰ বাবে পাহাৰ খান্দি সমান কৰিছে৷ একেদৰে মহানগৰীত নিতৌ নিৰ্মাণ কৰা হাজাৰ হাজাৰ ঘৰৰ বাবে পাহাৰ কাটিয়েই মাটি আনি ভেটি বনোৱা হৈছে৷  ইয়াৰ ফলত গুৱাহাটীৰ জলবায়ু সলনি হৈ গৈছে আৰু পাহাৰত ভূমিস্খলনৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে৷ ২০০১ চনৰ পৰা ২০১৫ চনলৈকে তৰুণ গগৈ চৰকাৰৰ শীৰ্ষ স্থানীয় মন্ত্ৰী হৈ থকা হিমন্ত বিশ্ব শৰ্মা দীৰ্ঘদিন গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীও আছিল৷ প্ৰথম পৰ্যায়তে তেওঁ ‘গুৱাহাটী মাষ্টাৰ প্লেন-২০২৫’ প্ৰস্তুত কৰিছিল আৰু নিজেই ‘গুৱাহাটীৰ ল’ৰা’ হোৱাৰ বাবে মহানগৰীৰ সকলো সমস্যা অৱগত বুলি মন্তব্য কৰিছিল৷ এতিয়া তেওঁ অসমৰ মুখ্যমন্ত্ৰী৷ তেওঁ মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পৰা ২১ বছৰ পাৰ হ’ল কিন্তু গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা একে হৈয়ে থাকিল, বৰং বৃদ্ধিহে হ’ল৷ মঙলবাৰৰ দৰে পৰিস্থিতিত এতিয়া গুৱাহাটীবাসীয়ে কাক দুষিব? নিজক নে চৰকাৰক? এদিন যিজন কিশোৰ বা তৰুণে দুচকুত স্বপ্ন আৰু মনত মহানগৰীৰ বাসিন্দা হ’ব বুলি দুৰন্ত আশা লৈ আহিছিল, সেই ব্যক্তিজন এতিয়া বয়সত পৰিণত, কিন্তু মহানগৰীৰ এই জীৱনযাত্ৰাত তেওঁ চৰমভাৱে বীতশ্ৰদ্ধ৷

বিজেপি চৰকাৰৰ পৰিকল্পনাহীনতাৰ ফলতেই গুৱাহাটীত বানঃ ৰিপুন বৰা

গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যাৰ মূলতে বিজেপি চৰকাৰৰ পৰিকল্পনাহীনতা৷ গুৱাহাটীৰ কৃত্ৰিম বান সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এইদৰে সংবাদ মাধ্যমক কয়৷ সভাপতি বৰাই লগতে কয়– সোমবাৰে পুৱাৰে পৰা গুৱাহাটীৰ মহানগৰীৰ অবৰ্ণনীয় পৰিস্থিতি প্ৰত্যক্ষ কৰি মৰ্মাহত হৈছো৷ নাগৰিকে ঘৰতে আৱদ্ধ হ’বলগীয়া হৈছে৷ দোকান-পোহাৰ বন্ধ ৰাখিবলগীয়াত পৰিছে৷ কৃত্ৰিম বানৰ বাবে নাগৰিকে হাহাকাৰ কৰিবলগীয়া হৈছে৷ প্তজন লোকে প্ৰাণ হেৰুৱাইছে৷  পূৰ্বেই কেৱল নবীন নগৰ আৰু তৰুণ নগৰ কৃত্ৰিম বান হৈছিল৷ কিন্তু বিজেপিৰ বিগত ৬টা বছৰৰ শাসনকালত আজি সমগ্ৰ গুৱাহাটীখনেই নবীন নগৰ আৰু তৰুণ নগৰ হৈ পৰিল৷ বিজেপি চৰকাৰে ৬টা বছৰ গুৱাহাটীৰ উন্নয়নৰ বাবে একো নকৰিলে৷ বিজেপিৰ নেতাসকলৰ পৰিকল্পনাৰ অভাৱত গুৱাহাটীখন বিধবস্ত হৈ পৰিব৷ বিজেপিয়ে কেৱল চমকহে দিব জানে৷ কাম কৰাৰ মানসিকতা নাই৷ ২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ পিছতে গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটি কৰাৰ প্ৰতিশ্ৰুতি দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত গুৱাহাটীক বান মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দি সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই ভোটভিক্ষা কৰিছিল৷ দুয়োজন নেতাক ৰাইজে ভোট দি দিছপুৰৰ গাদীত বহুৱালে যদিও ৰাইজৰ সমস্যাক উপহাস কৰি কেৱল দিল্লীক সন্তুষ্ট কৰিবলৈ হয় হুজুৰ হয় হুজুৰ কৰি গ’ল৷ উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰ মুখ তথা ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ উন্নয়নক গুৰুত্ব নিদি কেৱল জাতি, বৰ্ণ, ধৰ্ম, মন্দিৰ-মছজিদৰ কথা কৈ ভোটৰ ৰাজনীতি কৰিলে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই৷ ঘৃণা আৰু বৈষম্যৰ ৰাজনীতি কৰি উন্নয়নক পিঠি দি কেৱল চমক সৃষ্টি কৰিলে৷ গুৱাহাটীত টুইন টাৱাৰ নিৰ্মাণ, ৰিং ৰোড, এক্ট ইষ্ট পলিচীৰ অধীনত গুৱাহাটীক দক্ষিণ-পূব এছিয়াৰ প্ৰাণকেন্দ্ৰ কৰাৰ প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতি হৈয়ে থাকিল৷  গুৱাহাটীক সেউজ-সুন্দৰ, গুৱাহাটী মহানগৰক সম্পূৰ্ণ বানমুক্ত কৰা, নৈশ যাত্ৰা কৰিব পৰাকৈ নাইট ভিজন শ্বিপৰ ব্যৱস্থা, আৱৰ্জনামুক্ত ¦£চ্ছ মহানগৰ, ছেটেলাইট টাউনশ্বিপকে ধৰি বহু ঘোষণাৰ পিছত ঘোষণা কৰিছিল বিজেপিয়ে৷ ৰাইজে ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক ভোট দিলে৷ ২০১৬ চন আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনতো বিজেপিক ভোট দিলে৷ কেন্দ্ৰ আৰু দিছপুৰত চৰকাৰ গঠন হ’ল৷ কিন্তু গুৱাহাটীবাসীক দিয়া প্ৰতিশ্ৰুতিবোৰ ফুটুকাৰ ফেন হৈ পৰিল৷ গুৱাহাটীবাসীক প্ৰতাৰণা কৰি কেৱল চমক সৃষ্টি কৰিলে৷ নমামি ব্ৰহ্মপুত্ৰ উৎসৱ, এডভাণ্টেজ আসামৰ দৰে অনুষ্ঠান পাতি ৰাজকোষৰ কোটি কোটি টকা খৰচ কৰা হ’ল৷ কিন্তু গুৱাহাটীৰ ৰেহ-ৰূপ সলনি কৰিব নোৱাৰিলে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই৷ গুৱাহাটী খনৰ উন্নয়নৰ বিপৰীতে কেৱল মুখ্যমন্ত্ৰীৰ চকীখনৰ বাবে দুয়োগৰাকী নেতাই শীতল যুদ্ধ কৰিয়েই ৬টা বছৰ পাৰ কৰিলে৷ আমি এতিয়াৰ মুখ্যমন্ত্ৰীক মনত পেলাই দিব বিচাৰো যে আপুনি গুৱাহাটীক সেউজ, সুন্দৰ, আদৰ্শ মহানগৰ হিচাপে গঢ়িবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি নিজেই ঘোষণা কৰিছিল৷ গুৱাহাটীক এখন সেউজ, সুন্দৰ আৰু আদৰ্শ মহানগৰৰূপে গঢ়ি তোলাৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে সংকল্পবদ্ধ বুলি কৈছিল৷ মুখ্যমন্ত্ৰীয়ে গুৱাহাটী উন্নয়নক লৈ কৰা পুৰণি মন্তব্যসমূহ নিৰীক্ষণ কৰিলে গম পাব৷ চৰকাৰখনে গুৱাহাটী মহানগৰক সম্পূৰ্ণ বানমুক্ত কৰাৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা গ্ৰহণৰ বাবে চৰকাৰে কাম কৰিব পাৰিলেহেঁতেন৷ কিন্তু হিন্দু-মুছলমান-খ্ৰীষ্টান, মন্দিৰ-মছজিদ-গীৰ্জাৰ ৰাজনীতিৰ বাবে দলৰ সংকল্প-পত্ৰত উল্লেখ কৰা দাবীসমূহকে পাহৰি উন্নয়নক পিঠি দিলে এই দুই নেতাই৷ গুৱাহাটীৰ যোগাযোগ ব্যৱস্থা সন্দৰ্ভত সংকল্প পত্ৰত বিজেপিয়ে উল্লেখ কৰি কৈছিল যে বিজেপি নেতৃত্বাধীন চৰকাৰে গুৱাহাটী মহানগৰক এখন আধুনিক চহৰৰূপে গঢ়ি তুলিব৷ গুৱাহাটীৰ গৃহ নিৰ্মাণ, ফ্লেট নিৰ্মাণৰ সুচলতাৰ বাবে নতুন মাষ্টাৰ প্লেন প্ৰস্তুত কৰাৰ ঘোষণা কৰিছিল৷ এতিয়া প্ৰশ্ন হৈছে বিজেপিয়ে ঘোষণাবোৰ কৰিব লাগে কাৰণেই কৰিছিল নে কি? ছেটেলাইট টাউনশ্বিপৰ জৰিয়তে গুৱাহাটীৰ জনসংসখ্যাৰ ভিৰ কমাবলৈ বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ, গুৱাহাটীক আৱৰ্জনামুক্ত ¦£চ্ছ মহানগৰ ৰূপে গঢ়া ঘোষণা মাথো প্ৰহসনত পৰিণত নহ’ল জানো৷ চৰকাৰে ইচ্ছা কৰিলে গুৱাহাটীৰ উন্নয়নৰ বাবে বহু কাম কৰিব পাৰিলেহেঁতেন৷ কিন্তু চৰকাৰ চলাই থকাসকলৰ সদিচ্ছাৰ অভাৱ৷ গুৱাহাটীৰ বৰাগাঁৱৰ নিজৰাপাৰত ভূমিস্খলনত মৃত্যু হোৱা চাৰি শ্ৰমিকৰ লগতে আন এগৰাকী মৃত মহিলাৰ আত্মাৰ সদ্‌গতি কামনা কৰিলো৷ সমানে পৰিয়ালক উপযুক্ত একঁকালীন সাহায্য দিয়াৰ লগতে মহানগৰীত কৃত্ৰিম বান আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাহায্য প্ৰদানৰ চৰকাৰক দাবী জনালো৷’