Logo
image

হাৰ্ট এটেকৰ পূৰ্বে এই লক্ষণে দেখা দিব পাৰে

বুকুৰ সামান্য যন্ত্ৰণা, বদহজম, গেছৰ সমস্যা, সাধাৰণ কাম কৰিলেই ঘামি উঠা আদি লক্ষণে দেখা দিলে গুৰুত্ব নিদিয়াকৈ নাথাকিব৷ বিশেষকৈ ৫০ বছৰ বয়সৰ ওচৰ চপা মানুহৰ বাবে এইক্ষেত্ৰত অধিক সজাগ হোৱাৰ প্ৰয়োজন৷ বৰ্তমান হাৰ্ট এটেকৰ বাবে বহুতৰ জীৱন বিপদাপন্ন হৈছে৷ কেতিয়াবা  গুৰুত্ব নিদিয়াৰ বাবে আক্ৰান্তৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে৷  

◾হৃদযন্ত্ৰৰ কোনো শিৰাত তেজ জমা হ’লে হাৰ্ট এটেকৰ আশংকা হ’ব পাৰে৷ বিশেষকৈ উচ্ছ ৰক্তচাপ, কলেষ্টৰেল, অতিৰিক্ত মদ্যপান, মানসিক চাপ, অস্বাস্থ্যকৰ খাদ্যাভ্যাস আদিৰ বাবে হাৰ্টৰ অসুখ হ’ব পাৰে৷ কেবল বুকুৰ বিষ হ’লেই যে হাৰ্ট এটেক হয় এনে নহ’য়৷

◾বিভিন্ন গৱেষণাত পোহৰলৈ আহিছে যে পৰিশ্ৰম কৰিলে বা নকৰিলেও অতিৰিক্ত ঘাম যদি ওলায়, তেতিয়া চিকিৎসৰ পৰামৰ্শ ল’ব লাগে৷ হাৰ্ট ব্লক হ’লে ৰক্তসঞ্চালনত বাধাৰ সৃষ্টি হয় যাৰ বাবে অতিৰিক্ত ঘাম ওলায়৷ 

◾হাৰ্ট এটেক হোৱাৰ কেইদিনমান আগতে কিছুমান লক্ষণে দেখা দিয়ে৷ তাৰ ভিতৰত শৰীৰ দুৰ্বল লগা, শ্বাস-প্ৰশ্বাসৰ সমস্যা, অলপ কাম কৰিলেই ফোপনি ওঠা আদি উল্লেখনীয়৷ এনে ধৰণৰ সমস্যা সৃষ্টি হ’লেই তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷ 

◾যদি বুকুৰ মাজত হঠাৎ অস্বস্তি অনুভৱ হয় বা বুকু জ্বলা-পোৰা যেন লাগে তেতিয়াও হাৰ্ট এটেকৰ আশংকা থাকে৷ 

◾বদ হজমৰ সমস্যা, বমি ভাৱ, মূৰ ঘুৰণি আদিও হাৰ্ট এটেকৰ লক্ষণ হ’ব পাৰে৷ এনে ধৰণৰ সমস্যাৰ সৃষ্টি হ’লেই সোনকালে চিকিৎসকৰ কাষ চাপিব লাগে৷ অন্যথা গুৰুতৰ সংকট সৃষ্টি হ’ব পাৰে৷