সমস্যাবহুল গুৱাহাটী মহানগৰী
উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰী শিক্ষা, স্বাস্থ্য, ব্যৱসায়-বাণিজ্যৰো কেন্দ্ৰস্থল৷ গুৱাহাটী মহানগৰীৰ প্ৰতি হয়তো সকলোৰে মোহ আছে৷ গুৱাহাটী মহানগৰীয়ে দিছে বহুজনক সংস্থাপনৰো পথ৷ সেয়ে গ্ৰাম্য অঞ্চলৰ লোকৰ গুৱাহাটী মহানগৰীৰ প্ৰতি আছে আকৰ্ষণ৷ শিক্ষা-দীক্ষা, চিকিৎসা, চাকৰি-বাকৰি, বেহা-বেপাৰ, দিনমজুৰিৰ বাবে গুৱাহাটী মহানগৰীলৈ প্ৰব্ৰজিত হৈ আছে ভিন্ন অঞ্চলৰ লোক৷ সময়ত ইয়াৰে কিছুসংখ্যকে পাহাৰে-কন্দৰে, জলাশয়-নৈৰ পাৰে বাৰে গঢ়ি তুলিছে একোটা কলনী৷ গুৱাহাটীয়ে ২০ লাখৰো অধিক লোকৰ ভৰ সহিব লগা হোৱাত ক্ৰমাৎ আবাদী বিস্ফোৰণৰ দিশে গতি কৰিছে ১৯০১ চনত মাত্ৰ ১১ হাজাৰ বাসিন্দা থকা গুৱাহাটী মহানগৰীখন৷ গুৱাহাটীৰ জনসংখ্যা ১৯৭১ চনত ৰ,২৩,৭৮৫জনলৈ বৃদ্ধি পায় যদিও শ্বিলঙৰ পৰা ৰাজধানী গুৱাহাটী মহানগৰীলৈ অনাৰ পাছৰে পৰা গুৱাহাটী মহানগৰীত জনসংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পায়৷ তদুপৰি ৰাজ্য চৰকাৰৰ পৰিকল্পনাহীন নীতিৰ বাবে গুৱাহাটী মহানগৰীৰ সম্প্ৰসাৰণ হ’ল যদিও সমস্যা বহুগুণে বাঢ়িল৷ বিজ্ঞানসন্মত আৰু সুপৰিকল্পনাৰে বাট-পথ, নলা-নৰ্দমা নিৰ্মাণ কৰিব নোৱৰাৰ ফলত দশক দশক ধৰি মহানগৰীৰ নাগৰিকৰ বাবে প্ৰধান সমস্যা হৈছে পানী৷ বাৰিষা আহিলেই বানৰ স’তে সহাৱস্থান কৰিব লগা হোৱাটো মহানগৰবাসীৰ বাবে সাধাৰণ ঘটনাত পৰিণত হৈছে৷ মহানগৰীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে বছৰ বছৰ ধৰি চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰি বুজন পৰিমাণৰ ধন ব্যয় কৰিছে যদিও সমস্যাৰ কিন্তু সমাধান নোলাল৷ মহানগৰীত থকা জলাশয়সমূহৰ পৰিসৰ বিভিন্ন কাৰণত সংকুচিত হোৱাৰ ফলত এইবোৰৰ পানী ধাৰণ ক্ষমতা কমি গৈছে আৰু ভৰলু, বাহিনী নৈ একোটা নলাতহে যেন পৰিণত হৈছে৷ ফলত এজাক বৰষুণতে মহানগৰীৰ বাট-পথ ওফন্দি উঠি নাগৰিকক নিকাৰ ভুঞ্জায়৷ ইফালে, বাৰিষা ভূমি…লনত ধন-জনৰ হানি হোৱাটো সাধাৰণ ঘটনাত পৰিণত হৈছে৷ আনহাতে, খোৱাপানীৰ সমস্যা মহানগৰবাসীৰ আন এটা দীৰ্ঘদিনীয়া সমস্যা৷ এই সন্দৰ্ভত গ্ৰহণ কৰা অভিলাষী আঁচনিও ধোঁৱাচাঙত উঠিল৷ ২৪ ঘণ্টাই গুৱাহাটীবাসীক খোৱাপানী যোগানৰ নামত আৰম্ভ কৰা চাৰিটা প্ৰকল্প আজি এটা দশক পাৰ হোৱাৰ পাছতো সম্পূৰ্ণ নহ’ল৷ কৃত্ৰিম বানমুক্ত মহানগৰীৰ কথা কোৱা বৰ্তমানৰ চৰকাৰক এটা দিনৰ বৰষুণেই প্ৰমাণ কৰি দিলে যে চৰকাৰৰ আশ্বাস-প্ৰতিশ্ৰুতি অসাৰ৷ যিমানেই বিজ্ঞান-প্ৰযুক্তিৰ কথা নকওঁ কিয় গুৱাহাটী মহানগৰীৰ সমস্যা যে সমাধান কৰিব পাৰিব, সেই আশা অমূলক৷ খোৱাপানী আৰু কৃত্ৰিম বান সমস্যাই গুৱাহাটী মহানগৰীক ক্ৰমাৎ বাসৰ অনুপযোগী কৰি তুলিছে৷ ইফালে, মহানগৰীৰ জাৱৰ নিষ্কাশন ব্যৱস্থাও বিজ্ঞানসন্মত নহয়৷ যান-জঁট মহানগৰীৰ আন এটা সমস্যা৷ এই সমস্যাৰ বাবেও নাগৰিকে যমৰ যন্ত্ৰণা ভুঞ্জিবলগীয়া হয়৷ পথচাৰীৰ বাবে নাই সুচল পদপথ৷ প্ৰায়ভাগ পদপথেই ব্যৱসায়ীৰ দখলত৷ ইফালে ৰাজপথেই পাৰ্কিঙৰ স্থল হিচাপে পৰিগণিত হোৱাত যান-বাহনৰ চলাচলতো সমস্যাৰ সৃষ্টি হয়৷ প্ৰথমটো কাৰ্যকালতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীক স্মাৰ্টচিটীৰূপে নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছিল যদিও স্মাৰ্টচিটীৰ নাগৰিকে পাবলগীয়া সুবিধা কিন্তু আজিও নাপালে৷ ইফালে, গুৱাহাটীত নিৰ্মাণ কৰি থকা ফ্লাই অভাৰসমূহেও নাগৰিকৰ সমস্যা হ্ৰাস কৰাৰ বিপৰীতে বৃদ্ধিহে কৰিছে৷ কেৱল প্ৰতিশ্ৰুতিৰে গুৱাহাটী মহানগৰীৰ উন্নয়ন সম্ভৱ নহয়, উন্নয়নৰ বাবে লাগিব চৰকাৰ-প্ৰশাসনৰ সদিচ্ছা৷ গুৱাহাটী পৌৰ প্ৰশাসনেও গুৱাহাটীৰ সমস্যাসমূহ সমাধানৰ বাবে দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰি বিজ্ঞানসন্মত ব্যৱস্থাৰে কাৰ্যকৰী কৰিব লাগিব৷ ইয়াৰ লগতে নাগৰিকসকলেও নিজৰ ঠাইখনক সুন্দৰ, সমস্যামুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷






