Logo
image

ৰাষ্ট্ৰপতিৰ দৌৰত মহাত্মাৰ নাতি, ফাৰুক

আমাৰ অসম, ১৬ জুনঃ কৌন বনেগা ৰাষ্ট্ৰপতি? পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিজন বিৰোধী দলৰ সৰ্বসন্মত প্ৰাৰ্থী হিচাপে চূড়ান্ত কৰাৰ বাবে আহ্বান জনোৱা বৈঠকত মহাত্মা গান্ধীৰ নাতি গোপালকৃষ্ণ গান্ধী অথবা নেশ্বনেল কনফাৰেন্সৰ নেতা, জম্মু-কাশ্মীৰৰ বৰ্ষীয়ান ৰাজনীতিক ফাৰুক আব্দুল্লাৰ নাম প্ৰস্তাৱ কৰা হৈছে৷ বৈঠকত এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰৰ নামো প্ৰস্তাৱ কৰা হৈছিল৷ পিছে পাৱাৰে সেই প্ৰস্তাৱৰ পৰা নিজৰ নাম আঁতৰাই নিয়ে৷ নতুন দিল্লীৰ কনষ্টিটিউশ্বন ক্লাবত আয়োজিত বৈঠকত মুঠতে ১৬টা বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে ভাগ লয়৷ মমতা বেনাৰ্জীৰ আহ্বানত বুধবাৰে হোৱা বৈঠকত উপস্থিত আছিল তৃণমূল কংগ্ৰেছ, কংগ্ৰেছ, চি পি আই, চি পি এম, চি পি আই এম এল, আৰ এছ পি, শিৱসেনা, এনচিপি, আৰজেডি, সমাজবাদী পাৰ্টী, নেশ্বনেল কনফাৰেন্স পিডিপি, জেডি[এছ], আৰএলডি, আই ইউ এম এল, জে এম এম৷ কংগ্ৰেছৰ সৈতে একে মঞ্চত নাথাকে বুলি তেলেংগানা ৰাষ্ট্ৰীয় কমিটী আৰু সৰ্বসন্মত প্ৰাৰ্থীৰ নাম ঘোষণা নকৰালৈকে অপেক্ষা কৰিব বুলি আপ বৈঠকত অনুপস্থিত থাকে৷ মমতা বেনাৰ্জীয়ে মুঠতে ২২টা বিৰোধী ৰাজনৈতিক দলক বৈঠকত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাইছিল৷ ইপিনে, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মল্লিকাৰ্জুন খৰ্গে, মমতা বেনাৰ্জী, অখিলেশ যাদৱকে ধৰি একাধিক বিৰোধী নেতালৈ আজি ফোন কৰি তেওঁলোকক ৰাষ্ট্ৰপতিৰ প্ৰস্তাৱিত প্ৰাৰ্থীৰ নাম জনাবলৈ অনুৰোধ কৰে আৰু চৰকাৰ-বিৰোধীয়ে এজন উমৈহতীয়া প্ৰাৰ্থী চূড়ান্ত কৰিব লাগে বুলি আহ্বান জনায়৷ অৱশ্যে শাসনাধিষ্ঠিত দলৰ ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থী কোন হ’ব বুলি প্ৰশ্ন কৰাত ৰাজনাথ সিঙে তেওঁলোকৰ প্ৰাৰ্থীৰ নাম জনোৱাৰ পৰা বিৰত থাকে৷