Logo
image

আধাভজা মাছ ভুলতো নাখাব, হ’ব পাৰে গুৰুতৰ বিপদ

মাছ সকলোৰে প্ৰিয়৷ বিশেষকৈ ভজা মাছ আৰু সাগৰীয় মাছ খাই বহুতে ভাল পায়৷ কিন্তু মাছ খোৱাৰ ক্ষেত্ৰত কেতবোৰ সাৱধানতা অৱলম্বন কৰা উচিত৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এদল বিজ্ঞানীয়ে কৰা গৱেষণা মতে সামুদ্ৰিক মাছ ভালদৰে ভাজি নাখালে গুৰুতৰ বিপদ হ’ব পাৰে৷ আধা ভজা মাছ খালে মেলিগ’নেণ্ট মেলানোমা বা ছালৰ কেন্সাৰ হোৱাৰ আশংকা বাঢ়ে৷ তদুপৰি সপ্তাহত দুই বা তিনিদিনতকৈ বেছি মাছ খোৱা উচিত নহয়৷ সামুদ্ৰিক মাছ নিতৌ ভুলতো নাখাব৷ দৈনিক সামুদ্ৰিক মাছ খোৱাৰ অভ্যাসে ছালৰ কেন্সাৰ হোৱাৰ আশংকা ২২ৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি কৰে৷ উল্লেখ্য যে বিজ্ঞানীৰ দলটোৱে প্ৰায় ৫ লাখ লোকক সামৰি মাছ সম্পৰ্কে এই গৱেষণা সম্পন্ন কৰিছিল৷ গৱেষণাৰ অন্তত দেখা যায় যে ইয়াৰে প্ৰায় ৩ হাজাৰ লোকে অত্যধিক সামুদ্ৰিক মাছ অথবা আধাভজা মাছ খাইছিল– যাৰ ফলত তেওঁলোকৰ দেহত ছালৰ কৰ্কট ৰোগ ধৰা পৰে৷

মেলানোমা কিয় হয়ঃ

পূৰ্বে ধাৰণা আছিল যে শীতপ্ৰধান দেশৰ মানুহৰ ছালৰ কৰ্কট বা স্কিন কেন্সাৰ বেছি হয়৷ পিছে এই ধাৰণা এতিয়া সলনি হৈছে৷ চিকিৎসকসকলৰ মতে ভাৰতত এতিয়া ছালৰ কৰ্কট বা স্কিন কেন্সাৰ বিৰল ৰোগ নহয়৷ পাৰিপাশ্বিৰ্কতা আৰু ছালক কৰা অৱহেলাৰ বাবে বহুতে এই জটিল ৰোগত আক্ৰান্ত হ’বলগীয়া হয়৷ বিশেষকৈ ভেষজ উপাদানৰ সলনি কেমিকেল ব্যৱহাৰৰ প্ৰৱণতা, খাদ্যাভ্যাস আৰু অনিয়মীয়া জীৱনশৈলীয়ে মেলিগ’নেণ্ট মেলানোমাৰ আশংকা বৃদ্ধি কৰে৷

এইবোৰ লক্ষণে দেখা দিলে সতৰ্ক হওকঃ

◾ছালৰ কোনো অংশত যদি কলা, বাদামী, ৰংচুৱা বাদামী অথবা গাঢ় নীলা ৰঙে দেখা দিয়ে, তেন্তে সতৰ্ক হওক৷

◾ছালৰ কোনো কটা অংশ যদি সহজে নুশুকায় বা সেই অংশৰ পৰা ৰক্তপাত হৈ থাকে, তেন্তে সাৱধান হওক৷

◾কান্ধ, মুখ বা কাণৰ কোনো অংশত যদি বগা ৰঙৰ টেমুনাই দেখা দিয়ে সতৰ্ক হওক৷ সূৰ্যৰ পোহৰ পৰা ছালৰ অংশসমূহত এনে দাগে দেখা দিয়ে ইয়াক বেছাল চেল কাৰ্চিনোমা বা Basal cell adenoma বুলি কোৱা হয়৷

◾দেহৰ কোনো অংশত হঠাৎ তিলে দেখা দিলে চিকিৎসকৰ কাষ চাপক৷ অৱশ্যে সকলো ধৰণৰ তিল যে মেলিগনেণ্ট বা ছালৰ কৰ্কটৰ কাৰণ হ’ব পাৰে সেয়া নহয়৷ এই সম্পৰ্কে যদি মনত সন্দেহ থাকে তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক৷