Logo
image

বৃদ্ধি কৰা হ’ল ৰন্ধন গেছৰ সংযোগৰ ব্যয়

আমাৰ অসম, ১৬ জুনঃ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পাছত এইবাৰ নতুন সংযোগ ব্যয় বৃদ্ধি কৰিলে তেল কোম্পানীসমূহে৷ বিভিন্ন অইল মাৰ্কেটিং কোম্পানী সমূহে বৃহস্পতিবাৰ অৰ্থাৎ ১৬ জুনৰ পৰা প্ৰযোজ্য হোৱাকৈ প্ৰতিটো নতুন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ সংযোগ ব্যয় ৭৫০ টকা বৃদ্ধি কৰিছে৷ অৰ্থাৎ দেশত পূৰ্বৰ ১৪৫০ টকাৰ এটা চিংগল গেছৰ চিলিণ্ডাৰৰ বাবদ এতিয়া গ্ৰাহকে ২,২০০ টকা ভৰিব লাগিব৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে দেশৰ আন প্ৰান্তৰ তুলনাত অসমত ৰন্ধন গেছৰ সংযোগ ব্যয় পূৰ্বৰ পৰাই অবুজ কাৰণত বেছি৷ দেশৰ আন প্ৰান্তত ২২০০ টকাত সংযোগ পোৱা এটা একক চিলিণ্ডাৰৰ গেছৰ বাবদ অসমৰ গ্ৰাহকে ইতিমধ্যে ৩২০০ টকা আৰু দ্বৈত চিলিণ্ডাৰৰ ক্ষেত্ৰত ৫৩০০ টকা ভৰি আহিছে৷ এতিয়া অসমত সংযোগ ব্যয় ৮০০ টকা হ’ব বুলি গেছ এজেন্সিৰ এক সূত্ৰই সদৰি কৰি কয় যে ইয়াৰ ফলত এটা একক চিলিণ্ডাৰৰ গেছ ক্ৰয়ৰ বাবে কাইলৈৰ পৰা ৪০০০ টকা ভৰিব লাগিব৷ একেদৰে গেছৰ ৰেগুলেটৰৰ দাম ১৫০ টকাৰ পৰা ২৫০ টকালৈ বৃদ্ধি কৰিছে তেলকোম্পানীসমূহে৷ ৫ কেজি এলপিজি চিলিণ্ডাৰৰো চিকিউৰিটি মানি ৮০০ টকাৰ পৰা ১১৫০ টকালৈ বৃদ্ধি কৰিছে৷ উল্লেখ্য যে আজিৰ তাৰিখত গুৱাহাটীত প্ৰতিটো ঘৰুৱা ব্যৱহাৰৰ এলপিজি চিলিণ্ডাৰৰ মূল্য ১,০৩১ টকা আৰু প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২৩৮৭ টকা হৈছেগৈ৷