Logo
image

‘অগ্নিপথ’ৰ জুইত জ্বলিছে উত্তৰ ভাৰত

আমাৰ অসম, ১৭ জুনঃ কেন্দ্ৰীয় চৰকাৰে সেনাবাহিনীত জোৱানৰ নিযুক্তিৰ বাবে শেহতীয়াকৈ যি ‘অগ্নিপথ’ প্ৰকল্পৰ ঘোষণা কৰিছে তাৰ বিৰুদ্ধে দেশজুৰি আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ৷ উত্তৰ ভাৰতত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে  প্ৰতিবাদে৷ বিহাৰ, ৰাজস্থান, হাৰিয়ানা, উত্তৰপ্ৰদেশ আনকি দিল্লীতো প্ৰতিবাদে জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ বিহাৰত বুধবাৰৰ পৰাই অগ্নিপথ প্ৰকল্প বাতিলৰ দাবীত প্ৰতিবাদকাৰীসকলে অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি কৰে৷ কেন্দ্ৰৰ সদ্য ঘোষিত  অগ্নিপথ প্ৰকল্পৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই অহা শ শ প্ৰতিবাদীয়ে বিহাৰত ৰে’ল অৱৰোধ কৰাৰ লগতে ৰে’লত অগ্নিসংযোগৰ দৰে হিংসাত্মক ঘটনাত লিপ্ত হৈ পৰে৷ তদুপৰি প্ৰতিবাদীয়ে বিভিন্ন যানবাহন ভাঙি চূৰমাৰ কৰাৰ লগতে কেইবাটাও চৰকাৰী কাৰ্যালয়ত আক্ৰমণ চলায়৷ একেদৰে এজন বিজেপিৰ বিধায়ককে ধৰি গেৰুৱা দলটোৰ একাংশ নেতা-কৰ্মীও প্ৰতিবাদীসকলৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে৷ এনে পৰিস্থিতিত বৃহস্পতিবাৰে বিহাৰত ২২খন ৰে’লৰ চলাচল বাতিল কৰিবলগীয়া হয়৷ উল্লেখ্য যে অগ্নিপথ প্ৰকল্প বাতিলৰ দাবীত গয়া, পাটনা, মুজাফৰপুৰ, বক্সাৰ, বেগুচৰাই, ভোজপুৰ আদিত ৰাজপথলৈ ওলাই আহে শ শ প্ৰতিবাদকাৰী৷ প্ৰতিবাদীসকলে তেওঁলোকক বাধা দিবলৈ অহা নিৰাপত্তাৰক্ষীৰ ওপৰত শিলাবৰ্ষণো আৰম্ভ কৰে৷ ক্ৰমাৎ ‘অগ্নিপথ’ বিৰোধী প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰিবলৈ ধৰাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঠায়েঠায়ে সেনাবাহিনী মোতায়েন কৰাৰ লগতে নিৰাপত্তাৰক্ষীয়ে লাঠী চালনা কৰিবলগীয়া হয়৷ ফলত কেইবাজনো প্ৰতিবাদী আহত হয়৷ একেদৰে ৰাজস্থানতো অগ্নিপথ প্ৰকল্পৰ প্ৰতিবাদে পৰিস্থিতি জটিল কৰি তোলে৷ হাৰিয়ানাতো একেই অৱস্থা৷ শেহতীয়া বাতৰি মতে হাৰিয়ানাৰ ৰহটক অঞ্চলত এজন প্ৰতিবাদীয়ে আত্মহননৰ দৰে পথ বাচি লয়৷ সেইদৰে পালোৱাল এলেকাত প্ৰতিবাদী ছাত্ৰই আৰক্ষীৰ গাড়ীত অগ্নিসংযোগ কৰাৰ লগতে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত আক্ৰমণ চলায়৷ হিমাচল আৰু উত্তৰ প্ৰদেশতো কেন্দ্ৰৰ সদ্যঘোষিত প্ৰকল্পৰ বিৰুদ্ধে আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ৷ উল্লেখ্য যে যোৱা ১৪ জুনৰ দিনা কেন্দ্ৰীয় চৰকাৰৰ ‘অগ্নিপথ’ প্ৰকল্পৰ বিষয়ে ঘোষণা কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে৷ কেন্দ্ৰৰ এই প্ৰকল্প অনুসৰি সেনাবাহিনীত ৪৬ হাজাৰ নতুন সৈনিকক নিযুক্তি প্ৰদান কৰা হ’ব৷ এই প্ৰকল্পৰ অধীনত সেনাবাহিনীত মকৰলৰ বাবে ১৭.৫ বছৰৰ পৰা ২১ বছৰৰ পুৰুষ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব৷ তদুপৰি সেনাত ভৰ্তি হোৱাৰ পূৰ্বৰ নিয়ম অনুসৰি আবেদনকাৰীসকলে শাৰীৰিক যোগ্যতা, মেডিকেল আৰু লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব৷ প্ৰাৰ্থীজন উচ্ছ মাধ্যমিক বা উচ্ছতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব৷ মহিলাসকলক এই প্ৰকল্পত অন্তৰ্ভুক্ত কৰা হোৱা নাই৷ এই নিযুক্তি ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ তিনিওটা বিভাগত অৰ্থাৎ স্থলসেনা, বায়ুসেনা আৰু নৌসেনাত হ’ব৷ নিযুক্তিৰ কাম তিনিমাহ অৰ্থাৎ ৯০ দিনৰ ভিতৰত আৰম্ভ হ’ব৷ অগ্নিপথ প্ৰকল্পৰ অধীনত নিযুক্তি লাভ কৰাসকলে চাৰিবছৰ দেশ সেৱাত নিজৰ অৱদান আগবঢ়াব পাৰিব৷ অৰ্থাৎ তেওঁলোকে চাৰিবছৰৰ বাবেহে নিযুক্তি লাভ কৰিব৷ কেন্দ্ৰৰ এই প্ৰকল্প অনুসৰি নিযুক্তি লাভ কৰাসকলে দৰমহা হিচাপে পাব মাহে ৩০-৪০ হাজাৰ টকা৷ অৰ্থাৎ প্ৰথম বছৰত দৰমহা হিচাপে মাহে ৩০ হাজাৰ টকাকৈ পাব৷ দ্বিতীয় বছৰত ৩৩ হাজাৰ, তৃতীয় বছৰত ৩৬,৫০০ হাজাৰ আৰু চতুৰ্থ অৰ্থাৎ শেষৰ বছৰটোত মাহে ৪০ হাজাৰকৈ টকা দৰমহা হিচাপে পাব৷ কিন্তু  এই দৰমহাৰ পৰা ৩০ শতাংশ টকা কৰ্তন কৰা হ’ব ‘অগ্নিবীৰ  কৰ্পাছ নিধি’ৰ বাবে৷ গতিকে প্ৰথম বছৰত দৰমহা হিচাপে পাব ২১ হাজাৰ টকা, দ্বিতীয় বছৰত ২৩,১০০ টকা, তৃতীয় বছৰত ২৫,৮০০ টকা আৰু শেষৰ বছৰত মাহে ২৮,০০০ টকাকৈহে  দৰমহা পাব৷ ‘অগ্নিবীৰ কৰ্পাছ নিধি’ৰ বাবে যিমান টকা দৰমহাৰ পৰা কৰ্তন হ’ব সেই একেই  পৰিমাণৰ ধন চৰকাৰেও জমা কৰিব৷ এইদৰে চাৰিবছৰত মুঠ ১০.০৪ লাখকৈ টকা জমা হ’ব ‘অগ্নিবীৰ কৰ্পাছ নিধি’ত৷ অৰ্থাৎ চাৰি বছৰৰ পাছত এজন সৈনিকে দৰমহা আৰু অগ্নিবীৰ কৰ্পাছ নিধিৰ টকা মিলাই প্ৰায় ২২ লাখ টকাকৈ লাভ কৰিব৷ তদুপৰি প্ৰতিজন সৈনিকে লাভ কৰিব ৪৮ লাখ টকাৰ জীৱন বীমা৷ চাৰি বছৰ সম্পূৰ্ণ কৰা সকলৰ মাজৰ পৰা ২৫ শতাংশৰ চাকৰি নিয়মীয়া কৰা হ’ব আৰু বাকী ৭৫ শতাংশক অৱসৰ দিয়া হ’ব৷ অৱসৰ লোৱাসকলে পেন্সন বা এক্স-ছাৰ্ভিচমেনৰ কোনো সা-সুবিধা লাভ নকৰিব৷ অৱশ্যে এই প্ৰকল্পৰ অধীনত নিযুক্তি লাভ কৰা সৈনিকসকলে বিভিন্ন পুৰস্কাৰ আৰু মেডেল লাভ কৰিব পাৰিব৷ চাৰি বছৰ কাম কৰাৰ পাছত তেওঁলোকক অগ্নিবীৰ নিপুণতা মানপত্ৰ প্ৰদান কৰা হ’ব৷ চাকৰিকালীন সময়ত প্ৰতিজন সৈনিকে বেংকৰ পৰা ১৮.২ লাখ টকা পৰ্যন্ত ঋণ পাব৷ কিন্তু সমস্যা হ’ল ৪ বছৰৰ পাছত ৭৫ শতাংশ জোৱান পুনৰ নিবনুৱা হৈ পৰিব৷ যিটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলি সেনাবাহিনীত ভৰ্তি হ’ব খোজাসকলে স্পষ্ট কৰি দিছে৷ তদুপৰি অগ্নিপথ প্ৰকল্প অনুসৰি সেনাবাহিনীত নতুন সৈনিক ভৰ্তি কৰা প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে সেনাবাহিনীত সৈনিক মকৰলৰ পূৰ্বৰ ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব৷ তেওঁলোকৰ মতে বিহাৰ, হাৰিয়ানা আদিৰ দৰে একাংশ ৰাজ্যৰ পিছপৰা শ্ৰেণী আৰু আৰ্থিকভাৱে দুৰ্বল যুৱকসকলে সেনাবাহিনীত ভৰ্তি হোৱাটো জীৱনৰ লক্ষ্য হিচাপে লয়৷ তেওঁলোকৰ মতে দেশৰ পিছপৰা অঞ্চলৰ যুৱক-যুৱতীসকলৰ চাকৰিৰ আটাইতকৈ ভৰষা থকা বিভাগটোৱেই হৈছে প্ৰতিৰক্ষা বিভাগ অৰ্থাৎ সেনাবাহিনী৷ বিশেষকৈ দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ যুৱকসকলে মূলতঃ সেনাৰ চাকৰি লাভ কৰাৰ বাবেই  আশা পালি থাকে৷ ইয়াৰ বাবে তেওঁলোকে দীৰ্ঘসময় শাৰীৰিক প্ৰশিক্ষণ, খেলা-ধূলা আদি কৰি নিজকে সেনাবাহিনীত ভৰ্তি হোৱাৰ বাবে উপযুক্ত কৰি তোলে৷ কিন্তু অগ্নিপথ প্ৰকল্পত  চাকৰিৰ নিশ্চয়তা ক’ত? কিয়নো এই প্ৰকল্প অনুসৰি সেনাত মকৰল হ’লেও চাৰিবছৰৰ পাছতে তেওঁলোক পুনৰ নিবনুৱা হৈ পৰিব৷ ইপিনে  বিভিন্ন মহলেও কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰকল্পক তীব্ৰ সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে৷ তেওঁলোকৰ মতে চাৰিবছৰৰ পাছত যেতিয়া  চাকৰি হেৰুৱাব তেতিয়া তেওঁলোকৰ ভৱিষ্যৎ কি হ’ব৷ এনে ক্ষেত্ৰত নিবনুৱা সমস্যাক লৈ আন এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহ’বনে? যাৰ ফলত কেন্দ্ৰৰ এই প্ৰকল্পৰ বিৰোধিতা কৰি আজি বিহাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান, হিমাচল আদিকে ধৰি উত্তৰ ভাৰতৰ ৰাজ্যসমূহত প্ৰতিবাদকাৰীসকলে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰক ‘অগ্নিপথ’ নামৰ বিতৰ্কিত প্ৰকল্পটো বাতিল কৰাৰ বাবে দাবী জনায়৷