Logo
image

গৰমৰ দিনকেইটাত ফাংগাল ইনফেকশ্বনৰ পৰা হাত সাৰক

গৰমৰ দিনকেইটাত সাধাৰণতে ফাংগাল ইনফেকশ্বনৰ বাবে শৰীৰত খৰ-খুজুৱতি আদিৰ সৃষ্টি হয়৷ শৰীৰৰ বিভিন্ন ঠাইত এনেধৰণৰ ইনফেকশ্বনৰ ফলত কেতিয়াবা গুৰুতৰ সমস্যাই দেখা দিয়ে৷ গৰমত একেযোৰ পোছাক কেইবাদিনো পিন্ধাৰ ফলত ঘাম আৰু মলি জমা হৈ ফাংগাল ইনফেকশ্বন সৃষ্টি হয়৷ ইয়াৰ ফলত শৰীৰত খুজুৱতিৰ লগতে  ঘা-ঘামচি আদিও সৃষ্টি হয়৷ যাৰ বাবে কেতিয়াবা চিকিৎসকৰ কাষ চাপিবলৈ বাধ্য হ’ব লগা হয়৷ গৰমৰ দিনকেইটাত ফাংগাল ইনফেকশ্বন বৃদ্ধি পায়৷ এই সময়ত পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থকাতো আটাইতকৈ প্ৰয়োজনীয়৷ 

ফাংগাল ইনফেকশ্বনৰ পৰা হাত সৰাৰ ঘৰুৱা উপায় 

◾ফাংগাল ইনফেকশ্বন হোৱা ঠাইত বৰফ সানি দিলে উপশম পোৱা  যায়৷

◾প্ৰসাধন হিচাপে ব্যৱহাৰ কৰা কালামাইন লোচন ফাংগাল ইনফেকশ্বন হোৱা ঠাইত লগালে সুফল পাব পাৰি৷

◾খৰ-খুজুৱতি হোৱা ঠাইত নাৰিকল তেল ব্যৱহাৰ কৰিলে কাৰ্যকৰী ফল পোৱা যায়৷ নাৰিকল তেলত এণ্টি বেক্টেৰিয়েল গুণ থকা বাবে ফাংগাল ইনফেকশ্বনত ই সুফল দিয়ে৷ 

◾এলোভেৰা স্বাস্থ্যৰ বাবে অনেক উপকাৰী৷ ছালৰ বিভিন্ন ৰোগত এলোভেৰাই ভাল ফল দিয়ে৷ এলোভেৰা লগালে ছালৰ বিভিন্ন সংক্ৰমণজনিক ৰোগৰ পৰা হাত সাৰিব পাৰি৷ 

◾খৰ-খুজুৱতি হোৱা ঠাইত নেমুৰ ৰস সানিলে ভাল ফল লাভ কৰিব পাৰি৷ ছাল সংক্ৰমণমুক্ত কৰি ৰখাৰ লগতে মসৃণ কৰি ৰখাত নেমুৰ ৰসে সহায় কৰে৷ 

◾মেন্থল যিকোনো ধৰণৰ ফাংগাল ইনফেকশ্বনৰ বাবে উপকাৰী৷  ইনফেকশ্বন হোৱা ঠাইত মেন্থল ব্যৱহাৰ কৰিলে সুফল পাব পাৰি৷

◾ফাংগাল ইনফেকশ্বন বাঢ়িলে তাৎক্ষণিকভাৱে চিকিৎসকলৰ কাষ চাপিব লাগে৷