Logo
image

অভিলেখ! ছুইছ বেংকত ভাৰতীয়ৰ জমা ৫০% বৃদ্ধি

আমাৰ অসম, ১৮ জুনঃ ২০১৪ চনৰ জানুৱাৰীত বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়ে এখন ৰাজহুৱা সভাত ঘোষণা কৰিছিল– বিজেপি ক্ষমতালৈ আহিলে, তেওঁ প্ৰধানমন্ত্ৰী হ’লে বিদেশত থকা, বিশেষকৈ ছুইছ বেংকত থকা ভাৰতীয়ৰ সোপাকে ক’লাধন দেশলৈ ঘূৰাই আনিব আৰু দেশৰ নাগৰিকৰ একাউণ্টত ১৫ লাখকৈ টকা ভৰাই দিব৷ নৰেন্দ্ৰ মোদী ২০১৪ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ল৷ ২০১৯ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ল৷ এতিয়া, ২০১৪ চনৰ সেই ঘোষণাই ৮ বছৰ ৬ মাহ অতিক্ৰম কৰিলে৷ ঠিক সেই সময়তে ছুইজাৰলেণ্ডৰ চৰকাৰে দেশখনৰ কেন্দ্ৰীয় বেংকৰ তথ্য প্ৰকাশ কৰি জনাইছে– ২০২১ চনত ভাৰতীয় নাগৰিকে ছুইছ বেংকত ৩.৮৩ বিলিয়ন ছুইছ ফ্ৰাংক জমা কৰিছে৷ ভাৰতীয় মুদ্ৰাত সেই পৰিমাণ ৩০,৫০০ কোটি টকা৷ তাৎপৰ্যপূৰ্ণ বিষয় হৈছে, নৰেন্দ্ৰ মোদী চৰকাৰৰ শাসন চলি থকাৰ সময়তে ২০২১ চনত ভাৰতীয় নাগৰিক বা কোম্পানীয়ে ছুইছ বেংকত যিমান টকা জমা কৰিছে, সেয়া বিগত ১৪ বছৰৰ ভিতৰত সৰ্বাধিক৷ ২০২০ চনত ছুইছ বেংকত ভাৰতীয় নাগৰিকে জমা কৰিছিল ২.৫৫ ছুইছ ফ্ৰাংক বা ২০,৭০০ কোটি টকা৷ ২০২০ চনৰ জমাও ২০১৯ চনৰ তুলনামূলক বৃদ্ধি পাইছিল৷ অৱশ্যে ২০২১ চনৰ জমাই, ক’লাধন কেনি গৈছে সেয়া ৰঙাচকুৰে চাই থকা এখন চৰকাৰৰ শাসনত ১৪ বছৰীয়া অভিলেখ সৃষ্টি কৰাৰ ঘটনাই ১৫ লাখকৈ পাব বুলি চাৰে আঠ বছৰ আশাপালি থকা দেশবাসীৰ মূৰত কুঠাৰেৰে আঘাত কৰাৰ দৰে কৰিছে৷ এই তথ্য ‘ঝুমলা’ বুলিও কোৱা অসম্ভৱ৷ কিয়নো সংবাদ প্ৰতিষ্ঠান পিটিআয়ে প্ৰস্তুত কৰা এই প্ৰতিবেদন ছুইজাৰলেণ্ডৰ কেন্দ্ৰীয় বেংকে প্ৰকাশ কৰা তথ্যৰ ভিত্তিত কৰা হৈছে৷ ছুইছ কেন্দ্ৰীয় বেংকে ছুইজাৰলেণ্ডৰ বিভিন্ন বেংকত বিদেশী আৰু ভাৰতীয় নাগৰিকে জমা ৰখা ধনৰ তথ্য বাৰ্ষিকভাৱে আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ ভিত্তিত প্ৰকাশ কৰিবলৈ বাধ্য হৈছে৷ সেই অনুসৰি ২০১৯ চনৰ তুলনাত ছুইছ বেংকত ভাৰতীয় একাউণ্টত থকা ধন ২০২১ চনত ১৮৩ শতাংশ বৃদ্ধি পাইছে৷ ২০১৯ চনত ছুইছ বেংকত ভাৰতীয় নাগৰিকৰ জমা আছিল ৬,৬২৫ কোটি টকা বা ৮৯৯ নিযুত ছুইছ ফ্ৰাংক৷ ইয়াৰ পূৰ্বে ২০০৬ চনত ছুইছ বেংকত ভাৰতীয় নাগৰিকৰ সৰ্বাধিক ধন আছিল ৬.৫ বিলিয়ন ছুইছ ফ্ৰাংক বা ৫২,৫০০ কোটি টকা৷ 

প্ৰসংগতঃ উল্লেখযোগ্য, ধনৰ পৰিমাণ আৰু একাউণ্টৰ গৰাকীৰ নাম গোপন কৰি ৰখাৰ বাবে এলপাইন দেশখনৰ বেংকসমূহ বিভিন্ন দেশৰ চহকী লোকৰ প্ৰিয় আছিল৷ কিয়নো তেওঁলোকৰ ক’লাধন বা দেশত কৰফাঁকি দিয়া ধন ছুইছ বেংকত জমা থ’ব পাৰিছিল আৰু সেই তথ্য কোনেও নাজানিছিল৷ ১৯৩৪ চনত ছুইজাৰলেণ্ড চৰকাৰে এখন আইন গৃহীত কৰি যি গ্ৰাহকৰ নিজ দেশত অপৰাধৰ অভিযোগ আছে, তেওঁৰ ধনৰ সবিশেষ সংশ্লিষ্ট দেশখনে বিচাৰিলে যোগান ধৰাতো নিশ্চিত কৰিছিল৷ পৰৱৰ্তী সময়ত বিভিন্ন দেশৰ তীব্ৰ হেঁচাত পৰি ২০১৮ চনৰ পৰা ছুইজাৰলেণ্ড চৰকাৰে তেওঁলোকৰ দেশৰ বেংকত ধন জমা ৰখা ব্যক্তিৰ নাম, ঠিকনা, ধনৰ পৰিমাণ কোনো দেশৰ চৰকাৰে বিচাৰিলে যোগান ধৰিবলৈ সন্মত হয়৷ অন্যথা দেশখনে বছৰি কোন দেশৰ নাগৰিকৰ কিমান পৰিমাণৰ ধন জমা আছে সেয়া চৰকাৰীভাৱে প্ৰকাশ কৰে৷ ২০১৯ চনত ছুইছ কৰ বিভাগে ভাৰত চৰকাৰক জমা ধনৰ সবিশেষ অৰ্থাৎ গ্ৰাহকৰ নাম, ধনৰ পৰিমাণ, ঠিকনা সকলো যোগান ধৰিছিল৷ পৰৱৰ্তী সময়ৰ তথ্যও ভাৰত চৰকাৰৰ হাতত আছে৷

প্ৰধানমন্ত্ৰী হ’লে ক’লাধন আনিব আৰু দেশৰ প্ৰত্যেকজন নাগৰিকক ১৫ লাখকৈ টকা দিব বুলি ঘোষণা কৰা নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱা চাৰে আঠবছৰ হ’ল৷ এতিয়া মোদীয়ে সেই বিষয়ে এটা শব্দও মুখ ফুটাই নকয়৷ এই বিষয়ত তেওঁৰনো মনোভাৱ কি সেয়া জানিবলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত একাধিকবাৰ আৰ টি আই আবেদন কৰা হৈছে. তাৰ উত্তৰত পি এম অৱে প্ৰত্যেকবাৰেই জনাইছে, এই বিষয়টো তথা জনাৰ অধিকাৰ আইনৰ অন্তৰ্ভুক্ত নহয়৷ সেয়ে একো উত্তৰ দিব নোৱাৰি৷ ইপিনে প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা চাৰে আঠবছৰত এখনো সংবাদমেল সম্বোধন কৰা নাই৷ ২০১৯ চনত তেওঁ বলীউডৰ অভিনেতা অক্ষয় কুমাৰক আৰু এ এন আইক দুটা সাক্ষাতকাৰ দিছিল৷ অক্ষয় কুমাৰে সুধিছিল– মোদীয়ে আম চুহি খায় নে বাকলি গুচাই খায়? সেই প্ৰশ্নোত্তৰত দেশৰ জনতা আপ্লুত হৈ সাধাৰণ নিৰ্বাচনত বিজেপিক হিয়া উজাৰি ভোট দিছিল৷ এবাৰ নে দুবাৰ মোদী প্ৰধানমন্ত্ৰী হিচাপে সাংবাদিকৰ মুখামুখি হৈছিল দীপাৱলীত৷ তাত সাংবাদিকৰ কলম, কেমেৰা আৰু প্ৰশ্ন নিষিদ্ধ আছিল৷ এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী হোৱাৰ পাছত নৰেন্দ্ৰ মোদীৰ ক’লাধন সন্দৰ্ভত মনোভাৱ একেই আছে নে সলনি হৈছে সেয়া জনা অসম্ভৱ৷ ২০২০ চনৰ ১১ ফেব্ৰুৱাৰীত ৰাজ্যসভাত ৰাজ্যিক মন্ত্ৰী অনুৰাগ ঠাকুৰে জনাইছিল যে চৰকাৰে বিদেশৰ পৰা, ছুইছ বেংকৰ পৰা এটকাও ক’লাধন আনিব পৰা নাই৷ কিয়নো  মোদী চৰকাৰৰ হাতত ক’লাধনৰ কোনো তথ্য নাই৷ এয়া যিহেতু ৰাজ্যসভাত চৰকাৰে প্ৰদান কৰা তথ্য, সেয়ে অবিশ্বাস কৰাৰো কাৰণ নাই৷