Logo
image

শতবৰ্ষত ভৰি দিলে মোদীৰ মাতৃয়ে

আমাৰ অসম, ১৯ জুনঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে তেওঁৰ মাতৃ হীৰাবেনৰ ১০০ বছৰীয়া জন্মদিন বেছ সাত্বিকভাৱে আৰু পুত্ৰৱৎ শ্ৰদ্ধাৰে পালন কৰে৷ নৰেন্দ্ৰ মোদীয়ে মাতৃ হীৰাবেনৰ জন্মদিনত তেওঁক ঘৰত সাক্ষাৎ কৰি ভৰি ধুৱাই দি সন্তানৰ কৰ্তব্য পালন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে মাতৃৰ জন্মদিনত এগৰাকী মাতৃ পুত্ৰৰ বাবে কিমান শ্ৰদ্ধাৰ পাত্ৰী  হয়, সেয়া মৰ্মে মৰ্মে বুজাই দি মাতৃলৈ এখন পত্ৰ লিখিছে৷ সেই পত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় প্ৰচাৰ সংস্থাৰ পি আই বিৰ জৰিয়তে দেশৰ চুকে কোণে পঠাই দিয়াৰ লগতে নিজৰ ব্লগত প্ৰকাশ কৰি সকলোকে তেওঁৰ মাতৃৰ প্ৰতি শ্ৰদ্ধা কিমান সেয়া উপলব্ধি কৰিবলৈ বাধ্য কৰিছে৷ সেই পত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে– ‘মা কেৱল এটা শব্দ নহয়৷ ই এক বিপুল আবেগৰ সূচক৷ ভালপোৱা, ধৈৰ্য্য, বিশ্বাস আৰু বহুতৰে সমষ্টি৷ বিশ্বজুৰি দেশ, কাল, ভূগোলৰ পৰিধি অতিক্ৰম কৰি প্ৰতিটো শিশুৰ তেওঁৰ মাতৃৰ প্ৰতি বিশেষ স্থান থাকে৷ মাকে কেৱল তেওঁৰ সন্তানক জন্মই নিদিয়ে, ডাঙৰ দীঘলো কৰে৷ নিজৰ ভৰিত থিয় হ’বলৈ শিকায়৷ মনত আত্মবিশ্বাস যোগান ধৰে৷ ইয়াৰ বাবে সকলো মাতৃয়ে আত্মত্যাগ কৰিবলগীয়া হয়৷’ উল্লেখ্য, মাতৃৰ জন্মদিনৰ বাবেই প্ৰধানমন্ত্ৰী হোৱাৰ পৰা প্ৰত্যেক বছৰে মাতৃৰ কাষলৈ অসংখ্য কেমেৰামেন আৰু মিডিয়াক লৈ অহাৰ দৰে এইবাৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাতৃ হীৰাবেনৰ জন্মদিনত গান্ধীনগৰলৈ আহি সাক্ষাৎ কৰে৷ গান্ধীনগৰত প্ৰধানমন্ত্ৰীৰ মাতৃ হীৰাবেনে তেওঁৰ সৰু পুত্ৰ পংকজ মোদীৰ সৈতে বাস কৰে৷ শততম জন্মদিনত তেওঁক সন্মান জনোৱাৰ বাবে মাতৃ হীৰাবেনে বাস কৰা ৰাইছান অঞ্চলত তেওঁৰ ঘৰৰ সন্মুখৰ ৮০ মিটাৰ দীঘল পথৰ নাম শনিবাৰে পূজ্য হীৰাবা মাৰ্গ হিচাপে নামাকৰণ কৰা হয়৷ মোদীৰ পৰিয়ালৰ পূৰণি বাসস্থান হৈছে উত্তৰ গুজৰাটৰ মেহছানা জিলাৰ বড়নগৰৰ হটকেশ্বৰত৷ শনিবাৰে বড়নগৰৰ হটকেশ্বৰ মন্দিৰত হীৰাবেনৰ  জন্মদিন উপলক্ষে সুন্দৰাকাণ্ড ৰামায়ণ পাঠ কৰা হয়৷ সন্ধ্যা এই মন্দিৰতে হীৰাবেনৰ আন এজন পুত্ৰ প্ৰহ্লাদ মোদীয়ে সংগীতানুষ্ঠানৰো আয়োজন কৰে৷  প্ৰধানমন্ত্ৰী মোদীয়ে মাতৃৰ জন্মদিনৰ বাবে শনিবাৰে গুজৰাটৰ পঞ্চমহল জিলাৰ পাৱাগড়ত থকা এটা প্ৰসিদ্ধ কালী মন্দিৰত পূজাও দিয়ে৷ প্ৰধানমন্ত্ৰী মোদীয়ে এই মন্দিৰত উপস্থিত হোৱাৰ বাবে আঢ়ৈশটা খটখটি বগাই উঠিবলগীয়া হয়৷ শনিবাৰে সন্ধিয়া তেওঁ বডোদৰাত গুজৰাট গৌৰৱ সন্মিলনত ভাগ লয়৷ তাত তেওঁ ২১ হাজাৰ কোটি টকাৰ এটা আন্তঃগাঁথনি উন্নয়নৰ প্ৰকল্প উদ্বোধন কৰে৷  উল্লেখ্য, গুজৰাটৰ বিধানসভা নিৰ্বাচনলৈ কেইমাহমান বাকী থকা অৱস্থাত এতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে ঘনে ঘনে গৃহৰাজ্যলৈ অহাৰ লগতে ইটোৰ পাছত সিটো চৰকাৰী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি আছে৷