Logo
image

অগ্নি-বিক্ষোভত ছাৰখাৰ উত্তৰ ভাৰত পিছহুঁহকিছে চৰকাৰ

আমাৰ অসম, ১৯ জুনঃ মোদী চৰকাৰৰ ঠিকাভিত্তিক সামৰিক বাহিনী গঠনৰ প্ৰকল্পৰ বিৰুদ্ধে দেশজুৰি বিক্ষোভৰ মূৰ্তি দেখি চুৰ্তি হেৰোৱাত এখোজ দুখোজকৈ চাৰিদিনত কেইবাখোজো পিছুৱাই গৈছে চৰকাৰ৷ দেশৰ কমেও ১৩ খন ৰাজ্যলৈ বিয়পি পৰা এই বিক্ষোভৰ ফলত ৰাজহুৱা সম্পত্তিৰ ব্যাপক ক্ষয়ক্ষতি হৈছে৷ বিক্ষোভকাৰীৰ আক্ৰমণৰ প্ৰধান লক্ষ্য হৈ পৰিছে ৰে’লগাড়ী, ৰে’লষ্টেচন৷ ইয়াৰ ফলত যোৱা ৪ দিনৰ আন্দোলনত ৰে’ল বিভাগৰ কেৱল বিহাৰতে ২০০ কোটিৰো অধিক সম্পত্তি ধবংস হৈছে৷ হিংস্ৰ প্ৰতিবাদকাৰীয়ে বিহাৰত ৰে’লৰ ৫ টা ইঞ্জিন, ৫০ টা দবা জ্বলাই সম্পূৰ্ণৰূপে ভষ্মীভূত কৰিছে৷ যোৱা তিনিদিনত বিহাৰত দুটা বিজেপিৰ কাৰ্যালয় আন্দোলনকাৰীয়ে সম্পূৰ্ণৰূপে জ্বলাই দিছে৷ জ্বলাই দিছে তাৰেগ্নাকে ধৰি একাধিক ৰে’লষ্টেচন৷ অগ্নিপথ আঁচনিৰ বিৰোধিতা কৰি শনিবাৰে বিহাৰ বন্ধৰ আহ্বান জনোৱাত আজি আপেক্ষিকভাৱে ৰাজ্যখনত হিংসাত্মক ঘটনাৰ সংখ্যা কম৷  তদুপৰি বিহাৰত সকলোধৰণৰ ৰে’লৰ চলাচল পুৱা ৪ বজাৰ পৰা নিশা ৮ বজালৈকে বন্ধ কৰি ৰখা হৈছে৷ অৱশ্যে দেশৰ আন আন ৰাজ্য, বিশেষকৈ উত্তৰ ভাৰতত শনিবাৰেও হিংস্ৰ প্ৰতিবাদ অব্যাহত আছে৷ এই প্ৰতিবাদৰ বাবে সমগ্ৰ দেশত শনিবাৰে ৩৫০ খন ৰে’লগাড়ীৰ যাত্ৰা বাতিল কৰা হৈছে৷ দক্ষিণ ভাৰতৰ তেলেংগানাৰ পাছত শনিবাৰে কেৰালা আৰু কৰ্ণাটকতো ব্যাপক প্ৰতিবাদ হৈছে৷ কেৰালাৰ তিৰুঅনন্তপূৰণ আৰু কোজিকোড়ত শনিবাৰেও হিংসাত্মক প্ৰতিবাদ হয়৷ পশ্চিমবংগৰ উত্তৰ ২৪ পৰগনা জিলাত আন্দোলনকাৰীয়ে ৰে’ল অৱৰোধ কৰি ৰাখে৷ হাৰিয়ানাৰ মহেন্দৰগড় ৰে’ল ষ্টেচনত আন্দোলনকাৰীয়ে কেইবাখনো চৰকাৰী-বেচৰকাৰী বাহনত অগ্নিসংযোগ কৰে৷ পঞ্জাৱৰ লুধিয়ানা, ৰাজস্থানৰ জয়পুৰ, যোধপুৰত আন্দোলনকাৰীয়ে শনিবাৰে ৰাজহুৱা সম্পত্তি ধবংস কৰে৷

দেশৰ এনে পৰিস্থিতিত চিকিৎসাধীন হৈ থকা কংগ্ৰেছ দলৰ অন্তৰ্ৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে চৰকাৰৰ অগ্নিপথ প্ৰকল্প ‘দিশহীন’ বুলি মন্তব্য কৰি প্ৰতিবাদকাৰীক অহিংস আন্দোলনৰ পথ ল’বলৈ আহ্বান জনাইছে৷ আনহাতে, দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াই কৈছে, যদিহে চৰকাৰে দাবী কৰাৰ দৰে এই প্ৰকল্প ইমানেই নিখুঁত, দেশৰ যুৱপ্ৰজন্মৰ বাবে উপকাৰী, তেন্তে সকলো সাংসদ-বিধায়কৰ সন্তানক এই প্ৰকল্পৰ অধীনত চাকৰিত মকৰল কৰা হওক৷ 

বিমুদ্ৰাকৰণ, কৃষি আইন, জি এছ টি বলৱৎ, দেশজুৰি সামগ্ৰিক লকডাউন ঘোষণা, ন্যায়াধীশৰ নিয়োগ ব্যৱস্থা কলেজিয়াম প্ৰথা অৱলুপ্তিৰ সিদ্ধান্ত, কোম্পানীৰ বাবে কৃষিভূমি অধিগ্ৰহণৰ নতুন ব্যৱস্থা হঠাতে বলৱৎ কৰি পাছত প্ৰত্যাহাৰ  আৰু সংশোধনৰ উপৰি সংশোধন কৰিবলগীয়া হোৱা মোদী চৰকাৰে এইবাৰো তেওঁলোকৰ এই ঘোষণা হঠকাৰী  বুলি উপলব্ধি কৰিছে৷ কিয়নো দেশজুৰি চাৰিদিনৰ বিক্ষোভত মোদী চৰকাৰ এই প্ৰকল্পৰ ক্ষেত্ৰত কেইবাখোজো পিছুৱাইছে৷ শনিবাৰে পুৱাই গৃহমন্ত্ৰণালয়ে ঘোষণা কৰিলে ঠিকাভিত্তিত চাকৰি পোৱা অগ্নিবীৰৰ চাকৰি শেষ হ’লে তাৰ ১০ শতাংশক চি আৰ পি এফ আৰু অসম ৰাইফলছত নিয়োগৰ সুযোগ দিয়া হ’ব৷ তদুপৰি অগ্নিবীৰৰ মকৰলৰ ক্ষেত্ৰত বয়সৰ উধবৰ্সীমা প্ৰথমবাৰত পাঁচ বছৰ আৰু পৰৱৰ্তী সময়ত তিনি বছৰ বৃদ্ধি কৰা হ’ব৷ সেই অনুসৰি প্ৰথম বছৰ ২৬ বছৰীয়া আৰু পৰৱৰ্তী সময়ত ২৪ বছৰীয়া যুৱক-যুৱতীয়ে অগ্নিবীৰৰ বাবে আবেদন জনাব পাৰিব৷ পূৰ্বে বয়সৰ উৰ্ধসীমা আছিল ২১ বছৰ৷  ইপিনে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে কৰা ঘোষণাত কৈছে সেই মন্ত্ৰণালয়ৰ দহ শতাংশ খালী পদ অগ্নিবীৰৰ কাৰণে সংৰক্ষিত থাকিব৷ কেন্দ্ৰীয় চৰকাৰে জনোৱা অনুসৰি চাৰি বছৰৰ পাছত চাকৰি নাথাকিলেও অগ্নিবীৰে আজীৱন ‘অগ্নিবীৰ’ পৰিচয় বহন কৰিব পাৰিব৷ তদুপৰি কেন্দ্ৰীয় বন্দৰ-জাহাজ-জলপথ মন্ত্ৰণালয়ে চাকৰি যোৱা অগ্নিবীৰক তেওঁলোকৰ মন্ত্ৰণালয়ৰ ছটা বিভিন্ন বিভাগত পুনৰ মকৰলৰ সুযোগ দিব৷  ইপিনে, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে জনোৱা মতে চাকৰি যোৱা অগ্নিবীৰে ক্ৰীড়া মন্ত্ৰণালয়ত চাকৰিৰ সুযোগ পাব৷ একেদৰে নৌ বাহিনীতো মাৰ্ছেণ্ট নেভীত চাকৰিৰ সুযোগ পাব চাকৰি যোৱা অগ্নিবীৰে৷