Logo
image

গুৱাহাটীৰ বাবে অশনি সংকেত

ভৰলু নৈৰ গাৰ্ডৱাল ভাগো ভাগো, ফুটা ওলালেই

আমাৰ অসম, ২০ জুনঃ বিগত প্ৰায় ডেৰ সপ্তাহ ধৰি অসমকে ধৰি চুবুৰীয়া ৰাজ্য কেইখনত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ বেছিভাগ নৈ-উপনৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ বিপদসীমাৰ ওপৰেৰে বৈ আছে কেবাখনো নৈ-উপনৈ৷ ইফালে শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাই থকাৰ মাজতে দেওবাৰে পুৱাই গুৱাহাটীত বিপদসীমা অতিক্ৰম কৰে ব্ৰহ্মপুত্ৰই৷ কেন্দ্ৰীয় জল আয়োগৰ গুৱাহাটীস্থ কাৰ্যালয় সূত্ৰই সদৰি কৰা অনুসৰি দেওবাৰে সন্ধিয়া গুৱাহাটীত জলস্তৰৰ পৰিমাণ আছিল ৪৯.৮০ মিটাৰ [বিপদসীমা ৪৯.৬৮ মিটাৰ]৷ আনহাতে দেওবাৰৰ দিনটোত যোৰহাট, তেজপুৰ, ধুবুৰী আৰু গোৱালপাৰাতো ব্ৰহ্মপুত্ৰই বিপদসীমা অতিক্ৰম কৰিছে৷ কেৱল ডিব্ৰুগড়তহে সামান্য পানী কমাত তাত ব্ৰহ্মপুত্ৰই বিপদসীমাৰ অলপ তলেৰে বৈ আছে৷ ইফালে শনিবাৰে গুৱাহাটীত ব্ৰহ্মপুত্ৰই সতৰ্কীকৰণ স্তৰ [৪৮-৬৮ মিটাৰ] অতিক্ৰম কৰাত জলসম্পদ বিভাগে ভৰলুত থকা পানী দুৱাৰখন বন্ধ কৰি দিয়ে৷ ফলত ওফন্দি উঠিছে ভৰলু নৈ৷ জলসম্পদ বিভাগে ভৰলুৰ পানী দুৱাৰত থকা মেছিনৰে পানী নিষ্কাষণ কৰি আহিছে যদিও বৰষুণ বন্ধ নোহোৱাত আৱদ্ধ হৈ থকা পানীভাগ ভবা ধৰণে নিষ্কাষণ কৰিব পৰা হোৱা নাই৷ ইয়াৰ মাজতে বিগত কেবাদিনো ধৰি একেৰাহে বানৰ কবলত পৰা অনিল নগৰৰ সুৰক্ষা কবচ হিচাপে পৰিচিত ভৰলুৰ গাৰ্ডৱালখন কেবা ঠাইতো ফাট মেলাত বান পৰিস্থিতিয়ে অনিল নগৰসহ কাষৰীয়া অঞ্চলসমূহত ভয়ংকৰ ৰূপ লোৱাৰ আশংকা কৰা হৈছে৷ শনিবাৰে নিশাৰে পৰা হোৱা বৰষুণৰ পাছত গাৰ্ড ৱালখনত সৃষ্টি হোৱা ফাটৰে পানী সোমোৱাটো দেওবাৰে পুৱা প্ৰত্যক্ষ কৰাৰ পাছত অঞ্চলটোত বানত ককবকাই থকা বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি হয়৷ অৱশ্যে জলসম্পদ বিভাগৰ ফালৰ পৰা ততাতৈয়কৈ গাৰ্ডৱালৰ ফাট মেলা অংশখিনিত জিঅ’ বেগ আৰু মাটিৰ বস্তাৰে ভেটা দি সোঁত বন্ধ কৰিবলৈ চেষ্টা কৰাা হৈছে৷ কিন্তু সাময়িকভাৱে ফাটৰে পানী সোমোৱা কাৰ্য বন্ধ কৰা হৈছে যদিও নিশা যদি পুনৰ বৰষুণ হয় আৰু ভৰলুৰ জলপৃষ্ঠ পুনৰ বৃদ্ধি পালে সেই ভেটা ভাগি যোৱাৰ আশংকা কৰিছে বাসিন্দাসকলে৷ আনহাতে ব্ৰহ্মপুত্ৰৰ জলস্তৰে শনিবাৰে গুৱাহাটীত বিপদসীমা অতিক্ৰম কৰাৰ পাছত যাত্ৰীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰে দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ আহ্বান মৰ্মে আভ্যন্তৰীণ জল পৰিবহন বিভাগে দেওবাৰৰ পৰা নিৰ্দিষ্ট কাললৈ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰীসেৱা বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে৷ ইফালে কেন্দ্ৰীয় জল আয়োগৰ সূত্ৰই অহা ২৪ ঘণ্টাত ব্ৰহ্মপুত্ৰৰ পানী গুৱাহাটীত পুনৰ বৃদ্ধি পাব বুলি সদৰি কৰিছে৷ যদি ব্ৰহ্মপুত্ৰৰ জলস্তৰ পুনৰ বৃদ্ধি পাই আৰু বৰষুণৰ পৰিমাণো পুনৰ বৃদ্ধি পাই তেনেহ’লে গুৱাহাটীৰ বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰো আশংকা কৰা হৈছে৷ কিয়নো গুৱাহাটীৰ গীতানগৰ থানা, সাতগাঁও থানা, হাতীগাঁও আৰক্ষী চকীকে ধৰি বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠা, বহু শিক্ষানুষ্ঠান চৌহদ, ৰুক্মিণীগাঁও, অনিল নগৰ, নবীন নগৰ, হাতীগাঁও, ৰাজগড়ৰ এটা বৃহৎ অঞ্চল, ৰূপনগৰ, বিৰুবাৰীৰ এটা অঞ্চল বিগত কেইবাদিনো ধৰি কৃত্ৰিম বানৰ কবলত আছে৷ আনকি বহু অঞ্চলত বিদ্যুৎ সেৱা বন্ধ হৈ থকাত নাগৰিকসকল ভীষণ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ জানিব পৰা মতে বানাক্ৰান্ত অঞ্চলৰ বহু বাসিন্দাই নিৰাপদ আশ্ৰয়ৰ বাবে হোটেল আৰু আত্মীয় স্বজনৰ ঘৰত থাকিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে৷