Logo
image

ডিহাইড্ৰেচনত ভুগিলে কেনেকৈ গম পাব

গৰমত ঘাম আৰু প্ৰস্ৰাৱৰ জৰিয়তে দেহৰ পৰা অতিৰিক্ত পানী ওলাই যায়৷ এনে অৱস্থাত যদি পৰ্যাপ্ত পৰিমাণে পানী খোৱা নহয়, তেন্তে ডিহাইড্ৰেচন বা জলহীনতাত ভোগাৰ আশংকা আহি পৰে৷  ডিহাইড্ৰেচনত ভোগাৰ লগে লগে যদি সচেতন হোৱা নাযায় তেন্তে মাৰাত্মক সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ কিন্তু বহুতেই প্ৰাথমিক অৱস্থাত ডিহাইড্ৰেচনত ভোগাৰ বিষয়ে গমেই নাপায়৷ গৰমত ডিহাইড্ৰেচনত ভুগিলে এটা সময়ত কিড্‌নীৰ সমস্যা হ’ব পাৰে৷ প্ৰস্ৰাৱতো ইনফেক্‌চনে দেখা দিব পাৰে৷

ডিহাইড্ৰেচনৰ লক্ষণ সমূহঃ

দেহত পানীৰ পৰিমাণ কমিলে বা ডিহাইড্ৰেচনৰ সমস্যা আৰম্ভ হ’লে এইবোৰ লক্ষণে দেখা দিয়ে–

মূৰৰ বিষ, কোষ্ঠকাঠিন্য, দুৰ্বল ভাৱ, ছাল শুকান হৈ পৰা, অস্থিসন্ধিত বিষ, ওজন বৃদ্ধি পোৱা, ৰক্তচাপ হ্ৰাস পোৱা, ইউৰিন ইনফেক্‌চন আৰু কিডনী বিকল হোৱা আদি৷

ডিহাইড্ৰেচনত ভুগিলে ঘৰুৱা উপায়েৰে মাত্ৰ ৩০ ছেকেণ্ডতে ইয়াৰ পৰীক্ষা কৰিব পৰা যায়৷ ইয়াৰ বাবে আপুনি হাতৰ পাছফালে বা বাহুৰ তলত অথবা পেটৰ ছালত দুই আঙুলিৰে চেপা মাৰি ধৰক৷ কেই ছেকেণ্ড মানৰ পাছত আঙুলিৰ চেপা এৰি দিয়ক৷ এইবাৰ মন কৰক যে ছালৰ বৰণ আচহুৱা যেন লাগিছে নেকি? যদি ছালৰ বৰণ আচহুৱা হৈ পৰিছে আৰু স্বাভাৱিক অৱস্থালৈ উভতি আহোঁতে সময় লৈছে, তেন্তে বুজিব যে আপোনাৰ দেহত ডিহাইড্ৰেচনৰ সমস্যা আৰম্ভ হৈছে৷ যদি ছালৰ বৰণ একেই থাকে তেন্তে বুজিব আপোনাৰ দেহত এই সমস্যা নাই৷

ডিহাইড্ৰেচনৰ সমস্যা কেনেদৰে কমাবঃ

আপুনি যদি ডিহাইড্ৰেচনৰ লক্ষণ অনুভৱ কৰে তেনেহ’লে বাৰে বাৰে অলপ অলপকৈ পানী খোৱা কৰক৷ দিনত পানীৰ উপৰি পৰ্যাপ্ত পৰিমাণে জুলীয়া খাদ্য খাওক যাতে আপোনাৰ প্ৰস্ৰাৱৰ বৰণ পৰিষ্কাৰ হয়৷ বমি ভাব, অতিৰিক্ত ঘাম বা ডায়েৰিয়া হ’লে চিকিৎসকৰ পৰামৰ্শ লওক৷