Logo
image

ছুইছ বেংকত ভাৰতীয়ৰ জমাধন বৃদ্ধি

২০১৪ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত আৰু নিৰ্বাচনৰ পাছত প্ৰধানমন্ত্ৰিত্ব লাভ কৰা নৰেন্দ্ৰ মোদীয়ে ঐন্দ্ৰজালিক সৰস বক্তব্যৰে ভাৰতৰ ভোটাৰক বিজেপিৰ প্ৰাৰ্থীৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সমৰ্থ হৈছিল এই কাৰণতে যে পূৰ্বৰ চৰকাৰসমূহৰ দিনত কেইটামান মৌলিক সমস্যা সমাধান কৰিবই বুলি অতি স্পষ্টভাৱে জনগণক প্ৰতিশ্ৰুতি দিছিল৷ সেইবোৰৰ ভিতৰত অন্যতম  আছিল ক’লাধন উদ্ধাৰ কৰা৷ ছুইজাৰলেণ্ডৰ ছুইছ বেংকত ভাৰতীয়ই জমা ৰখা টকা ভাৰতলৈ ঘূৰাই অনাৰ নিশ্চিত প্ৰতিশ্ৰুতি আৰু দেশখনক দুৰ্নীতি, ভ্ৰষ্টাচাৰৰপৰা মুক্ত কৰি স্বচ্ছ অৰ্থনৈতিক তথা প্ৰশাসনিক ব্যৱস্থা নিশ্চিত কৰা৷ পূৰ্বৰ চৰকাৰৰ শাসনকালত অপ্ৰত্যাশিতভাৱে বৃদ্ধিপ্ৰাপ্ত অত্যাৱশ্যকীয় বয়-বস্তুকে ধৰি আন সা-সামগ্ৰীৰ মূল্য হ্ৰাস কৰি জনগণৰ জীৱন-নিৰ্বাহত সৃষ্টি হোৱা সংকট মোচন কৰা আদি৷ ছুইছ বেংকত ধন জমা ৰখাসকলৰ ভিতৰত আন ৰাজনৈতিক দলৰ নেতা থকাৰ ইংগিতো কৌশলগতভাৱে নিদিয়াকৈ থকা নাছিল৷ ভাৰতবাসী ভোটাৰ উদ্বুদ্ধ হৈছিল আৰু মোদী শাসনলৈ আহিলে দেশত চলি থকা বিয়াগোম দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ নিৰ্মূল হ’ব বুলি আশ্বস্তও হৈছিল৷ কিন্তু ক’লা ধনৰ ভাণ্ডাৰ শূন্য কৰি দুৰ্নীতি আৰু অৰ্থনৈতিক ভ্ৰষ্টাচাৰমুক্ত ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতিৰে দেশৰ শাসনভাৰ লোৱা মোদী চৰকাৰে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু ক’লা ধনৰ পোহাৰ মেলিব বুলি জনগণে কল্পনাই কৰিব পৰা নাছিল৷ শাসনত বহাৰ পাছতেই চৰকাৰে অৰ্থনৈতিক তথা প্ৰশাসনীয় ব্যৱস্থাক এটা ব্যৱসায়ীক গতি প্ৰদান কৰিলে৷ কোটিপতি ব্যৱসায়ীক তথা বণিক গোষ্ঠীৰেই অনুৰূপ মনোবৃত্তিৰে জনতাক শোষণৰ নীতি তথা পদ্ধতিকে অৱলম্বন কৰিবলৈ লোৱা বুলি সচেতন মহলক ভাবিবলৈ বাধ্য কৰালে৷ চৰকাৰ নে ব্ৰিটিছ ইণ্ডিয়াৰ আমোলৰ ইষ্ট-ইণ্ডিয়া কোম্পানীৰসদৃশ এটা ব্যৱসায়িক কোম্পানী, তেনে এক সাঁথৰ যেন প্ৰশ্নৰ অৱতাৰণা হ’বলৈ ধৰিছে৷ দেশৰ ব্যৱসায়ীক উদ্যোগ, কোম্পানীৰ পৰিচালক অথবা কতৃৰ্পক্ষৰ ব্যৱসায়িক আচৰণ তথা পৰিকল্পনাৰ পৰিপূৰক ব্যৱস্থা আৰু পদ্ধতিৰ অনুৰূপ আৰ্থিক গতিৰে ৰাষ্ট্ৰৰ মৌলিক শাসন ব্যৱস্থাৰ নীতি তথা অৰ্থনৈতিক ভেটিৰ কাঠামো বিধবংস কৰা বুলি সচেতন নাগৰিক চিন্তিত হৈছে৷ মোদী চৰকাৰৰ শাসন কালতে ছুইছ বেংকত জমা হোৱা ভাৰতীয়ৰ ক’লা ধনে দেশত সংঘটিত দুৰ্নীতি, ভ্ৰষ্টাচাৰ তথা গণশোষণৰ বাস্তৱিকতা প্ৰমাণ কৰিছে৷ বিমুদ্ৰাকৰণ ব্যৱস্থাৰে মোদী চৰকাৰে বিদেশত জমা থকা ক’লা ধন আনিব বুলি দেশবাসীক প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু ২০১৫-১৬ বিত্তীয় বৰ্ষত ছুইছ বেংকত জমা থকা ক’লা ধনৰ পৰিমাণ ৪,৫০০ কোটিৰপৰা ২০১৭ত হ’লগৈ ৭,০০০ কোটি টকা৷ ২০২০ বৰ্ষত হ’লগৈ ২০,৭০০ কোটি টকা আৰু ২০২১ত অভিলেখ হাৰত বৃদ্ধি পাই হয়গৈ ৩০,৫০০ কোটি টকা৷ ক’লা ধনৰ আন এটা নাম ‘গুপ্ত ধন’৷ অলেখ ভাৰতীয় পুঁজিপতি ধনিক শ্ৰেণীৰ বণিয়াই জনসাধাৰণক নানা ছল-চক্ৰান্তৰে শোষণ কৰি গুপ্ত ধনৰ পুঁজি গঢ়ে আৰু সেইবোৰ নিজ দেশত ব্যৱহাৰ বা বিনিয়োগ কৰিব পৰাৰ সুবিধা কৰিব নোৱৰাৰ কাৰণতে ছুইজাৰলেণ্ডৰ বেংক বা আন দেশৰ বেংকতে জমা থৈ ক’লা ধনৰ বজাৰখন ‘বগা বজাৰলৈ’ ৰূপান্তৰিত কৰিব পাৰে৷ ভাৰত চৰকাৰৰ মন্ত্ৰী আৰু প্ৰশাসনীয় উচ্ছ পৰ্যায়ৰ সহযোগ অবিহনে এনে এখন ক’লা বজাৰ চলাই ৰাখিব পৰাৰ যুক্তি অবান্তৰ৷ কোন বিত্তশালী ভাৰতীয়ই ছুইছ বেংকত ক’লা ধন জমা ৰাখিছে তাৰ তালিকা মোদী চৰকাৰে পোৱাৰ পাছত উক্ত বেংকত ভাৰতীয়ৰ ক’লা ধনৰ জমা ৫০ শতাংশৰো অধিক বৃদ্ধি হৈছে৷ গতিকে প্ৰশ্ন হৈছে, মোদী চৰকাৰে ছুইছ বেংকৰ পূৰ্বৰ জমা ধন উলিয়াই অনাৰ প্ৰতিশ্ৰুতি ৰক্ষাৰ দায়িত্ব লৈছে নে ক’লা ধন যিমান পাৰে সিমানে ছুইছ বেংকত জমা ৰখাৰ বাবে ভাৰতীয় পুঁজিপতি, বণিয়া গোষ্ঠীক সহায় কৰিছে৷ পৃথিৱীৰ বৃহত্তৰ আৰ্থিক সম্পদশালী তথা ধনৱান দল হিচাপে বিজেপিক প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱাৰ ভিতৰচ’ৰাত ক’লা ধনৰ বিষয়টো পেঁচ খাই আছে নেকি? ৰাইজৰ মূৰত জাপি দিয়া কৰ-কাটলৰ বোজা, সামগ্ৰীৰ ওপৰত অভূতপূৰ্ব মূল্যবৃদ্ধি আদিৰ অন্তৰালৰ কাৰণো এনেবোৰ গুপ্ত তথা ক’লা ধনৰ পুঁজিৰ লগত সম্পৰ্কিত নহয় বুলি চৰকাৰে ক’ব পাৰিবনে?