Logo
image

এফালে প্ৰকৃতিৰ প্ৰলয় আনফালে ওপৰ মহলৰ হেঁচা, বিপৰ্যস্ত আৰক্ষী

নাই ৰাবাৰ ব’ট, নাই লাইফ জেকেট

আমাৰ অসম, ২০ জুনঃ ভয়ংকৰ বানৰ মাজতে কৰ্তব্য পালন কৰিবলৈ গৈ দুজন বিষয়া-জোৱানৰ সলিল সমাধি ঘটা ঘটনাই ৰাজ্যবাসীক মৰ্মাহত কৰি তুলিছে৷ দেওবাৰে মাজনিশা কামপুৰৰ পাছনিজাৰ মধুপুৰত বানত ডুবি কৰুণ মৃত্যুক আঁকোৱালি লয় কামপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমুজ্জ্বল কাকতি আৰু কনিষ্টবল ৰাজীৱ বৰদলৈয়ে৷ এটা আছামীক কৰায়ত্ত কৰিবলৈ বানৰ মাজত খোজকাঢ়ি আগবাঢ়ি যাওঁতেই বিষয়া-জোৱানদ্বয়ে দ পানীত পৰি মৃত্যু হোৱা বুলি আৰক্ষীৰ ফালৰ পৰা প্ৰথমে প্ৰকাশ কৰিছিল৷ অৱশ্যে নগাঁও জিলা আৰক্ষী অধীক্ষকে বানত আৱদ্ধ লোকক উদ্ধাৰৰ বাবে যাওঁতেহে সাহসী আৰক্ষীদ্বয়ৰ সলিল সমাধি ঘটা বুলি সদৰি কৰা স্ববিৰোধী মন্তব্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কিয়নো আৰক্ষী বিষয়া-জোৱানদ্বয়ে৷ যদিহে বানত আৱদ্ধ লোকক উদ্ধাৰৰ বাবে গৈছিল, তেনেহ’লে ৰাবাৰ ব’ট বা নাও৷ বাদেই লাইফ জেকেট এটাও কিয় পিন্ধি যোৱা নাছিল বুলি প্ৰশ্ন উঠিছে৷ স্বাভাৱিকতেই এই ঘটনাৰ পাছত অসম আৰক্ষীৰ আন্তঃগাঁথনিৰ অভাৱ বুলিও চৰ্চা লাভ কৰিছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে অসম আৰক্ষীৰ আন্তঃগাঁথনিৰ উন্নয়নেৰে আধুনিকীকৰণৰ নামত কোটি কোটি টকা ব্যয় কৰি আহিছে যদিও বাস্তৱত তলৰ পৰ্যায়ৰ আৰক্ষী বিষয়া জোৱানসকলে বিশেষ কোনো সা-সুবিধা লাভ নকৰাৰ অভিযোগ উঠিছে৷ অথচ এইসকল ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াৰ বিপৰীতে উচ্ছ পদবীৰ শীৰ্ষ আৰক্ষী বিষয়াসকলে অত্যাধুনিক সকলোধৰণৰ সা-সুবিধা ভোগ কৰি আহিছে৷ শীৰ্ষ বিষয়াসকলে থানা পৰ্যায়ৰ বিষয়া-জোৱানৰ অভাৱ-অভিযোগক কোনো গুৰুত্ব দিয়াৰ পৰিৱৰ্তে শাৰিৰীক-মানসিকভাৱে হেঁচা প্ৰয়োগ কৰি প্ৰকৃতিক দুৰ্যোগৰ মাজতো কৰ্তব্য সম্পাদন কৰিবলৈ বাধ্যহে কৰোৱাইছে৷ ইয়াৰ যেন অন্যতম উদাহৰণৰ কামপুৰত বানত সলিল সমাধি ঘটা এই বিষয়া-জোৱানদ্বয়৷ ভয়াৱহ বানৰ মাজতো শীৰ্ষ বিষয়াৰ নিৰ্দেশ পালন কৰিবলৈ গৈ নাও তথা লাইফ জেকেট অবিহনে পানীত খোজকাঢ়ি যোৱাৰ বাবেই মৃত্যুমুখত পৰে সমুজ্জল কাকতি আৰু ৰাজীৱ বৰদলৈৰ৷ অৱশ্যে আৰক্ষীৰ ভিতৰ মহলত চৰ্চা লাভ কৰা অনুসৰি সোমবাৰে কেইবাটাও বাওঁ ছাত্ৰ সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ আগতীয়াকৈ খবৰ লাভ কৰাত নেতৃত্ব দিয়া এজনে ছাত্ৰ নেতাক আটক কৰাৰ বাবেই মাজনিশা শীৰ্ষ বিষয়াৰ নিৰ্দেশত বানৰ মাজত অভিযান চলাইছিল কামপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে৷ যাৰ পৰিণতি হিচাপে অৱশেষত মৃতদেহ হৈ উভটিব লগা হ’ল আৰক্ষী বিষয়া-জোৱানদ্বয়ৰ৷ আৰক্ষীৰ তলৰ পৰ্যায়ৰ বিষয়াসকলে কেৱল শীৰ্ষ বিষয়াৰ নিৰ্দেশ পালন কৰাই নহয়, নেতা-মন্ত্ৰীসকলৰো ব্যাপক হেঁচাৰ সন্মুখীন হ’বলগীয়া হৈ আহিছে৷ ২৪ ঘণ্টাই যেন এনে শাৰিৰীক-মানসিক নিৰ্যাতনৰ বলি হৈ বহু সময়ত একাংশ আৰক্ষীক ৰাজহুৱাকৈ ক্ষোভ প্ৰকাশ কৰাও দেখা গৈছে৷ ইপিনে মন্ত্ৰী-বিধায়কসকলক এছক’ৰ্টৰ নামৰ খাদ্য আৰু নিদ্ৰাত সময় দিব নোৱাৰা আৰক্ষীয়ে কছক’ৰ্ট বাহন দুৰ্ঘটনাতো পতিত কৰা বহু ঘটনা সংঘটিত হৈছে৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ এছক’ৰ্ট বাহন দুৰ্ঘটনাত পতিত হোৱাৰ বিপৰীতে দেওবাৰে মন্ত্ৰী অতুল বৰাৰ এছক’ৰ্ট বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ এজন পথচাৰীৰ মৃত্যু মুখতো পৰে৷ এনে মানসিক হেঁচাৰ বাবে একাংশ আৰক্ষীয়ে কেৱল ক্ষোভ প্ৰকাশ কৰাতে ক্ষান্ত নাথাকি, চৰম পন্থাও গ্ৰহণ কৰা দেখা যায়৷ দেওবাৰে এনে কাৰণতে যোৰহাটৰ চেলেংহাট থানাৰ ভূপেন দিহিঙীয়া নামৰ এজন আৰক্ষী বিষয়াই ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যাৰ পথ বাছি লৈছিল৷ আৰক্ষী বিষয়াজনৰ পত্নীয়ে জিলা আৰক্ষী অধীক্ষকৰ মানসিক নিৰ্যাতনৰ বাবেহে স্বামীয়ে আত্মহত্যা কৰা বুলি গুৰুতৰ অভিযোগ কৰিছে৷ ইয়াৰ পূৰ্বেও শিলচৰ সদৰ থানাত উপ পৰিদৰ্শক গৌৰ বিধু সিঙে গুলীয়াই আত্মহত্যাৰ পথ বাছি লোৱাৰ বিপৰীতে দুমাহ পূৰ্বে বি টি এ ডিতো এজন আৰক্ষী বিষয়াই আত্মহত্যা কৰিছিল৷

দহ বছৰীয়া কন্যাক এৰি থৈ গ’ল দিহিঙীয়াই

আমাৰ অসমঃ লখিমপুৰ সদৰ থানাৰ অন্তৰ্গত তথা লীলাবাৰী ২ নং পোটাপুখুৰী গোহাঁই গাঁৱৰ আৰক্ষী উপ-পৰিদৰ্শক ভূপেন দিহিঙীয়াই দেওবাৰে বিয়লি কৰ্তব্যস্থলিত নিজৰ ছাৰ্ভিচ পিষ্টলেৰে আত্মহনন কৰা কাৰ্যই লখিমপুৰৰ লীলাবাৰীত গভীৰ শোকৰ ছাঁ পেলাইছে৷ আজি সন্ধিয়া তেওঁৰ মৃতদেহ লীলাবাৰীৰ আপোন ঘৰ আহি পোৱাত সমগ্ৰ অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷ উল্লেখ্য যে, মাত্ৰ কেইদিনমানৰ পূৰ্বে যোৰহাট জিলাৰ চেলেংহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত উপ-পৰিদৰ্শক হিচাপে কৰ্তব্যত যোগদান কৰা ভূপেন দিহিঙীয়াই [৩৬] কালি বিয়লি নিজৰ ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যাৰ পথ বাছি লয়৷ পত্নীৰ লগতে এগৰাকী ১০ বছৰীয়া কন্যা সন্তানসহ বহু আপোনজনক এৰি যোৱা দিহিঙীয়াই কিয় আত্মহত্যাৰ পথ বাছি ল’লে সেই কথা জানিব পৰা হোৱা নাই৷

এছপিৰ বাবেই ভূপেন দিহিঙীয়াই আত্মহত্যা কৰিলে! পত্নীৰ অভিযোগ

আমাৰ অসমঃ যোৰহাট জিলাৰ টীয়ক থানাৰ অন্তৰ্গত চেলেংহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভূপেন দিহিঙীয়াই দেওবাৰে চৰকাৰী আৱাসত নিজৰ ছাৰ্ভিচ ৰিভলভাৰেৰে গুলীয়াই আত্মহত্যা কৰা ঘটনাই নতুন মোৰ লৈছে৷ আৰক্ষী বিষয়াজনৰ আত্মহত্যাৰ সৈতে জিলাখনৰ আৰক্ষী অধীক্ষক মোহনলাল মিনাৰ নাম জড়িত হৈ পৰিছে৷ আৰক্ষী অধীক্ষক মিনাই এটা গোচৰৰ বাবে আৰক্ষী বিষয়া ভূপেন দিহিঙীয়াক ককৰ্থনা কৰা বাবেই তেওঁ চৰম সিদ্ধান্ত লোৱা বুলি দিহিঙীয়াৰ পত্নী কৰিণা চুতীয়াই অভিযোগ উত্থাপন কৰিছে৷ প্ৰাপ্ত অভিযোগ মতে, ভূপেন দিহিঙীয়াই লাহদৈগড় আৰক্ষী চকীৰ উপ-পৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত দুৰ্ঘটনাত পতিত হোৱা এখন গৰুভৰ্তি ট্ৰাক আৰক্ষীয়ে জব্দ কৰাৰ গোচৰত আদালতে আৰক্ষীৰ বিৰুদ্ধে ৰায়দান কৰে৷ এই গোচৰটোৰ সৈতে ভূপেন দিহিঙীয়া জড়িত আছিল আৰু সেয়ে তেওঁক আৰক্ষী অধীক্ষকজনে ককৰ্থনা কৰে৷ শীৰ্ষ আৰক্ষী বিষয়াজনৰ ককৰ্থনা সহ্য কৰিব নোৱাৰিয়ে তেওঁ আত্মহত্যা কৰা বুলি অভিযোগ উঠিছে৷ আজি পুৱা আৰক্ষী বিষয়াজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ অনাৰ সময়ত লক্ষীমপুৰৰ পৰা আহি উপস্থিত হোৱা দিহিঙীয়াৰ পত্নী কৰিণা চুতীয়াই কয় যে শুকুৰবাৰে তেওঁৰ স্বামীয়ে আৰক্ষী চকীখনৰ ভাৰপ্ৰাপ্ত বিষয়া যোগদান কৰে৷ দেওবাৰে পুৱা ৮.০০ বজাত স্বামীয়ে তেওঁৰ লগত ভালদৰে কথা পাতিছিল আৰু ভাত খাই কৰ্তব্যলৈ ওলাই আহিছিল৷ কিন্তু বিয়লি প্ৰায় ১.৩০ বজাত আৰক্ষী চকীৰ পৰা দিহিঙীয়াৰ গা বেয়া বুলি কৈ তেওঁক মাতি পঠিয়ায়৷ তেওঁ লগতে কয় যে  দিহিঙীয়াক এখন গৰু সৰবৰাহ কৰা ট্ৰাকৰ গোচৰত জিলাখনৰ আৰক্ষী অধীক্ষকে বেয়াকৈ গালি পাৰে৷ একাধিকবাৰ তেওঁৰ স্বামীক আৰক্ষী অধীক্ষকে গৰু সৰহৰাহ কৰা গাড়ীৰ প্ৰসংগত গালি পৰাৰ বিষয়ে চুতীয়াই প্ৰকাশ কৰে৷ সেয়ে আৰক্ষী অধীক্ষকৰ দ্বাৰা হাৰাশাস্তিৰ সন্মুখীন হৈয়ে দিহিঙীয়াই আত্মহত্যাৰ পথ বাছি লোৱা বুলি কৰিণা চুতীয়াই অভিযোগৰ আঙুলি টেঁাৱাইছে৷ এই সন্দৰ্ভত জিলাখনৰ আৰক্ষী অধীক্ষক মোহনলাল মিনাৰ সৈতে যোগাযোগ কৰাত কয় যে তেওঁ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনক কোনোধৰণৰ গালি পৰা নাছিল৷ তেওঁৰ পত্নীয়ে হয়তো আবেগৰ বশৱৰ্তী হৈ তেনেদৰে ক’ব পাৰে৷ কিন্তু সেয়া মুঠেও সত্য নহয়৷ দিহিঙীয়াক লগ পোৱাৰ সময়ত অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীও উপস্থিত আিছল আৰু লাহদৈগড় থানাৰ গৰু সৰবৰাহৰ গাড়ীৰ বিষয়টো সন্দৰ্ভত ছেছন আদালতৰ ৰায়ৰ বিৰুদ্ধে উচ্ছ ন্যায়ালয়ত আপীল কৰাৰহে পৰামৰ্শ¸ দিছিল৷ উল্লেখ্য, এপ্ৰিল মাহত নগাঁৱলৈ গৰু কঢ়িয়াই নিয়া এখন গাড়ী লাহদৈগড়ত দুৰ্ঘটনাত পতিত হৈছিল৷ লাহদৈগড় আৰক্ষীয়ে গৰুসহ ট্ৰাকখন জব্দ কৰি ট্ৰাকখন আৰক্ষী চকীত ৰখাই থোৱাৰ বিপৰীতে গৰুখিনি গোশালাত চমজাই দিছিল৷ ইয়াৰ বিৰুদ্ধে গৰুৰ মালিকে যোৰহাটৰ ছেছন আদালতত গোচৰ দিয়ে৷ এই গোচৰত আদালতে গৰুসহ গাড়ীখন চমজাই দিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে৷ উক্ত নিৰ্দেশৰ সন্দৰ্ভত কি কৰিব লাগিব সেই সম্পৰ্কে পৰামৰ্শ ল’বলৈ দিহিঙীয়া আৰক্ষী অধীক্ষকৰ ওচৰলৈ নিজে আহিছিল আৰু সেইমতে আৰক্ষী অধীক্ষকজনে দিহিঙীয়াক উচ্ছ ন্যায়ালয়ত ছেছন আদালতৰ ৰায়টোৰ প্ৰত্যাহ৩ান জনাবলৈ কৈছিল বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক মৃ°¬য় গোস্বামীয়ে জানিবলৈ দিয়ে৷ সেয়ে কাৰ ভাষ্য সত্য সেয়া নিৰপেক্ষ তদন্তৰ দ্বাৰাহে পোহৰলৈ আহিব৷ ৰাইজে এই ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে৷ ইফালে দিহিঙীয়াই এটা ছুইচাইড নোট লিখি থৈ যোৱা বুলি এক নিৰ্ভৰয্যোগ সূত্ৰই প্ৰকাশ কৰিছে যদিও আৰক্ষীয়ে এই সন্দৰ্ভত আজিও কোনো তথ্য প্ৰকাশ কৰা নাই৷ সেয়ে তেওঁৰ ছুইচাইড নোট আৰক্ষীয়ে লুকুৱাই ৰখা বা নষ্ট কৰি পেলোৱা বুলিও অভিযোগ উঠিছে৷ উল্লেখ্য, আজি  মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত দিহিঙীয়াৰ মৃতদেহ যোৰহাট আৰক্ষী নিৱেশলৈ নি শেষশ্ৰদ্ধা জনোৱা হয়৷ ইয়াৰ পাছতে এছক’টসহ তেওঁৰ মৃতদেহ লখিমপুৰৰ নিজা বাসগৃহলৈ প্ৰেৰণ কৰা হয়৷