Logo
image

চৰকাৰ-প্ৰতিবাদী সমুখ সমৰত

অগ্নিপথঃবন্ধৰ মিশ্ৰিত প্ৰভাৱ

নতুন দিল্লী, ২১ জুনঃ মোদী চৰকাৰে সেনাবাহিনীত ঠিকাভিত্তিক নিযুক্তিক লৈ ঘোষণা কৰা অগ্নিপথ প্ৰকল্প প্ৰত্যাহাৰৰ দাবীত দেশজুৰি  প্ৰতিবাদ অব্যাহত আছে৷ যোৱা দিনকেইটাত দেশৰ বিভিন্ন প্ৰান্তত অগ্নিপথ প্ৰকল্প বাতিল কৰাৰ দাবীত হাজাৰ হাজাৰ প্ৰতিবাদীয়ে  অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাছত সোমবাৰে কেইবাটাও সংগঠনে ভাৰত বন্ধৰ আহ্বান জনায়৷ প্ৰতিবাদী ভাৰত বন্ধৰ সময়ত আজি পুৱাৰে  পৰা বিহাৰ, হাৰিয়ানা, ৰাজস্থান, নতুন দিল্লী, উত্তৰ প্ৰদেশ আদিকে ধৰি কেইবাখনো ৰাজ্যত প্ৰতিবাদে  হিংসাত্মক ৰূপ লয়৷ ঠায়ে ঠায়ে প্ৰতিবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হয় হতাহতি৷ দিল্লীকে ধৰি কেইবাঠাইতো প্ৰতিবাদীক ছত্ৰভংগ দিয়াবলৈ নিৰাপত্তাৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ আৰু লাঠীচালনা কৰিবলগীয়া হয়৷ ইয়াৰ মাজতে ঠায়ে ঠায়ে বিশেষকৈ উত্তৰ ভাৰতৰ ৰাজ্যসমূহত ভাৰত বন্ধ মিশ্ৰিত হোৱা দেখা যায়৷ উল্লেখ্য যে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যোৱা ১৪ জুনত  কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ প্ৰকল্পৰ বিষয়ে ঘোষণা কৰে৷ ইয়াৰ পাছৰে পৰা এই প্ৰকল্প প্ৰত্যাহাৰৰ দাবীত বিহাৰকে ধৰি বিভিন্ন ৰাজ্যত প্ৰতিবাদ আৰম্ভ হয়৷ প্ৰতিবাদীসকলে ৰাজহুৱা সম্পত্তি  ধবংস কৰাৰ উপৰিও বিহাৰত ইখনৰ পিছত সিখন ৰে’লত অগ্নি সংযোগ কৰিবলৈ ধৰে৷ সোমবাৰে প্ৰতিবাদী সংগঠনসমূহে ভাৰত বন্ধ কাৰ্যসূচী গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত ৰে’লবিভাগে ছশৰো অধিক ৰে’লৰ যাত্ৰা বাতিল কৰে৷ আনহাতে ভাৰত বন্ধৰ সময়ছোৱাত নতুন দিল্লীৰ কেইবাঠাইতো প্ৰতিবাদীসকলে টায়াৰ জ্বলাই পথ অৱৰোধ কৰে৷ ফলত দেশৰ ৰাজধানী চহৰখনত সোমবাৰে পুৱাৰে পৰা প্ৰচণ্ড যান-জঁটৰ সৃষ্টি হয়৷ ইপিনে হাৰিয়ানা চৰকাৰে অগ্নিপথ বিৰোধী আন্দোলনে ভয়াৱহ ৰূপ ধাৰণ কৰালৈ চাই ৰাজ্যখনৰ সকলোবোৰ বেচৰকাৰী ক’চিং চেণ্টাৰ অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়ে৷ মুঠৰ ওপৰত মোদী চৰকাৰৰ ঠিকাভিত্তিক সেনা নিযুক্তি প্ৰকল্প প্ৰত্যাহাৰৰ দাবীত আৰম্ভ হোৱা প্ৰতিবাদে ক্ৰমাৎ ভয়ংকৰ দিশলৈ গতি কৰা আৰম্ভ কৰিছে৷ ইয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰখনে অগ্নিপথ প্ৰকল্প কোনো কাৰণতে প্ৰত্যাহাৰ কৰা নহয় বুলি স্পষ্ট কৰি দিছে৷ ইয়াৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি নেতাসকলে অগ্নিপথক লৈ কৰা বিভিন্ন মন্তব্যই জ্বলা জুইত ঘিউ ঢালিবলৈ লৈছে৷ দুদিন পূৰ্বে কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে এক সংবাদমেলত অগ্নিবীৰসকলক নাপিত, ইলেক্ট্ৰিচিয়ান, গাড়ীচালক আদিৰ প্ৰশিক্ষণ দিয়া হ’ব বুলি উল্লেখ কৰে৷ তেওঁৰ মতে সেনাবাহিনীত হাজাৰ হাজাৰ নাপিত, ইলেক্ট্ৰিচিয়ান আৰু গাড়ীচালকৰ পদ খালী আছে৷ একেদৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাস বিজয়বৰ্গীয়ে দেওবাৰে অগ্নিবীৰক লৈ আন বিতৰ্কিত মন্তব্য কৰে৷ বিজেপিৰ কেন্দ্ৰীয় নেতাজনে কয় যে ‘বিজেপিৰ কাৰ্যালয়ত যদি নিৰাপত্তাৰক্ষীৰ প্ৰয়োজন হয় তেন্তে তাৰ বাবে মই অগ্নিবীৰকহে নিয়োগ কৰিম৷’ কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি নেতাসকলে এনে মন্তব্যৰে  অগ্নিবীৰসকলক অপমানিত কৰাত বিভিন্ন মহলে তীব্ৰ সমালোচনা কৰা আৰম্ভ কৰিছে৷ সামাজিক মাধ্যমত বিভিন্নজনে প্ৰশ্ন কৰিছে যে অগ্নিবীৰসকল কি  নাপিত, ইলেক্টিªচিয়ান, বা গাড়ীচালকৰহে যোগ্য নেকি? দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে টুইটযোগে কয় যে যুৱক আৰু সেনা জোৱানসকলক অসন্মান নকৰিব৷ বিজেপিৰ কাৰ্যালয়ত নিৰাপত্তাৰক্ষীৰ কাম কৰিবলৈ নহয়, সেনাবাহিনীত চাকৰি পাবলৈ তেওঁলোকে শাৰীৰিক সক্ষমতাৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ দিন-ৰাতি একাকাৰ কৰি পৰিশ্ৰম কৰে৷ গতিকে অগ্নিপথ প্ৰকল্প আৰম্ভ হোৱাৰ পূৰ্বেই এনে মন্তব্যৰে জোৱানসকলক অপমান নকৰিব৷ ইপিনে কেন্দ্ৰীয় চৰকাৰে অগ্নিপথ প্ৰকল্পৰ বিৰোধিতা কৰাসকলে সেনাত ভৰ্তি হ’ব নোৱাৰে বুলি কোৱাৰ লগতে প্ৰতিবাদৰ নামত হিংসাত্মক কাৰ্যত লিপ্ত হোৱা সকলক ৫ বছৰৰ কাৰদণ্ডেৰে দণ্ডিত কৰিব বুলি ঘোষণা কৰাৰ পাছতে আন্দোলন দেশজুৰি তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে৷ ইপিনে এই পৰিস্থিতিৰ মাজতে মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই আজি সকলোকে এক সুখবৰ আগবঢ়ায়৷ ৬৭ বছৰীয়া উদ্যোগপতিজনে আজি টুইটযোগে কয় যে মহিন্দ্ৰা গ্ৰুপে যোগ্য আৰু প্ৰশিক্ষিত অগ্নিবীৰসকলক সংস্থাপন দিব৷ তদুপৰি অগ্নিপথক লৈ দেশজুৰি চলি থকা বিশৃংখল পৰিস্থিতি সন্দৰ্ভত তেওঁ দুখ প্ৰকাশ কৰে৷  আনন্দ মহিন্দ্ৰাৰ এনে পদক্ষেপক অসংখ্যজনে প্ৰশংসাৰে ওপচাই পেলাইছে৷ ইপিনে দেশজুৰি চলি থকা প্ৰতিবাদ আৰু বিক্ষোভৰ মাজতে আজি অগ্নিপথ প্ৰকল্পৰ নিয়োগ বিজ্ঞপ্তি জাৰি কৰা হয়৷