প্ৰতিশ্ৰুতি পূৰণত সদিচ্ছা দেখুৱাওক চৰকাৰে
প্ৰতিবাৰেই নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰ চলাবলৈ অহা ৰাজনৈতিক নেতাসকলে অসমৰ বান সমস্যা সমাধানত অগ্ৰাধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে৷ কিন্তু শাসনত অধিষ্ঠিত হোৱাৰ পাছত সেই প্ৰতিশ্ৰুতিবোৰলৈ পিঠি দিয়াটো এটা সাধাৰণ কথা হৈ পৰে৷ এইসকল ৰাজনৈতিক নেতাৰ কেৱল নিৰ্বাচনৰ সময়তহে অসমৰ ৰাইজলৈ মনত পৰে৷ বাৰিষাৰ বানে ৰাজ্যখনক জুৰুলা কৰাৰ সময়ত কিন্তু অসমবাসীৰ খবৰ লোৱাৰ আহৰি নাথাকে তেওঁলোকৰ৷ এইবাৰো দুমাহত দুবাৰকৈ বানে বিধবস্ত কৰিলে অসমক৷ জুনৰ প্ৰবল বৃষ্টিপাতৰ ফলত হোৱা বান আৰু খহনীয়াৰ ফলত ৩২খন জিলাৰ প্ৰায় ৪৮ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে৷ প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা আশীৰো অধিক হৈছে৷ ব্ৰহ্মপুত্ৰৰ লগতে বৰাক উপত্যকাতো বানৰ প্ৰলয়ংকৰী ৰূপ৷ বানে নষ্ট কৰিছে এক লাখ দহ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি৷ বহুতৰে ঘৰ-বাৰী নিশ্চিহ্ন হৈ গৈছে৷ মুঠতে এক অৱৰ্ণনীয় পৰিস্থিতি৷ প্ৰবল বৃষ্টিপাতৰ ফলত সৃষ্টি হোৱা বানে ৰাজ্যবাসীক জুৰুলা কৰাৰ সময়তে চুবুৰীয়া দেশ ভূটানে কুৰিশ্বু নদীৰ পানী এৰি দিয়াৰ ফলত নামনি অসমৰ কেইবাখনো জিলাত ব্যাপক ক্ষতি কৰিছে৷ অসমত বানৰ সমস্যা কোনো নতুন পৰিঘটনা নহয়৷ প্ৰতিবছৰে বান আৰু খহনীয়াৰ বাবে লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হয়৷ অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বাবে দীৰ্ঘদিনৰ পৰা দাবী উত্থাপন হৈ আহিলেও এই বিষয়টোত এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ইতিবাচক সঁহাৰি পোৱা হোৱা নাই৷ কেন্দ্ৰত থকা চৰকাৰৰ প্ৰতিনিধিৰ মন্তব্য হৈছে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিলেই অসমৰ বান সমস্যাৰ স্থায়ী সমাধান নহয়৷ বান পৰিস্থিতি নিয়ন্ত্ৰণৰবাবে ‘একশ্বন প্লেন’ প্ৰস্তুত কৰি সেইমতে কাম কৰিব লাগিব৷ কিন্তু কেতিয়া প্ৰস্তুত কৰা হ’ব এই ‘একশ্বন প্লেন’? উল্লেখ্য, অসমৰ মুঠ মাটিকালিৰ চল্লিছ শতাংশ হৈছে বানপ্ৰৱণ আৰু প্ৰতিবছৰে বানৰ সংহাৰৰ বাবে ৰাজ্যখনৰ গড়ে প্ৰায় দুশ কোটি টকাৰ লোকচান হয়৷ বিশেষজ্ঞসকলৰ মতে, সঠিক পৰিকল্পনাৰ অভাৱৰ বাবেই অসমৰ বান সমস্যাৰ সমাধান উলিয়াব পৰা হোৱা নাই৷
প্ৰতিবছৰে জুন-জুলাইত অসমৰ নৈপৰীয়া লোকসকলৰ দুৰ্যোগ আৰম্ভ হয়৷ প্ৰবল বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈবোৰ ফেনে-ফোটোকাৰে বাঢ়ি আহি বিস্তীৰ্ণ অঞ্চল বুৰাই পেলায়৷ তদুপৰি চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু ভূটানে এৰি দিয়া পানীয়েও বিপৰ্যস্ত কৰি তোলে সৰ্বসাধাৰণক৷ বিশেষজ্ঞসকলৰ মতে, অসমৰ ভৌগোলিক অৱস্থানৰ বাবে ৰাজ্যখনত সহজে বানৰ সমস্যাৰ সৃষ্টি হয়৷ তদুপৰি ৰাজ্যখনৰপ্ৰধান নদ ব্ৰহ্মপু্ত্ৰৰ গভীৰতা হ্ৰাস পোৱাটোও বানৰ অন্যতম কাৰণ৷ এটা কথা স্বীকাৰ্য যে এই সমস্যাৰ সমাধানৰ বাবে সময় লাগিব৷ প্ৰয়োজন হ’ব বৈজ্ঞানিক চিন্তা-চৰ্চাৰ৷ বিশেষজ্ঞৰ মতামতক গুৰুত্ব দি কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰে সমস্যাটোৰ সমাধান-সূত্ৰৰ সন্ধান উলিওৱাত গুৰুত্ব দিয়া উচিত৷ ব্ৰহ্মপুত্ৰৰ খননৰ বিষয়টোও মাজে-সময়ে উত্থাপন হয় যদিও এই সন্দৰ্ভতো কোনো সিদ্ধান্ত লোৱা হোৱা নাই৷ চৰকাৰৰ ফালৰ পৰা প্ৰায়েই কোৱা হয় যে বান নিয়ন্ত্ৰণৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত মথাউৰি নিৰ্মাণ আৰু মেৰামতিত গুৰুত্ব দিয়া হৈছে৷ কিন্তু আসোঁৱাহপূৰ্ণ নিৰ্মাণকাৰ্যৰ বাবে বাৰিষাৰ সময়ত এই বহু মথাউৰি ছিগি যোৱাটো নিয়মিত ঘটনাত পৰিণত হৈছে৷ ব্ৰহ্মপুত্ৰ নদ নিয়ন্ত্ৰণ আৰু ইয়াৰ জলসম্পদৰ যথোচিত ব্যৱহাৰৰ বাবে ব্ৰহ্মপুত্ৰ ব’ৰ্ড এখন আছে যদিও অসমৰ বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব’ৰ্ডখনে একোৱে কৰিব পৰা নাই৷ ৰাজ্যৰ কোনবোৰ অঞ্চলত বান-খহনীয়াই অধিক ক্ষতি কৰে, সেই অঞ্চলবোৰ চিনাক্ত কৰি আগতীয়াকৈ বান প্ৰতিৰোধৰ ব্যৱস্থা লোৱাৰ চিন্তা-চৰ্চা চলোৱা উচিত৷ বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্য উভয়তে আছে ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰৰ শাসন৷ নিৰ্বাচনী প্ৰচাৰৰ সময়ত অসমলৈ আহি বিজেপিৰ নেতা-মন্ত্ৰীসকলে যিবোৰ প্ৰতিশ্ৰুতি দিছিল, এতিয়া সেই প্ৰতিশ্ৰুতি পূৰণ কৰাৰ সময় আহি পৰিছে৷ কেৱল প্ৰতিশ্ৰুতিৰে নহয়, ৰাজ্যখনৰ এই জ্বলন্ত সমস্যা সমাধানৰ ক্ষেত্ৰত সদিচ্ছা দেখুৱাওক চৰকাৰে৷ আন ৰাজ্যৰ বান সমস্যাৰ দৰে অসমৰ বান সমস্যাকো সমানে গুৰুত্ব দিবলৈ কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰাব পাৰিব লাগিব৷






