Logo
image

দুই পুত্ৰৰ মৃত্যুতো সাহস হেৰুৱা নাছিল স্বামীহাৰা দ্ৰৌপদীয়ে

ৰাষ্ট্ৰপতি প্ৰাৰ্থীৰে চমক এনডিএৰ

নতুন দিল্লী,২২জুনঃ ওড়িশাৰ আদিবাসী সম্প্ৰদায়ৰ নেত্ৰী দ্ৰৌপদী মুৰ্মুক এন ডি এ মিত্ৰজোঁটে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থীৰূপে ঘোষণা কৰাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে তেওঁক জেদ প্লাছ নিৰাপত্তা প্ৰদান কৰিছে৷ সেই অনুসৰি এতিয়াৰে পৰা প্ৰতিটো মুহূৰ্ত চি আৰ পি এফ কমাণ্ডোৰ আৱেষ্টনীৰ মাজত থাকিব মুৰ্মু৷ ইপিনে, বিজেপিৰ সভাপতি জে পি নড্ডাই তেওঁক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পাছতে বুধবাৰে মন্দিৰত পূজা আগবঢ়াই ঝাৰখণ্ডৰ আদিবাসী নেত্ৰীগৰাকীয়ে নিজৰ যাত্ৰা আৰম্ভ কৰে৷ অকল মন্দিৰত পূজা আগবঢ়োৱাই নহয়, দ্ৰৌপদী মুৰ্মুক বুধবাৰে পুৱা এটা মন্দিৰৰ চৌহদত চাফাই অভিযান চলোৱাও দেখা যায়৷ য’ত হাতত ঝাড়ু লৈ মন্দিৰ চাফাই কৰিবলৈ আৰম্ভ কৰে ৰাষ্ট˜পতি পদৰ প্ৰাৰ্থীগৰাকীয়ে৷ উল্লেখ্য, ১৯৫৮ চনৰ ২০ জুনত ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ এটা আদিবাসী পৰিয়ালত জন্মগ্ৰহণ কৰা দ্ৰৌপদী মুৰ্মুৱে ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে শিক্ষকতা কৰিছিল৷ ১৯৯৭ চনত তেওঁ ৰাজনীতিত যোগ দিয়ে৷ ৰাজনীতিত সফলতা লাভ কৰিবলৈ সক্ষম হোৱা এইগৰাকী আদিবাসী নেত্ৰীয়ে ৰাজনৈতিক ব্যস্ততাৰ মাজতে তিনিটাকৈ শোকৰ অধ্যায় পাৰ কৰিবলগীয়া হয়৷ ২০০৯ চনত তেওঁ জ্যেষ্ঠ পুত্ৰক অকালতে হেৰুৱায়৷ স্বাস্থ্যজনিত কাৰণত জ্যেষ্ঠ পুত্ৰৰ আকস্মিক মৃত্যু ঘটে৷ ইয়াৰ ৩ বছৰ পাছত তেওঁৰ দ্বিতীয় পুত্ৰৰো মৃত্যু ঘটে এক পথ দুৰ্ঘটনাত৷ ইয়াৰ পাছত স্বামীকো হেৰুৱাবলগা হয় দ্ৰৌপদী মুৰ্মুয়ে৷ দুই পুত্ৰৰ মৃত্যুৰ পাছতে হঠাতে এদিন স্বামী শ্যামচৰণ মুৰ্মুয়ো হূদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয়৷ কিন্তু এনে দুৰ্যোগৰ পাছতো সাহস হেৰুৱা নাছিল নেত্ৰীগৰাকীয়ে৷ সম্প্ৰতি পৰিয়ালৰ সদস্য বুলিবলৈ দ্ৰৌপদী মুৰ্মুৰ একমাত্ৰ কন্যাহে আছে৷ বিয়াৰ পাছত ভূৱনেশ্বৰত পৰিয়ালৰ সৈতে থাকে দ্ৰৌপদী মুৰ্মুৰ কন্যা৷ইপিনে, ১৯৯৭ চনত শিক্ষকতাৰ বৃত্তি এৰি ৰাজনীতিত খোজ পেলোৱা দ্ৰৌপদী মুৰ্মুয়ে প্ৰথম অৱস্থাত বিজেপিৰ জনজাতি কোষৰ প্ৰধানৰ দায়িত্ব লাভ কৰে৷ ইয়াৰ পাছত ২০০০ আৰু ২০০৫ চনত তেওঁ ওড়িশাৰ ৰায়পুৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হয়৷ সেই সময়ত ওড়িশাত বিজেপি আৰু বিজু জনতা দলৰ চৰকাৰ আছিল৷ উক্ত চৰকাৰৰ বাণিজ্য আৰু পৰিবহণ বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত আছিল মুৰ্মু৷ পাছত তেওঁ মীন আৰু প্ৰাণী সম্পদ উন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লাভ কৰে৷ ২০১৫ চনৰ ১৮ মে’ৰ পৰা ২০২১ চনৰ ১২ জুলাই  পৰ্যন্ত তেওঁ ঝাড়খণ্ডৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ সেইগৰাকী দ্ৰৌপদী মুৰ্মুয়েই অহা ২৫ জুনত ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিব৷ পৰ্যবেক্ষক মহলৰ মতে সংখ্যাৰ হিচাপত ৰাষ্ট্ৰপতি  নিৰ্বাচনত আগবাঢ়ি আছে এন ডি এৰ প্ৰাৰ্থী দ্ৰোপদী মুৰ্মু৷ যদি সেয়াই হয় তেন্তে ২১ জুলাইত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতৰ ৰাষ্ট˜পতিৰ আসনত অধিষ্ঠিত হ’ব এগৰাকী আদিবাসী মহিলা৷