Logo
image

আফগানিস্তানত প্ৰলয়, সহস্ৰাধিক নিহত

৬.১ প্ৰাবল্যৰ ভূঁইকঁপত বিধবস্ত পূব আফগানিস্তান

আমাৰ অসম, ২৩ জুনঃ আফগানিস্তানত প্ৰৱল ভূইকঁপত এহাজাৰৰো অধিক লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে৷ প্ৰায় ৬.১ প্ৰাৱল্যৰ ভূইকঁপটোত পূব আফগানিস্তানৰ পাকটিকা অঞ্চলৰ কেইবাশ ঘৰ ধবংসস্তূপত পৰিণত হয়৷ ফলত এলেকাটোত শিশু-মহিলাকে ধৰি শতাধিক লোক মৃত্যুমুখত পৰে৷ আনহাতে, পাকটিকা অঞ্চলত আঢ়ৈশৰো অধিক লোক আহত হয়৷ আহতসকলৰ ভিতৰত বহুতৰে অৱস্থা সংকটজনক বুলি জানিবলৈ দিছে তালিবান প্ৰশাসনে৷ ইপিনে দেশখনৰ নানগড়হাৰ আৰু খোস্ত এলেকাতো ভূইকঁপে বিস্তৰ ক্ষতি কৰে৷ এই দুটা অঞ্চলতো কেইবাশ লোকৰ মৃত্যু ঘটে৷ আনহাতে, আহত হয় প্ৰায় ৯শ লোক৷ তালিবান প্ৰশাসনে প্ৰকাশ কৰা মতে অতি শক্তিশালী ভূইকঁপটোৰ অভিকেন্দ্ৰ আছিল দক্ষিণ-পূব আফগানিস্তানৰ খোস্ত চহৰৰ পৰা প্ৰায় ৪৪ কিলোমিটাৰ নিলগত ভূপৃষ্ঠৰ পৰা প্ৰায় ৫১ কিলোমিটাৰ গভীৰত৷ চৰকাৰী সূত্ৰই জনোৱামতে স্থানীয় সময়মতে নিশা প্ৰায় ১.৩০ বজাত অনুভূত হয় ভূইকঁপটোৰ প্ৰৱল জোকাৰণি৷ সেই সময়ত ভূইকঁপটোৱে জোকাৰি থৈ যোৱা অঞ্চলসমূহৰ প্ৰায়ভাগ লোকেই নিদ্ৰামগ্ন হৈ আছিল৷ যাৰ বাবে বহুতে ধবংসস্তূপৰ মাজত সোমাই পৰে৷ জানিব পৰা মতে দেশখনৰ যিসমূহ অঞ্চলত ভূইকঁপটোৰ জোকাৰণি অনুভূত হৈছিল তাৰ প্ৰায়ভাগ ঘৰেই আছিল মাটিৰে সজোৱা৷ যাৰ বাবে ক্ষয়-ক্ষতিৰ পৰিমাণ সহজতে বৃদ্ধি পায়৷ আজি পুৱা ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰকাৰী দলসমূহে যুদ্ধকালীন গতিৰে অভিযান আৰম্ভ কৰি হতাহতসকলক ধবংসস্তূপৰ মাজৰ পৰা উলিয়াই আনে৷ এই বাতৰি যুগুত কৰাৰ সময়লৈকে উদ্ধাৰ অভিযান অব্যাহত আছে৷ সংবাদ প্ৰতিষ্ঠানসমূহে আফগানিস্তান প্ৰশাসনৰ উদ্ধৃতি দি প্ৰকাশ কৰা মতে শেহতীয়া এই ভূমিকম্পটো আছিল বিগত দুটা দশকৰ পিছত আটাইতকৈ শক্তিশালী৷ আফগানিস্তানৰ উপৰি পাকিস্তানতো শেহতীয়া ভূইকঁপটোৰ জোকাৰণি অনুভূত হোৱা বুলি জানিব পৰা গৈছে৷