Logo
image

মনোজ কুমাৰ গোস্বামীলৈ অমৃত প্ৰৱাহ সংবাদ বঁটা

আমাৰ অসম, ২৩ জুনঃ বিশিষ্ট সাংবাদিক, প্ৰসিদ্ধ গল্পকাৰ, ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীলৈ আগবঢ়োৱা হৈছে ‘অমৃত প্ৰৱাহ সংবাদ বঁটা’৷ অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে ‘এন কে টিভি’ৰ মুখ্য সম্পাদকৰো দায়িত্বত থকা মনোজ কুমাৰ গোস্বামীলৈ এই সন্মান আগবঢ়োৱা হৈছে৷ ১৫ আগষ্টৰ বিয়লি ৪ বজাত কটন বিশ্ববিদ্যালয়ৰ এলুমনাই প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া বিশেষ অনুষ্ঠানত গোস্বামীক এই বঁটা প্ৰদান কৰা হ’ব৷ উল্লেখ্য, ‘নতুন দৈনিক’, ‘আজিৰ বাতৰি’ আৰু ‘দৈনিক জনসাধাৰণ’ৰ উপৰি টেলিভিচন চেনেল ‘ডি ৱাই ৩৬৫’ৰ মুখ্য সম্পাদক-সম্পাদক-কাৰ্যবাহী সম্পাদকৰ দায়িত্ব দক্ষতাৰে বহন কৰা মনোজ কুমাৰ গোস্বামী ‘আমাৰ অসম’ কাকতৰ প্ৰতিষ্ঠাপক কাৰ্যবাহী সম্পাদক৷ দুবছৰ পূৰ্বে ‘আমাৰ অসম’ৰ মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে ‘সমীৰণ বৰুৱা আহি আছে’ খ্যাত প্ৰসিদ্ধ গল্পকাৰজনে৷ ২০২২ বৰ্ষৰ ‘অমৃত প্ৰৱাহ সাংবাদিকতা বঁটা’ৰ বাবে বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ নাম বুধবাৰে ঘোষণা কৰে উদ্যোক্তাসকলে৷ ইফালে, সমাজকৰ্মী সুৰভি কলিতালৈ আগবঢ়োৱা হৈছে ২০২২ বৰ্ষৰ ‘আদৰ্শ জননী বঁটা’৷ আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতি, অমৃত নিউজ প’ৰ্টেল আৰু সাপ্তাহিক অমৃত প্ৰৱাহ কাকত গোষ্ঠীৰ দ্বাৰা গঠিত জুৰী ব’ৰ্ডে ঘোষণা কৰা অমৃত প্ৰৱাহ বঁটা প্ৰদান অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড॰ অমৰজ্যোতি চৌধুৰী, পদ্মশ্ৰী সন্মানপ্ৰাপক ড॰ সূৰ্য্য হাজৰিকা, অমৃত নিউজৰ মুখ্য সম্পাদক ড॰ দয়ানন্দ পাঠক, অমৃত প্ৰৱাহৰ মুখ্য সম্পাদক মৃণালিনী দেৱী, ভাৰতীয় প্ৰশাসনীয় সেৱাৰ প্ৰাক্তন বিষয়া দেৱজ্যোতি হাজৰিকা, অসম লোকনিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত ৰাজেশ কেম্প্ৰাই, তথ্য আৰু জনসংযোগ বিভাগৰ সচিব নীৰা গগৈ সোণোৱাল আৰু প্ৰেছ ক্লাব অৱ আছামৰ সভাপতি কৈলাস শৰ্মাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷ আদৰ্শ জননী শশীপ্ৰভা কলিতাৰ বিংশতিতম স্মৃতি দিৱস আৰু অমৃত প্ৰৱাহ কাকতৰ অষ্টম বৰ্ষপূৰ্তিৰে সংগতি ৰাখি ১৫ আগষ্টত এই বঁটা প্ৰদান কৰা হ’ব৷ বঁটা প্ৰদান অনুষ্ঠানতে ৬১গৰাকী লোকক ‘বিশেষ ব্যক্তি বিশেষ সন্মান’ প্ৰদান কৰা হ’ব৷ আয়োজক সমিতিৰ সভাপতি কৈলাস শৰ্মা আৰু সম্পাদক কুমুদ বড়োৱে এই কথা ঘোষণা কৰিছে৷ এই সন্মানৰ বাবে নিৰ্বাচিত ব্যক্তিসকল হৈছে পল্লৱ গোপাল ঝা, বৰ্ণালী ডেকা, বিষ্ণু কমল বৰা, পাৰ্থসাৰথি মহন্ত, আদিত্য গগৈ, লক্ষ্যজিৎ দুৱৰীয়া, শাৰদী গগৈ, লজিয়েট ৰাভা, বিভা কলিতা, বিমল শৰ্মা, নিপু কলিতা, দিপন্ত ফুকন, আইমী বৰুৱা, শিল্পা খনিকৰ, ধৃতিৰাজ কলিতা, অঞ্জনা আহমেদ, ৰিতুপৰ্ণা দাস, হীৰক কাশ্যপ, অমৰেন্দ্ৰ শৰ্মা, দীপক শৰ্মা, মানস ডেকা, অমৰেন্দ্ৰ ডেকা, শোভানা চৌধুৰী, জবা দাস, দীপজ্যোতি শৰ্মা, বিমান আৰন্ধৰা, সমৰেন্দ্ৰ শৰ্মা, মহেশ চৌধুৰী, মৌচুমী শৰ্মা বৰুৱা, বাপন কলিতা, ছেবাষ্টিয়ান মেথিউ, নৱ ঠাকুৰীয়া, মঞ্জুৰাণী ডেকা, হিমাংশু দাস, প্ৰশান্ত আমচি, বিজু বড়ো, মুকেশ আগৰৱাল, মধুচন্দ্ৰা তালুকদাৰ, অভিজিৎ বৰা, অঞ্জনা কেম্প্ৰাই, সুশীল নাথ, তপন ভূঞা, ডাঃ অনুপল শৰ্মা, বিক্ৰম কৈৰী, জ্ঞান শৰ্মা, দেৱপ্ৰসাদ মিশ্ৰ, দ্বীজেন সিং, কুঞ্জমোহন ৰয়, ইন্দিৰা কলিতা, বিক্ৰম চৌধুৰী, সুৰজিৎ সিং পানেছৰ, প্ৰদীপ ঠাকুৰীয়া, প্ৰদীপ গোস্বামী, উপেন্দ্ৰ কুমাৰ ওঝা, ছিৰাজুদ্দিন আহমেদ, পৱন মুৰুলী ঝা, নিৰেন শৰ্মা, ৰমেন কলিতা, অধৰ ভূঞা আৰু ডাঃ অচ্যুত বৈশ্য৷