Logo
image

মুখ্যমন্ত্ৰীৰ আৱাস এৰিলে থাক্‌ৰেই চৰকাৰ গঠনৰ বাবে সাজু বিজেপি

হিন্দুত্ব কাৰ্ড খেলি পদত্যাগৰ প্ৰস্তুতি

মুম্বাই, ২২ জুনঃ মুহূৰ্তে মুহূৰ্তে পৰিৱৰ্তন ঘটি আছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতিৰ৷  শিৱসেনাৰ মন্ত্ৰী একনাথ সিন্ধেই উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰখনৰ  বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰাৰ পাছত বুধবাৰে মুখ্যমন্ত্ৰীজনে পদত্যাগৰ বাবে সাজু বুলি সকলোকে স্পষ্ট কৰি দিয়ে৷ এই বাতৰি যুগুত কৰাৰ সময়লৈকে উদ্ধৱ থাকৰেই মুখ্যমন্ত্ৰীৰ বাসগৃহ ত্যাগ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইয়াৰ বিপৰীতে থাকৰে চৰকাৰখনৰ পতন ঘটাই মহাৰাষ্ট্ৰত বিজেপিয়ে নতুন চৰকাৰ গঠনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে৷ যাৰ বাবে  মহাৰাষ্ট্ৰ বিজেপিৰ মুৰব্বী চন্দ্ৰকান্ত পাটিলে আজি সন্ধিয়া এখন চাৰ্টাৰ্ড বিমানেৰে ছুৰাটত উপস্থিত হয়৷ তাৰ পৰা তেওঁ চাৰিজন বিধায়কক লৈ  পোনে পোনে গুৱাহাটীত উপস্থিত হয়৷ উল্লেখ্য যে শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্ধেৰ নেতৃত্বত ইতিমধ্যে গুৱাহাটীত তেওঁৰ ৪০ ৰো অধিক অনুগামী বিধায়কে বাহৰ পাতি আছে৷ ইয়াৰ পূৰ্বে কালিৰে পৰা বিৰাজ কৰা মহাৰাষ্ট্ৰৰ ৰাজনৈতিক অস্থিৰতাৰ পাছত আজি সন্ধিয়া মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে নিজৰ দলৰ মন্ত্ৰী বিধায়কসকলক এই বুলি স্পষ্ট কৰি দিয়ে– ‘ক্ষমতাৰ বাবে মই মুঠেও লালায়িত নহয়৷ মোৰ বিৰুদ্ধে যদি সতীৰ্থ এজনো বিধায়কে মাত মাতে তেন্তে মই মুখ্যমন্ত্ৰীৰ আসন ত্যাগ কৰিবলৈ সাজু আছো৷ বিদ্ৰোহী বিধায়কসকলে যদি মোক মুখ্যমন্ত্ৰীৰূপে বিচৰা নাই তেন্তে মুখামুখিকৈ আহি সেই কথা জনাওক৷’ উল্লেখ্য যে, বিগত কেইবাদিন ধৰি মহাৰাষ্ট˜ৰ ৰাজনীতিত এটাৰ পাছত এটা নাটকীয় পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে৷ ইয়াৰ মাজতে একনাথ সিন্ধেই বিদ্ৰোহৰ বিস্ফোৰণ ঘটায় মঙলবাৰে৷ এই দিনটোত তেওঁ নিজৰ অনুগামী প্ৰায় ৪০ জন শিৱসেনা বিধায়ক আৰু ৬ জন নিৰ্দলীয় বিধায়কক লৈ আত্মগোপন কৰে৷ লগতে তাৰ পৰাই উদ্ধৱ থাকৰে চৰকাৰক এনচিপি আৰু কংগ্ৰেছৰ লগ এৰি বিজেপিৰ সহযোগত চৰকাৰ চলাই যোৱাৰ দাবী জনায়৷ ইয়াৰ পাছতে থাকৰে নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰৰ ভেটিত আৰম্ভ হয় তীব্ৰ জোকাৰণি৷ খবৰ ওলায় সিন্ধেই তেওঁৰ অনুগামী বিধায়কসকলক লৈ ছুৰাটত আত্মগোপন কৰিছে৷ আনহাতে বুধবাৰে পুৱা পোহৰলৈ আহে আন এক বিস্ফোৰক কাণ্ড৷ এইবাৰ ছুৰাটৰ সলনি একনাথ সিন্ধেৰ নেতৃত্বত থাকৰে চৰকাৰৰ বিৰোধিতা কৰা বিধায়কসকলক দেখা যায় গুৱাহাটীৰ ৰেডিছন ব্লু নামৰ অভিজাত আৰু বিলাসী হোটেলত৷ লগে লগে দেশজুৰি পুনৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ পুৱাৰে পৰা সমগ্ৰ দিনটো মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই অতিবাহিত কৰে অত্যন্ত অস্থিৰতাৰ মাজেৰে৷ তাৰ মাজতে দুপৰীয়া তেওঁ দলীয় মন্ত্ৰীসকলৰ সৈতে ভাৰ্ছুৱেলী এক বৈঠকত মিলিত হয়৷ কিন্তু এই বৈঠকত কেইবাজনো সতীৰ্থ মন্ত্ৰী অনুপস্থিত থাকে৷ ফলত উদ্ধৱ থাকৰে মুখ্যমন্ত্ৰীৰ আসন এৰাটো একপ্ৰকাৰ খাটাং হৈ পৰে৷ সন্ধিয়া পাঁচ বজাত তেওঁ পুনৰ ভাৰ্ছুৱেলী আন এক বৈঠকত মিলিত হয়৷ উল্লেখ্য যে, কৰ’নাত আক্ৰান্ত হোৱা বাবে মুখ্যমন্ত্ৰীজনে বুধবাৰৰ দুয়োখন বৈঠকতে ভাৰ্ছুৱেলী অংশগ্ৰহণ কৰিবলগীয়া হৈছে৷ সন্ধিয়া মন্ত্ৰী পৰিষদৰ বৈঠক অনুষ্ঠিত হোৱাৰ পাছত মুখ্যমন্ত্ৰী থাকৰেই তেওঁৰ দলৰ বিধায়কসকলক স্পষ্ট কৰি দিয়ে যে তেওঁ ইতিমধ্যে পদত্যাগ পত্ৰ সাজু কৰি ৰাখিছে৷ মাত্ৰ বিদ্ৰোহীসকলে এবাৰ ইংগিত প্ৰদান কৰিলেই হ’ল৷ মুখ্যমন্ত্ৰীজনে লগতে এই বুলিও উল্লেখ কৰে যে, পদত্যাগৰ বাহিৰে তেওঁ কোনো দ্বিতীয় চিন্তা কৰা নাই৷ তেওঁ কয়– হিন্দুত্বই শিৱসেনাৰ পৰিচয় আৰু আদৰ্শ৷ কিন্তু কিছুমান দলে শিৱসেনাৰ হিন্দুত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছে৷ এই ঘটনাই মোক হতচকিত কৰি তুলিছে৷  মই কেতিয়াও মুখ্যমন্ত্ৰী হ’ম বুলি ভবা নাছিলো৷ সেয়ে যেতিয়া মোলৈ মুখ্যমন্ত্ৰী হোৱাৰ প্ৰস্তাৱ আহিছিল মই হতবাক হৈ পৰিছিলো৷ ইপিনে শেহতীয়া ৰাজনৈতিক সংকট সন্দৰ্ভত থাকৰেই কয়, বিদ্ৰোহী বিধায়কসকলৰ কেবাজনেও মোলৈ ফোন কৰিছে৷ তেওঁলোক উভতি আহিব বিচাৰিছে৷ মই তেওঁলোকক ধন্যবাদ জনাইছো৷ কিন্তু মই স্তম্ভিত যে কংগ্ৰেছ বা এনচিপি দলে যদি ক’লেহেঁতেন যে মই মুখ্যমন্ত্ৰী হ’ব নালাগে, তেন্তে সেয়া বেলেগ কথা আছিল৷ কিন্তু আচৰিত যে মোৰ দলৰ বিধায়কেই এতিয়া মোৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছে৷ এয়া মোৰ আদৰ্শই মানি নলয়৷ উল্লেখ্য যে, ইয়াৰ মাজতে বুধবাৰে বিদ্ৰোহী বিধায়ক একনাথ সিন্ধেই তেওঁৰ ৩০ জন অনুগামী বিধায়কৰ সমৰ্থনসহ ৰাজ্যপাললৈ এক পত্ৰ প্ৰেৰণ কৰে৷ এই ঘটনাৰ পাছতেই মুখ্যমন্ত্ৰী থাকৰেই নিজৰ পদত্যাগ পত্ৰ সাজু কৰি ৰখা বুলি সতীৰ্থ বিধায়কসকলক স্পষ্ট কৰি দিয়ে৷ আনহাতে, মহাৰাষ্ট˜ৰ ৰাজনৈতিক সংকটৰ মাজতে শিৱসেনাৰ বিধায়ক কৈলাশ পাটিলে আজি এক বিস্ফোৰক অভিযোগ কৰে৷ পাটিলে কয় যে নৈশভোজৰ নামত তেওঁক অপহৰণ কৰা হৈছিল৷ এই ঘটনাত কথমপিহে তেওঁ পলাই আহিবলৈ সক্ষম হৈছে৷ পাটিলৰ মতে বিদ্ৰোহী বিধায়ক একনাথ সিন্ধেই আৰু তেওঁৰ অনুগামীসকলে তেওঁক মুখত কাপোৰৰ সোপা দি বলপূৰ্বক গুজৰাটলৈ নি আছিল৷ দেহত চেতনানাশক বেজীও প্ৰয়োগ কৰা হৈছিল বুলি তেওঁ দাবী কৰে৷ এখন গাড়ীৰে অপহৰণ কৰা হৈছিল তেওঁক৷ কিন্তু আধাবাটত অপহৰণকাৰী বিধায়কসকলৰ চকুত ধূলি দি তেওঁ পলাই আহিবলৈ সক্ষম হয়৷ বহুদূৰ খোজকাঢ়ি আহি ট্ৰাক আৰু বাইকেৰে মুখ্যমন্ত্ৰী থাকৰেৰ বাসগৃহত উপস্থিত হয় বিধায়কজন৷  তাৰ পাছতে তেওঁ এই ঘটনাৰ বিষয়ে মুখ্যমন্ত্ৰী অৱগত কৰে৷ একেই অভিযোগ নিতীন দেশমুখ নামৰ শিৱসেনাৰ আন এজন বিধায়কৰো৷