Logo
image

ৰেডিছন ব্লুৰ ৰাজনীতি

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক উত্থান-পতনৰ অভিকেন্দ্ৰ গুৱাহাটী হৈ পৰিছে৷ উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰৰ পতন নিশ্চিত কৰি নিজ দলৰেই একাংশ বিধায়কে নিজৰ চৰকাৰখনৰে পতন ঘটাবলৈ চক্ৰান্ত কৰিছে৷ আচলতে মহাৰাষ্ট্ৰত বিগত বিধানসভাৰ নিৰ্বাচনৰ পাছত বৰ নাটকীয়ভাৱে চৰকাৰ গঠন হৈছিল৷ উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱ সেনাই নিজৰ দীৰ্ঘদিনীয়া আদৰ্শগত বন্ধুক বিসৰ্জন দি সাপ-নেউলৰ সম্পৰ্কৰে দীৰ্ঘদিন সংঘাতৰ ৰাজনীতিৰ মাজেৰে আগবঢ়া এন চি পি আৰু কংগ্ৰেছৰ লগত সম্পৰ্ক কৰি শিৱ সেনাই চৰকাৰ গঠন কৰিলে৷ এই চৰকাৰখন কোনো আদৰ্শগত কাৰণত গঠন হোৱা নাছিল, গঠন হৈছিল মুখ্যমন্ত্ৰীৰ চকীক লৈ হোৱা টনা-আঁজোৰাৰ বাবে৷ নিৰ্বাচনত জনমত বিজেপি-শিৱ সেনা জোঁটৰ পক্ষলৈ যোৱাৰ পাছতো এই জোঁটে চৰকাৰ গঠন কৰিব পৰা নাছিল, কাৰণ বিজেপিয়ে নিজৰ বৰককাই আধিপত্যৰে শিৱ সেনাই বিচৰা যথাযোগ্য সন্মান দিবলৈ কৰা অস্বীকাৰেই শিৱ সেনাক বিজেপিৰ লগৰপৰা আঁতৰাই নি এন চি পি আৰু কংগ্ৰেছৰ কাষ চপাইছে৷ কংগ্ৰেছো যেন সুযোগৰ অপেক্ষাত আছিল বিজেপিক প্ৰতিহত কৰাৰ নামত নীতি-আদৰ্শ বিসৰ্জনেৰে জোঁটবন্ধন কৰিবলৈ৷ শিৱ সেনাই বাৰে বাৰে নিজৰ হিন্দুত্ববাদী এজেণ্ডাৰ ক্ষেত্ৰত কঠোৰ বুলি ঘোষণা কৰাৰ পাছতো এন চি পি, কংগ্ৰেছৰ দৰে ধৰ্মনিৰপেক্ষ দলেও চৰকাৰ গঠনত সহায় কৰিছে৷ কিন্তু জুইক সদায় ঢাকি ৰখা নাযায়, সেয়ে শিৱ সেনাৰ মাজৰে এটা অংশই এই চৰকাৰ ভাঙিবলৈ উঠিপৰি লাগিছিল৷ স্বাভাৱিকতেই ২০১৯ চনৰ অক্টোবৰত হোৱা নিৰ্বাচনত বিজেপিয়ে লাভ কৰা ১০৫খন আসনৰ পাছত চৰকাৰ গঠন কৰিবলৈ দলটোক মাত্ৰ ৪০খন আসনৰ প্ৰয়োজন হৈছিল৷ শিৱ সেনাই লাভ কৰা ৫৬খন আসনেৰে এই সংখ্যা পূৰণ হৈছিল যদিও এন চি পি আৰু কংগ্ৰেছৰ ক্ৰমে ৫৪খন আৰু ৪৪খন আসনেৰে শিৱ সেনাই মুঠ ১৫৬জন বিধায়কৰ সমৰ্থন লাভ কৰিছিল৷ একক বৃহৎ দল হিচাপে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰি ফেঁটী সাপৰ দৰে ফোঁচ-ফোঁচাই আছিল, যিকোনো মুহূৰ্ততে উদ্ধৱ থাকৰেৰ চৰকাৰৰ ব্ৰহ্মতালুত দংশন কৰিবলৈ৷ আৰু সেই সুযোগ যেন আনি দিলে একনাথ সিন্দেৰ বিসম্বাদে৷ ক্ষমতাৰ ৰাজনীতিত বিসম্বাদ কোনো নতুন কথা নহয় যদিও মহাৰাষ্ট˜ৰ ৰাজনীতিত হোৱা এই বিসম্বাদে সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিছে৷ কাৰণ উদ্ধৱ থাকৰে মুখ্যমন্ত্ৰিত্বৰ গাদী এৰি দিবলৈ সাজু হোৱাৰ পাছতো একনাথ সিন্দে বিসম্বাদীসকলক লৈ মহাৰাষ্ট্ৰৰপৰা পলায়ন কৰি প্ৰথমে গুজৰাট আৰু তাৰপাছত অসমত প্ৰৱেশ কৰে৷ এই সমগ্ৰ ঘটনাৰ পিছফালে যে বিজেপি আছে সেই কথা আৰু লুকাই থকা নাই৷ কাৰণ বিজেপিয়ে প্ৰথমে মহাৰাষ্ট্ৰৰপৰা গুজৰাটৰ চুৰাটলৈ নিয়া বিধায়কসকলৰ সুৰক্ষা নিশ্চিত কৰিব নোৱাৰি অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰছায়ালৈ বিধায়কসকলক প্ৰেৰণ কৰা কাৰ্য অতি তাৎপৰ্যপূৰ্ণ৷ অতি চতুৰ ৰাজনীতিৰ নায়ক হিচাপে ইতিমধ্যে সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰা হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ কংগ্ৰেছৰ দিনতে ঘোঁৰা কিনা-বেচা ৰাজনীতিত সিদ্ধহস্ত বুলি পৰিচিত৷ ৰাজ্যসভাৰ নিৰ্বাচনত নিজৰ দলীয় সংখ্যা নথকাৰ পাছতো নিজ দলৰ প্ৰাৰ্থীক জিকাই নিয়াৰ উদাহৰণ থকা শৰ্মাই কিমান চতুৰতাৰে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হৈ শাসন ক্ষমতা পৰিচালনা কৰি আছে, সেইটো বহু ৰাজনীতিকৰ বাবে ঈৰ্ষণীয়৷ এনে অৱস্থাত গুৱাহাটীৰ ৰেডিছন ব্লুত যিখন নাটক পৰিচালিত হ’ব, সেই নাটকখন যে দেশৰ ৰাজনীতিত উপভোগ্য হ’ব সেইটো নিশ্চিত৷ কাৰণ বিজেপিয়ে সামান্য ভুলৰ বাবেই যাতে হাতলৈ অহা সুযোগ নেহেৰায় তাৰ বাবে একনাথ সিন্দেৰ লগত থকা ৪০জন বিধায়কক এৰি দিব বিচৰা নাই৷ মহাৰাষ্ট্ৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে শাসনৰ গাদী এৰি দিয়াৰ পাছত স্বাভাৱিকভাৱেই শিৱসেনা-এন চি পি-কংগ্ৰেছৰ মহা বিকাশ আঘাৰী জোঁটে একনাথ সিন্দেকে মুখ্যমন্ত্ৰীৰূপে সমৰ্থন দিব বুলি ঘোষণা কৰিছে৷ ইফালে কংগ্ৰেছ-এন চি পিয়ে বিচাৰে অবিজেপি চৰকাৰ, আনফালে বিজেপিয়ে বিচাৰে নিজৰ চৰকাৰ৷ এই টনা-আঁজোৰাত দেশৰ উন্নয়ন, বিকাশ বা আদৰ্শৰ কথা নাই, আছে মাত্ৰ ক্ষমতা৷ এই ক্ষমতাৰ ৰাজনীতিত অসমৰ নাম জড়িত হৈ পৰাটো  দুৰ্ভাগ্যৰ বিষয় হিচাপে পৰিচিত হৈছে৷ কাৰণ যিখন ৰাজ্য উন্নয়নৰ নামত আজিৰ তাৰিখতো দেশৰ আন উন্নত ৰাজ্যৰ শাৰীলৈ আহিবলৈ সক্ষম হোৱা নাই,  যিখন ৰাজ্যই স্বাস্থ্য, শিক্ষা, খোৱাপানী, বিদ্যুৎ আদি বিষয়ৰ ক্ষেত্ৰত চূড়ান্ত বিফলতাৰ পৰিচয় দিছে, উন্নত ৰাজ্যৰ তালিকাৰ শাৰীত একেবাৰে শেষৰফালে অৱস্থান কৰিছে, যিখন ৰাজ্য বানত ককবকাই আছে, সেইখন ৰাজ্যই আন এখন ৰাজ্যৰ ক্ষমতাৰ চৰকাৰ ভঙা-পতাৰ খেলত নিজকে জড়িত কৰি সময় অপব্যয় কৰাটো কেতিয়াও সমীচীন নহয়৷ এই কথাটো অসম চৰকাৰে যিমান সোনকালে বুজি পায় সিমানেই ভাল৷ নিশ্চয়কৈ বিসম্বাদী ৪০জন বিধায়কক লৈ বিজেপিয়ে মহাৰাষ্ট্ৰৰ ক্ষমতা হয়তো হস্তগত কৰিব, কিন্তু জনসাধাৰণৰ উন্নয়ন, প্ৰগতিৰ যি আকাংক্ষা তাক পূৰণ কৰিবলৈ সক্ষম হ’বনে? কাৰণ বৰ্তমান বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰসমূহৰ ৰেহ-ৰূপে সেইটো প্ৰতীয়মান নকৰে৷ ক্ষমতাৰ ৰাজনীতি নহয়, আদৰ্শগত জনগণৰ স্বাৰ্থ ৰক্ষাৰ ৰাজনীতিহে আদৰণীয়৷ সেয়ে ৰেডিছন ব্লুৰ ৰাজনীতি কেতিয়াও আকাংক্ষিত হ’ব নোৱাৰে৷