Logo
image

কিডনী সুস্থ ৰখাৰ দুটা বিশেষ বিধান

আমাৰ দেহৰ প্ৰয়োজনীয় অংগ হ’ল কিডনী দুটা৷ কাজু বাদাম আকৃতিৰ আৰু কম্পিউটাৰ মাউচ এটাৰ আকাৰৰ এই কিডনীক ক’ব পাৰে আমাৰ Treatment plant,   বুলি৷ পানী বিশুদ্ধ কৰিবৰ বাবে যেনেকৈ আমাক লাগে এটা ফিল্টাৰ, ঠিক তেনেকৈ আমাৰ দেহৰ তেজ শোধন কৰিবৰ বাবে লাগে আমাক পেটৰ দুয়োকাষে থকা কিডনী দুটা৷ 

যেতিয়া আমাৰ কিডনী দুটাই ভালকৈ কাম নকৰে, তেতিয়াই দেহৰ Toxicity বাঢ়ি গৈ বিভিন্ন অংগত অপকাৰ হয়৷ গতিকে দুয়োটা কিডনী সুস্থ হৈ থকাটো অতিশয় জৰুৰী৷ নহ’লে মাৰাত্মক বেমাৰ CKD অৰ্থাৎ Chronic kidney disease ৰ কবলত পৰিব লগা হয়৷

আমি সাধাৰণ দুবিধ জুলীয়া দ্ৰব্যৰ দ্বাৰাই কিডনী দুটা সুস্থ ৰাখিব পাৰো৷ সেই দুবিধ দ্ৰব্যৰ ভিতৰত আটাইতকৈ বেছি প্ৰয়োজন হ’ল পানী৷

কিডনী দুটাই ভালকৈ কাম কৰিবৰ বাবে অৰ্থাৎ Toxic chemicalsবোৰ দেহৰ বাহিৰলৈ মূত্ৰ বা প্ৰস্ৰাৱ হিচাপে উলিয়াই নিবলৈ অতি প্ৰয়োজন পানীৰ৷ সুস্থ কিডনীৰ বাবে দৈনিক ৬-৭ গিলাচ পানী খাওক আৰু ২.৫ লিটাৰ প্ৰস্ৰাৱ কৰক৷ পানীয়ে আমাৰ বাবে আৰু এটা ডাঙৰ কাম কৰে৷ পানীয়ে আমাৰ শিৰা-উপশিৰাবোৰৰ বাট-পথবোৰ মুকলি কৰে, ফলত তেজ চলাচল বৃদ্ধি হয় আৰু কিডনী দুটায়ো প্ৰয়োজনীয় nutrients লাভ কৰে৷

দ্বিতীয়বিধ দ্ৰব্য হ’ল নেমুৰ ৰস৷ গোলনেমু বা কাজিনেমুত পৰ্যাপ্ত পৰিমাণে Potassium আৰু Chitric Acid থাকে৷ Chitric Acid ত থকা chitrate নামৰ ৰাসায়নিক পদাৰ্থবিধে  আমাৰ দেহত যাদুৰ দৰে কাম কৰে৷

Chitrate এ কিডনী নষ্ট হোৱাত বাধা দিয়ে৷ ই বাধা দুই ধৰণেৰে দিয়ে৷ মূত্ৰাশয়ত Calcium, Calcium oxalate আদি ৰাসায়নিক পদাৰ্থবোৰ গোট মাৰি এসময়ত কিডনী নষ্ট হয়৷ Chitrate এ Calcium ৰ সৈতে বান্ধ খাই প্ৰস্ৰাৱৰ দ্বাৰা বাহিৰ কৰে সেই Calcium৷ আনহাতে সেই Chitrate এ Calcium Oxalate ৰ সৈতেও বান্ধ খায় আৰু প্ৰস্ৰাৱত Calcium Oxalate সহজে ওলাই যায় ফলত Calcium oxalate স্ফটিকৰ আকাৰ ল’ব নোৱাৰে অৰ্থাৎ তাৰ crystal growth সহজে নহয়৷

সেয়ে কিডনী নিৰোগী কৰি ৰাখিবলৈ প্ৰচুৰ পৰিমাণে এই দুবিধ দ্ৰব্য খাওক আৰু দেহৰ Treatment plant ৰ যতন লওক৷