Logo
image

কলেষ্টেৰলত মেজিক ফল পাব আমলখি খালে

আমাৰ অসম, ২৩ ছেপ্টেম্বৰঃ শৰীৰত কলেষ্টেৰলৰ পৰিমাণ কমাবৰ বাবে আমলখি সকলোতকৈ এক উপকাৰী ফল৷ আমলখিৰ ৰস স্বাস্থ্যৰ বাবে মহৌষধ স্বৰূপ৷ আমলখিয়ে মানুহৰ তেজত থকা কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰে৷ আমলখিয়ে বিভিন্ন বীজাণু ধবংস কৰাত সক্ৰিয় ভূমিকা লয়৷

* আমলখিত প্ৰচুৰ পৰিমাণ ভিটামিন ‘চি’ আছে৷ যাৰ বাবে  যকৃতৰ কোষ সক্ৰিয় কৰি ৰখাত আমলখিয়ে সহায় কৰে৷

* জণ্ডিছ ৰোগত আমলখি এক উত্তম পথ্য৷

* ডায়েবেটিচ ৰোগীৰ বাবে আমলখিৰ ৰস অতি উত্তম৷ – আমলখিত ভিটামিন ‘চি’ৰ উপৰি এণ্টিঅক্সিডেণ্ট আছে৷ যাৰ বাবে কম বয়সতে চুলি পকা আদিৰ ক্ষেত্ৰত আমলখিৰ ৰসে উত্তম ফল দিয়ে৷

* আমলখিয়ে লিভাৰ ভালে ৰখাৰ উপৰি লিভাৰ সুৰক্ষিত কৰি ৰাখে৷ কলেষ্টেৰল কমাই ৰাখিবৰ বাবে এগিলাচ গৰম পানীৰ সৈতে এচামুচ আমলখিৰ গুড়ি প্ৰতিদিনে খালি পেটতে মিহলাই খাওক৷

* আমলখিয়ে ৰক্তচাপ নিয়ন্ত্ৰিত কৰি ৰাখে৷

* আমলখিত থকা নানা ধৰণৰ পুষ্টি গুণৰ বাবে নিয়মীয়াকৈ আমলখি খালে এলাৰ্জিৰ পৰা মুক্ত হ’ব পাৰি৷ আমলখি কেঁচাই, সিজাই অথবা আচাৰ বনাইও খাব পাৰি৷ যি ধৰণেই নাখাওক আমলখিয়ে বিভিন্ন ৰোগৰ পৰা শৰীৰক ৰক্ষা কৰাত বিশেষ ভূমিকা ল’ব পাৰে৷