Logo
image

শুদা পেটত নিতৌ ইলাচী খালে পোৱা যায় এইবোৰ উপকাৰ

ইলাচী সকলোৰে পৰিচিত৷ দৈনিক শুদা পেটত এটাকৈ ইলাচী খাব পাৰিলে বহু উপকাৰ পোৱা যায়৷ উল্লেখ কৰা হ’ল শুদা পেটত ইলাচী খালে পাব পৰা উপকাৰসমূহ–
[১] ইলাচী আৰু আদা একে গোত্ৰৰ বুলি কোৱা হয়৷ আদাৰ দৰেই পেটৰ বিভিন্ন সমস্যা, বিশেষকৈ হজমৰ সমস্যাত ইলাচী অতি উপকাৰী৷ বুকুৰ জ্বলা-পোৰা, বমি ভাব, পেটফুলা আৰু এচিডিটিৰ পৰা পৰিত্ৰাণ পাবলৈ ইলাচী খাব পাৰে৷
[২] দেহৰ ক্ষতিকাৰক টক্সিন দূৰ কৰাত ইলাচী অত্যন্ত কাৰ্যকৰী৷ ইলাচীৰ ডিউৰেটিক নামৰ উপাদানবিধে দেহৰ পৰা ক্ষতিকাৰক টক্সিন উলিয়াই দিয়াত সহায় কৰে৷
[৩] বহুতে ৰক্তনলীত তেজ জমা হোৱা সমস্যাত ভোগে৷ এনে সমস্যা হ’লে ইলাচী খাব পাৰে৷ ইলাচীয়ে তেজ পাতল কৰি ৰক্তনলীত জমা হোৱা তেজ উলিয়াই দিয়ে৷ তদুপৰি প্ৰতিদিনে অন্ততঃ এটা ইলাচী খালে তেজৰ ঘনত্ব সঠিক থাকে৷
[৪] ইলাচীৰ ডিউৰেটিক উপাদানে উচ্ছ ৰক্তচাপৰ সমস্যা কমোৱাত সহায় কৰে৷
[৫] মুখৰ পৰা দুৰ্গন্ধ ওলালে ইলাচী এটা লৈ চোবাই থাকক৷ ইলাচীয়ে মুখত দুৰ্গন্ধ সৃষ্টি কৰা বেক্টেৰিয়া ধবংস কৰে৷
[৬] নিয়মিত ইলাচী খোৱাৰ অভ্যাসে দাঁতৰ মাৰিৰ ইনফেকচন, মুখত ফোঁহা হোৱা আদিৰ পৰা আঁতৰাই ৰাখে৷
[৭] বিভিন্ন গৱেষণাৰ পৰা পোৱা তথ্যমতে দৈনিক ইলাচী খোৱাৰ অভ্যাসে কেন্সাৰৰ দৰে জটিল ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷ ইলাচীয়ে দেহত কেন্সাৰৰ কোষ সৃষ্টি হোৱাত বাধা প্ৰদান কৰে৷
[৮] ইলাচীৰ এণ্টিঅক্সিডেণ্ট উপাদানে ছালত বয়সৰ ছাপ পৰাত বাধাৰ সৃষ্টি কৰে৷ ইলাচীয়ে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে৷