Logo
image

একেৰাহে বহি থাকিলে ভৰি অৱশ হয়? সাৱধান হওক

দীৰ্ঘসময় একেৰাহে বহি থাকিলে বহুতৰে ভৰি অৱশ হৈ পৰে৷ কিছুমানে আকৌ অৱশৰ উপৰি ভৰিত বিষো অনুভৱ কৰে৷ বিভিন্ন কাৰণত ভৰি অৱশ হ’ব পাৰে৷ সাধাৰণতে একেৰাহে দীৰ্ঘসময় বহি থাকিলে তেজ সৰবৰাহ বা স্নায়ুৰ ওপৰত চাপ পৰে৷ অৱশ্যে দীৰ্ঘসময় যদি ভৰি অৱশ হৈয়েই থাকে তেন্তে সেয়া গুৰুতৰ ৰোগৰ লক্ষণো হ’ব পাৰে৷ ভৰি অৱশ হ’লে আঁঠুৰ তলত বা ভৰিৰ বিভিন্ন অংশত সংবেদন অনুভূত হয়৷ সেয়ে এই সমস্যা দীৰ্ঘস্থায়ী হ’লে চিকিৎসকৰ কাষ চাপক৷ ভৰি অৱশ হোৱাৰ কেইটামান কাৰণ–

[১] সাধাৰণতে ভুল ভংগীত বহি থাকিলে ভৰি অৱশ হয়৷ এনে কেইটামান ভংগী হৈছে ভৰিৰ ওপৰত ভৰি তুলি বহি থকা, একেটা ভংগীত দীৰ্ঘসময় বহা, ভৰিৰ ওপৰত চাপ দি বহি থকা, টাইট জোতা, পেণ্ট, মোজা পিন্ধা আদি৷

[২] ডায়েবেটিছত আক্ৰান্তসকলৰ একধৰণৰ স্নায়ু অকামিলা হৈ পৰে৷ ইয়াক ডায়েবেটিক নিউৰোপেথী বুলি কোৱা হয়৷ এই সমস্যা থাকিলেও  ভৰি অৱশ হয় বা কঁপনি আৰু বিষ অনুভূত হয়৷

[৩] মেৰুদণ্ডত আঘাত পালে স্নায়ু সংকুচিত হোৱাৰ দৰে পিঠিৰ তলৰ অংশত অসাৰতা অনুভৱ হয়৷ 

[৪] ভৰিৰ পিছৰ পৰা গোৰোহাৰ ভিতৰৰ স্নায়ু সংকুচিত হ’লে টাৰছাল টানেল ছিন্দ্ৰমে দেখা দিয়ে৷ টাৰছাল টানেল হৈছে গোৰোহাৰ ভিতৰৰ পিনে থকা এটা সংকীৰ্ণ অংশ৷ হিল পিন্ধিলে সেই অংশত জ্বলা-পোৰা বা অৱশ হোৱাৰ দৰে অনুভৱ হ’ব পাৰে৷ 

[৫] বাহু, ভৰি আৰু পেটৰ ধমনী সংকুচিত হ’লে পেৰিফেৰাল আৰ্টাৰী ডিজিজ নামৰ এবিধ ৰোগ হয়৷ এই সমস্যা আৰম্ভ হোৱাৰ লগে লগে তেজৰ পৰিমাণ কমিবলৈ ধৰে আৰু তেজৰ সৰবৰাহ হ্ৰাস পায়৷ ফলত ভৰি অৱশ হৈ পৰে৷

[৬] ষ্ট্ৰোক বা মিনিষ্ট্ৰোকৰ কাৰণে মস্তিষ্কৰ ক্ষতি হয়৷ ষ্ট্ৰোক বা মিনিষ্ট্ৰোকৰ কাৰণেও শৰীৰৰ কোনো এটা নিৰ্দিষ্ট অংশত অস্থায়ী বা দীৰ্ঘস্থায়ীভাৱে অসাৰতাৰ সৃষ্টি হ’ব পাৰে৷ 

[৭] এলকহলত থকা টক্সিনে ভৰিৰ স্নায়ুৰ ক্ষতি কৰে৷ অত্যধিক এলকহল সেৱনৰ বাবেও স্নায়ুৰ ক্ষতি হয়৷ ফলত ভৰি অৱশ হৈ পৰে৷ 

ভৰি কিছুসময়ৰ বাবে যদিহে অৱশ হৈ পৰে, তেন্তে ইয়াৰ ঘৰুৱা প্ৰতিকাৰ আছে৷ বিশ্ৰাম, বৰফ লগোৱা, তাপ দিয়া, ব্যায়াম বা নিমখ পানীত কিছুসময় ভৰি ডুবাই ৰখা অথবা মালিচ কৰিলে ভৰিৰ অসাৰতা আঁতৰে৷ কিন্তু যদি এই সমস্যা দীৰ্ঘস্থায়ী হয় তেন্তে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক৷ অন্যথা সমস্যা গুৰুতৰ হ’ব পাৰে৷