Logo
image

পুনৰ আৰবলৈ ওলাইছে মোদী

নূপুৰ শৰ্মা-কাণ্ডৰ পাছত

আমাৰ অসম, ২৬ জুনঃ বিজেপি নেত্ৰী নুপূৰ শৰ্মাই পয়গম্বৰ হজৰত মহম্মদৰ সন্দৰ্ভত কৰা মন্তব্যক লৈ উত্তাল হৈছিল সমগ্ৰ দেশ৷ মধ্য প্ৰাচ্যৰ দেশসমূহতো ইয়াৰ প্ৰভাৱ পৰিছিল৷ বিপাঙত পৰিছিল সেই দেশসমূহত থকা প্ৰৱাসী ভাৰতীয়সকলো৷ ভাৰতীয় সামগ্ৰী বৰ্জন তথা ভাৰতৰ সৈতে বাণিজ্যিক সম্পৰ্ক ছিন্ন কৰাৰো হুংকাৰ দিছিল মধ্য প্ৰাচ্যৰ কেইবাখনো দেশে৷ তলব কৰি ভাৰতীয় ৰাষ্ট্ৰদূতক কটু কথা শুনাইছিল মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশে৷ কিন্তু এতিয়া যেন হঠাৎ বৰফত গলিছে৷ অহা ২৬ জুনৰ পৰা ২৮ জুনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাৰ্মানীত অনুষ্ঠিত জি-৭১ বৈঠকত অংশগ্ৰহণ কৰিবলৈ যাব৷ এই ভ্ৰমণসূচীৰ শেষৰ দিনা প্ৰধানমন্ত্ৰী আবুধাবি ভ্ৰমণসূচীও থকা বুলি জানিব পৰা গৈছে৷ ৰাজনৈতিক মহলৰ ধাৰণা, আৰব বিশ্বৰ সৈতে সাম্প্ৰতিক সময়ত ভাৰতৰ জমা হোৱা বৰফ কিছু পৰিমাণে গলিছে৷ উল্লেখ্য, পয়গম্বৰ হজৰত মহম্মদক লৈ নুপূৰ শৰ্মাই যি মন্তব্য কৰিছিল, সেই ঘটনাৰ প্ৰতিবাদত সমগ্ৰ বিশ্বৰ মুছলমান সমাজ সৰব হৈছিল৷ কুয়েত-চৌদি আৰৱসহ অনেক মুছলমান ৰাষ্ট্ৰই ভাৰতৰ ৰাষ্ট্ৰদূতক তলব কৰি প্ৰতিবাদ জনাইছিল৷ এনে সময়তে প্ৰধানমন্ত্ৰী মোদীৰ আৰব ভ্ৰমণৰ খবৰে এটা কথা স্পষ্ট কৰিছে যে আৰবৰ সৈতে ভাৰতৰ ফাট লগা সম্পৰ্ক পুনৰ জোৰা লাগিছে৷ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি ২৮ জুনত আবুধাবিত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ কিছু দিনৰ আগতে মৃত্যু ঘটিছে আমিৰ শ্বাহীৰ প্ৰেডিচেট শ্বেখ খলিফা বিন জায়েদ আল নাহিয়ানৰ৷ নতুন শাসক হ’ল প্ৰয়াত বিন জায়েদৰ ভাতৃ শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ান৷ শ্বেখ খালিফা বিন জায়েদৰ মৃত্যুত ইতিমধ্যে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ খলিফাৰ মৃত্যুত শোক প্ৰকাশ কৰি ভাৰতীয় জাতীয় পতাকা অৰ্ধনমিত কৰি ৰাখিছিল ভাৰতে৷ প্ৰধানমন্ত্ৰী মোদীয়ে আবু ধাবিৰ নতুন ৰাষ্ট্ৰপতি শেখ মহম্মদ বিন জায়েদ শুভেচ্ছা অভিনন্দন জনাবলৈ এনেদৰে আবুধাবি ভ্ৰমণৰ জৰুৰী কাৰ্যসূচী লোৱা বুলি জানিব পৰা গৈছে৷