Logo
image

পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ অৱনমিত স্থান

শিক্ষা, স্বাস্থ্য, উদ্যোগ-বাণিজ্য, জনস্বাস্থ্য, কৃষি, পৰিৱেশ আদিৰ বিকাশ সাধনৰ যোগেদি ভাৰতবৰ্ষক বিশ্বৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ ৰাষ্ট্ৰ তথা বিশ্বগুৰুৰূপে গঢ়ি তোলাৰ কথা নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত জয়লাভ কৰি প্ৰধানমন্ত্ৰিত্বৰ দায়িত্ব লোৱাৰ সময়তে সদম্ভে ঘোষণা কৰিছিল৷ ২০১৯ চনৰ লোকসভা নিৰ্বাচনতো অভূতপূৰ্ব জয়েৰে মোদীৰ নেতৃত্বতেই চৰকাৰ গঠন হোৱাৰ সময়তো প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতক বিশ্বগুৰু কৰাৰ সপোন সাকাৰ কৰাৰ বাবে বদ্ধপৰিকৰ বুলি ঘোষণা কৰিছিল৷ বিশ্বৰ ৰাজনৈতিক-কূটনৈতিক প্ৰেক্ষাপটত উক্ত সময়ছোৱাত ভাৰতবৰ্ষই নিজৰ এক দৃঢ় স্থিতি প্ৰতিপন্ন কৰিবলৈ সক্ষম হোৱাৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়েও নিজকে ‘বিশ্বনেতা’ হিচাপে এক ভাবমূৰ্তি তৈয়াৰ কৰিলে যদিও যিবোৰ সপোন বাস্তৱায়িত কৰি ভাৰতক বিশ্বগুৰু কৰাৰ কথা কৈছিল তাৰ অধিকাংশই পূৰণ নহ’ল৷ সাম্প্ৰতিক সময়ত মানৱ জীৱনৰ সুৰক্ষাৰ লগতে জীৱজগতৰ ভৱিষ্যতৰ বাবে প্ৰকৃতি সুৰক্ষাৰ দিশটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷ কিন্তু প্ৰকৃতি সুৰক্ষাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সূচক আহৰণৰ ক্ষেত্ৰত ভাৰতে চৰম ব্যৰ্থতাৰ পৰিচয় দিছে৷ অলপতে ‘এনভাইৰণমেণ্ট পাৰফৰ্মেন্স ইনডেক্স-২০২২’ [ইপিআই] সূচকৰ তালিকাত ভাৰতে বিশ্বৰ ১৮০খন দেশৰ ভিতৰত একেবাৰে শেহত স্থান লাভ কৰাটো দেশখনৰ বাবে চৰম অস্বস্তিকৰ আৰু লজ্জাজনক৷ আমেৰিকাৰ য়েল বিশ্ববিদ্যালয় আৰু কলম্বিয়া বিশ্ববিদ্যালয়ে পৰিস্থিতিতন্ত্ৰ [ইক’ছিষ্টেম]ৰ জীৱনীশক্তি, স্বাস্থ্য আৰু জলবায়ু নীতি– এই তিনিটা মূল বিষয়ৰ ওপৰত নিৰ্ভৰ কৰি ৰাষ্ট্ৰসমূহৰ পৰিৱেশৰ মূল্যায়ণ কৰে৷ এই অধ্যয়নসমূহত অন্তৰ্ভুক্ত হয় পৰিৱেশজনিত দুৰ্ভাৱনা, বিপদ, বায়ুৰ গুণগত মান, পানীৰ উৎসৰ সংৰক্ষণ-ব্যৱহাৰ, সেউজ বিনিয়োগ-সেউজ অৰ্থনীতি, সেউজ উদ্ভাৱন, জলবায়ুৰ পৰিৱৰ্তনকে ধৰি প্ৰায় ৪০টা পেৰামিটাৰৰ৷ এই পেৰামিটাৰসমূহৰ ওপৰত নিৰ্ভৰ কৰি ৰাষ্ট্ৰসমূহৰ পৰিৱেশ সূচাংক নিৰ্ণয় কৰা হয়৷ এই সূচাংক মতে চীনে ১৬০, নেপালে ১৬২, পাকিস্তানে ১৭৬, বাংলাদেশ ১৭৭, ম্যানমাৰে ১৭৯ আৰু ভাৰতে সৰ্বনিম্ন ১৮০ সংখ্যক স্থান লাভ কৰিছে৷ ভাৰতৰ সমীপৱৰ্তী ৰাষ্ট্ৰসমূহৰ স্থানো নিম্ন হ’লেও পাকিস্তান, বাংলাদেশ, ম্যানমাৰৰ পাছত স্থান লাভ কৰাটোৱে দেশখনৰ পৰিৱেশ সুৰক্ষাৰ এক ফোপোলা চৰিত্ৰক বিশ্ব প্ৰেক্ষাপটত পুনৰবাৰ উদঙাই দিলে৷ কাজেই ভাৰত চৰকাৰে এই সূচাংকৰ তালিকা গ্ৰহণযোগ্য নহয় বুলি প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও বাস্তৱৰ দৃশ্যপটে দেশৰ পৰিৱেশ সুৰক্ষাৰ অৱনমনকে প্ৰতীয়মান কৰে৷ বায়ু প্ৰদূষণৰ ক্ষেত্ৰত বিশ্বৰ ৰাষ্ট্ৰসমূহৰ নগৰ-চহৰৰ সংখ্যা সৰ্বাধিক৷ দেশৰ ৰাজধানী চহৰ দিল্লীত অত্যধিক প্ৰদূষণৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে নিৰ্ধাৰিত দিল্লী ভ্ৰমণ বাতিল কৰে, দিল্লীৰ ফিৰোজ শ্বাহ কোট্‌লা খেলপথাৰত অনুষ্ঠিত হ’ব লগা টেষ্ট মেচ পিছুৱাই দিবলগীয়া হয়৷ প্ৰদূষিত নদ-নদীৰ ভিতৰত বা ক্ৰমান্বয়ে বিপদাপন্ন হৈ পৰা নদ-নদীৰ তালিকাত ভাৰতে শীৰ্ষস্থান লাভ কৰে৷ দ্ৰুত হাৰত বৃদ্ধি পাইছে বনাঞ্চল ধবংস কাৰ্য৷ অভূতপূৰ্ব বান, খহনীয়া, জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন, ক্লাউড বাষ্টৰ্, খৰাং আদিৰ বাবে দেশত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বহনক্ষম উন্নয়ন, অপৰম্পৰাগত শক্তিৰ অধিক ব্যৱহাৰ আদিৰ বিষয়ে চৰকাৰে বাৰম্বাৰ ঘোষণা কৰি আহিছে যদিও সেয়া ভালদৰে কাৰ্যকৰী হোৱা নাই৷ সম্প্ৰতি অসমৰ ৩৫খন জিলাৰ ৩৩ খনেই বানৰ কৱলত৷ উজনি অসমত পূৰ্বতে বানৰ প্ৰকোপ বেছি থকাৰ বিপৰীতে নামনি অসম, বৰাক উপত্যকা তুলনামূলকভাৱে কম আছিল যদিও এইবাৰ পৰিস্থিতি সম্পূৰ্ণ বিপৰীত৷ ভূটানৰ কুৰিশ্বু বান্ধৰ লগতে সাংদেশ্ব জলবিদ্যুৎ প্ৰকল্প, টালা জলবিদ্যুৎ প্ৰকল্পকে ধৰি বহুকেইটা নদীবান্ধৰ পানী এৰি দিয়াৰ ফলত অসমৰ বহু কেইখন জিলাত এতিয়া জল প্ৰলয়ৰ তাণ্ডৱ অব্যাহত আছে৷ ভাৰতবৰ্ষৰ সহযোগিতাৰে নিৰ্মিত এই বান্ধকেইটাৰ পানীয়ে যি অভাৱনীয় ক্ষয়-ক্ষতিৰ সৃষ্টি কৰিছে সেই সম্পৰ্কে ভাৰত চৰকাৰৰ দৃষ্টিগোচৰ বা পূৰ্বানুমান নাছিল কিয়? নদীবান্ধৰ পানী এৰিবই– এই জাতীয় মন্তব্যৰে যদি মন্ত্ৰীয়ে দায় সাৰে তাতকৈ দুৰ্ভাগ্যজনক কি হ’ব পাৰে? কিছুদিন পূৰ্বে নেৰানেপেৰা বৰষুণৰ ঢলে ডিমা হাচাও জিলাৰ ৰে’লপথ, অন্যান্য পথ, দলং ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰিলে৷ বহনক্ষম উন্নয়নৰ দিশবোৰক গুৰুত্বসহকাৰে বিবেচনা কৰা হ’লে সেয়া হয়তো নহ’লহেঁতেন৷ ব্ৰিটিছে ১০০ বছৰ পূৰ্বে বৰাক উপত্যকাৰ সৈতে সংযুক্ত ৰে’লপথ নিৰ্মাণ কৰাৰ পাছত সৌ-সিদিনালৈকে ৰে’ল যাতায়াত অব্যাহত আছিল৷ উপকূলীয় সংৰক্ষিত অঞ্চল, ৰাষ্ট্ৰীয় উদ্যান-অভয়াৰণ্য এলেকাত খনন-প্ৰতিৰোধ আদি আইন ভাৰতত অতি শিথিল৷ কয়লাসৃষ্ট প্ৰদূষণৰ প্ৰতি লক্ষ্য কৰি নৱীকৰণযোগ্য শক্তিক সমগ্ৰ বিশ্বই গুৰুত্ব দিয়াৰ সময়ত ভাৰতত কয়লাৰ ব্যৱহাৰ হ্ৰাস পোৱা নাই৷ ভাৰতৰ বন মন্ত্ৰালয়ে আমেৰিকাৰ দুই বিশ্ববিদ্যালয়ৰ অধ্যয়নক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছে যদিও দেশৰ পৰিৱেশ অৱক্ষয়ৰ প্ৰতি লক্ষ্য কৰি ৰাষ্ট্ৰখনে আত্মসমালোচনা কৰাৰ সময় সমাগত৷