Logo
image

চক্ৰবৃদ্ধি হাৰত বাঢ়িছে বিসম্বাদী বিধায়ক, ৩০ জুনলৈ গুৱাহাটীতে

আমাৰ অসম, ২৭ জুনঃ সংখ্যাৰ দিশৰ পৰা ক্ৰমাত যেন অধিক শক্তিশালী হৈছে একনাথ সিন্দে শিবিৰ৷ মুখ্যমন্ত্ৰী তথা শিবসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেৰ ঘনিষ্ট মন্ত্ৰী উদয় সামন্ত দেওবাৰে উপস্থিত হয় গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত৷ চুৰাটৰ পৰা পোনে পোনে চাটাৰ্ড বিমানযোগে আহি গুৱাহাটীৰ বিমানবন্দৰত উপস্থিত হয় মন্ত্ৰী সামন্ত৷ তেওঁৰ লগত শিবসেনাৰ অন্য তিনিজন নেতা ক্ৰমে– প্ৰদীপ ধাৱাল, প্ৰসাদ কাৰাণ্ড আৰু যোগেশ মহাঙ্গাদেও গুৱাহাটীলৈ আহে৷ বৰঝাৰ বিমানবন্দৰৰ পৰা হোটেল ৰেডিছন ব্লুত উপস্থিত হোৱাৰ পিছতে বিসম্বাদী শিবিৰৰ নেতা একনাথ সিন্দে মন্ত্ৰী উদয় সামন্ত আৰু শিবসেনাৰ অন্য তিনিজন নেতাক উষ্ণ আদৰণি জনায়৷ ইয়াৰ পিছতে তেওঁলোক একনাথ সিন্দেৰ সৈতে আলোচনাত মিলিত হয় ভৱিষ্যত ৰণকৌশল প্ৰস্তুতৰ বাবে৷ উদ্ধব থাকৰে মন্ত্ৰীসভাত উচ্ছ আৰু কাৰিকৰি শিক্ষা বিভাগৰ দায়িত্বত আছে উদয় সামন্ত৷ এই পৰ্যন্ত উদয় সামন্তৰ উপৰিও উদ্ধব থাকৰে মন্ত্ৰীসভাৰ অন্য তিনিজন কেবিনেট মন্ত্ৰী ক্ৰমে– গুলাব ৰাও পাটিল, দাদা ভূমে, সন্দীপন ভূমৰে আৰু দুই ৰাজ্য মন্ত্ৰী শম্ভুৰাজ দেশাই আৰু আব্দুল ছাত্তাৰ ইতিমধ্যে বিদ্ৰোহীৰ বিধায়কৰ শিবিৰত যোগদান কৰিছে৷ এই কেইজন শিবসেনাৰ বিধায়ক৷ আনহাতে, প্ৰহৰ জন শক্তি পাৰ্টীৰ মন্ত্ৰী বাচু কাডু আৰু নিৰ্দলীয় মন্ত্ৰী ৰাজেন্দ্ৰ জাভেদকাৰ ইতিমধ্যে একনাথ সিন্দেৰ শিবিৰত আছে৷ উদয় সামন্ত হোটেল ৰেডিশ্বন ব্লুত উপস্থিত হোৱাৰ পিছত বিসম্বাদী শিবিৰত যোগদান কৰা মন্ত্ৰীৰ সংখ্যা ৮ জনলৈ বৃদ্ধি পালে৷ আনহাতে, অসম আৰক্ষীৰ কমাণ্ডো আৰু অৰ্ধসামৰিক বাহিনীৰ প্ৰায় ৫০০ নিৰাপত্তাৰক্ষীয়ে দিনে-নিশাই পহৰা দি থকা হোটেল ৰেডিছন ব্লুৰ অভ্যন্তৰত আজি আড়ম্বৰভাৱে পালন কৰা হয় এজন বিধায়কৰ জন্মদিন৷ মহাৰাষ্ট্ৰৰ বান্দ্ৰাৰ শিৱসেনাৰ বিধায়ক নৰেন্দ্ৰ ভাণ্ডেকাৰৰ জন্মদিন গুলজাৰে কেক কাটি পালন কৰে তেওঁৰ সতীৰ্থ বিসম্বাদী বিধয়াকসকলে৷ এই অনুষ্ঠানত একনাথ সিন্দেও উপস্থিত আছিল৷ আনহাতে, আজি হোটেল ৰেডিছন ব্লুত উপস্থিত হৈ মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়কসকলক সাক্ষাত কৰে অসম চৰকাৰৰ দুই মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু অশোক সিংঘালে৷ উল্লেখ্য যে বিগত দুদিনত মন্ত্ৰী অশোক সিংঘাল তৃতীয়বাৰৰ কাৰণে হোটেল ৰেডিছন ব্লুত উপস্থিত হয়৷ শনিবাৰে দুবাৰকৈ তেওঁ হোটেলখনলৈ আহি বিসম্বাদী বিধায়কসকলক সাক্ষাত কৰিছিল৷ বুধবাৰে পুৱতি নিশা চুৰাটৰ পৰা আহি গুৱাহাটীত উপস্থিত হোৱা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলৰ বাবে সাত দিনৰ বাবে হোটেল ৰেডিশ্বন ব্লুৰ ৭০টাকৈ বিলাসী কোঠা বুকিং কৰা হৈছিল যদিও মহাৰাষ্ট্ৰৰ ৰাজনৈতিক যুদ্ধ আৰু অধিক দীঘলীয়া হ’ব পাৰে বুলি আশংকা কৰিছে এই বুকিং আৰু দুদিনৰ বাবে বৃদ্ধি কৰা হৈছে৷ পূৰ্বৰ ২৮ জুনৰ পৰিৱৰ্তে এতিয়া ৩০ জুনলৈ বৃদ্ধি কৰা হৈছে হোটলে ৰেডিছন ব্লুৰ বুকিং৷ ইতিমধ্যে নিৰাপত্তাৰক্ষীয়ে অভেদ্য দুৰ্গত পৰিণত হোৱা হোটেল ৰেডিছন ব্লুৰ সকলো কোঠা বুকিং কৰি ৰখা হৈছে অদৃশ্য শক্তিৰ নিৰ্দেশত৷ সৰ্বসাধাৰণ লোকৰ প্ৰৱেশ সম্পূৰ্ণভাৱে নিষিদ্ধ হোটেল চৌহদত৷ বাতিল কৰা হৈছে সকলোধৰণৰ বুকিং৷ আৰক্ষী-প্ৰশাসনে সম্পূৰ্ণৰূপে নিজৰ দখলত ৰখা হোটেল ৰেডিছন ব্লুৰ এই বিশাল আয়োজন কাৰ নিৰ্দেশনাত হৈ আছে সেয়া আজিও ৰহস্যৰ আবৰ্তত৷ কোঠাৰ ভাড়াৰ উপৰিও বিসম্বাদী বিধায়কসকলৰ খোৱা-লোৱা আৰু অন্যান্য খৰচৰ নামত দৈনিক আঠৰ পৰা দহ লাখ টকা ব্যয় হৈ আছে৷ ইয়াৰ উপৰিও চুৰট আৰু মহাৰাষ্ট্ৰৰ পৰা প্ৰায় নিয়মিতভাৱে গুৱাহাটীলৈ আহি আছে চাটাৰ্ড বিমান৷ বুধবাৰে চুৰটৰ পৰা গুৱাহাটীলৈ অহাৰ বাবে বিসম্বাদী বিধায়কসকলে সম্পূৰ্ণ বিমান এখন ভাড়া কৰি আনিছিল৷