Logo
image

ডায়েবেটিছ ৰোগীয়ে কঁঠাল খাব পাৰেনে?

ডায়েবেটিছত ভোগা লোকসকলে বিভিন্ন খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকিবলগীয়া হয়৷ বিশেষকৈ মিঠাই জাতীয় খাদ্য আৰু ফলমূল খোৱাৰ ক্ষেত্ৰত ডায়েবেটিছ ৰোগীয়ে সচেতন হ’বলগীয়া হয়৷ গ্ৰীষ্মকালত বজাৰত উভৈনদী হৈ পৰা এবিধ ফল হৈছে কঁঠাল৷ কঁঠাল প্ৰায়ভাগ লোকৰে অতি প্ৰিয়৷ কিন্তু ডায়েবেটিছ ৰোগীয়ে কঁঠাল খাব পাৰেনে? স্বাস্থ্য বিশেষজ্ঞসকলে এই ক্ষেত্ৰত কি কয়–

কোনবোৰ খাদ্যই দেহত শৰ্কৰাৰ মাত্ৰা কিমান বৃদ্ধি কৰে, পুষ্টিবিদসকলে সেয়া গ্লাইছেমিক সূচকৰ জৰিয়তে জোখে৷ বিশেষজ্ঞসকলৰ মতে কঁঠালত থকা গ্লাইছেমিক সূচকৰ মান প্ৰায় ৫০-৬০৷ লগতে কঁঠালত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে৷ ফাইবাৰে পাচন প্ৰক্ৰিয়াৰ গতি হ্ৰাস কৰে, ফলত হঠাৎ তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পোৱাৰ আশংকা কমে৷ অৰ্থাৎ ডায়েবেটিছ ৰোগীসকলে কঁঠাল খাব পাৰে৷ কিন্তু অত্যধিক নহয়৷ পিছে সকলো ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত কঁঠাল খোৱাটো উচিত নহ’বও পাৰে৷ এনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷

লগতে বিশেষজ্ঞসকলে এইবুলিও কয় যে যিসকলৰ এলাৰ্জিৰ সমস্যা আছে তেওঁলোকে পৰাপক্ষত কঁঠাল নোখোৱাই ভাল৷ বিশেষকৈ কিছুমান ক্ষেত্ৰত কঁঠালৰ পাশ্বৰ্ক্ৰিয়াই তেজ গোট খোৱাৰ দৰে সমস্যাৰ সৃষ্টি কৰে৷ কিডনীৰ সমস্যা থাকিলে ভুলতো কঁঠাল নাখাব৷ কাৰণ কঁঠালে তেজত পটাছিয়ামৰ মাত্ৰা বৃদ্ধি কৰে৷