Logo
image

ঔটেঙাত থকা উপকাৰী গুণৰ বিষয়ে জানিলে আচৰিত হ’ব

ঔ সকলো পৰিচিত৷ গ্ৰামাঞ্চলত ঔটেঙাৰে বিভিন্ন জুতিৰ ব্যঞ্জন প্ৰস্তুত কৰা হয়৷ এই ব্যঞ্জনে সকলোৰে জিভাৰ পানী পেলায়৷ মানুহৰ লগতে বনৰীয়া হাতীৰো ঔ অতি প্ৰিয় ফল৷ সেইবাবে ঔ টেঙাক ইংৰাজীত ‘এলিফেণ্ট আপেল’ বুলি কোৱা হয়৷ ঔটেঙাত বিভিন্ন ঔষধি গুণ থাকে৷ ইয়াত ফেনল, টেনিন, এলকেলাইড, ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, আইৰণ, কেলচিয়াম, পটাচিয়াম, এমিন’এচিড, কেৰটিন আদি থাকে৷ খোৱাৰ উপৰিও ঔটেঙাক জাম, জেলি, আচাৰ বা গুৰি কৰি সংৰক্ষণ কৰি ৰাখিব পৰা যায়৷ উল্লেখ কৰা হ’ল ঔ টেঙাৰ বিভিন্ন উপকাৰী গুণ– 

◾ঔত যিকোনো সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা থাকে৷ 

◾পাচনক্ৰিয়াজনিত সকলো ৰোগ নিৰাময় কৰাত সহায় কৰে ঔৱে৷

◾ভিটামিন ‘এ’ থকাৰ বাবে ঔ খালে দৃষ্টিশক্তি অটুট থাকে৷ 

◾ঔত পৰ্যাপ্ত পৰিমাণে পটাচিয়াম থকাত ই হৃদপিণ্ড সবল কৰি ৰাখে৷

◾ৰক্তহীনতা দূৰ কৰাত সহায় কৰে ঔৱে৷

◾ঔ খালে অকাল বাৰ্ধক্য দূৰ হয়৷ 

◾দেহৰ অতিৰিক্ত চৰ্বি আঁতৰায় ঔৱে৷

◾বাতবিষত ঔক মহৌষধ বুলি কোৱা হয়৷ 

◾পিত্ত আৰু ক’ফজনিত ৰোগত ঔ অত্যন্ত উপকাৰী৷

◾ঔত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’, ‘ই’ আৰু ‘এণ্টিঅক্সিডেণ্ট’ থকাত ই কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷ 

◾যকৃতৰ দুৰ্বলতা আঁতৰায় ঔটেঙাই৷ 

◾বসন্ত নাশক হিচাপে ঔটেঙা ফাগুণ আৰু চত মাহত খোৱাত বিশেষ গুৰুত্ব দিয়া হয়৷ 

◾ডায়বেটিছ ৰোগীয়ে ঔটেঙা খাই থাকিলে ভৱিষ্যতে হ’ব পৰা অন্যান্য সমস্যাৰ পৰা পৰিত্ৰাণ পায়৷ 

◾শৰীৰৰ তাপ নিয়ন্ত্ৰণ কৰে ঔৱে৷ 

◾ঔটেঙাৰ বীজেৰে মূৰ ধুলে উফি কমে আৰু চুলিৰ উজ্জ্বলতা বাঢ়ে৷ 

◾শক্তি আৰু ভোক বঢ়ায় ঔৱে৷