Logo
image

ৰেডিছন ব্ল’ত নাটকৰ যৱনিকা নতুন চিত্ৰনাট্যৰ গোপন আলোচনা

অভূতপূৰ্ব বানৰ কবলত কক্‌বকাই এসাঁজ ভাত খাবলৈ, এটুপি বিশুদ্ধ পানী পিবলৈ অসমৰ্থ হোৱা অসমবাসীয়ে নিজৰ ফুলকুমলীয়া শিশুকো খাদ্যৰ অভাৱত প্ৰয়োজনীয় আহাৰখিনি খুৱাব নোৱৰাৰ বিপজ্জনক পৰিস্থিতিৰ গৰাহত পৰা, জনগণে হাহাকাৰ কৰি থাকিব লগা পৰিণতিক গুৰুত্বহীন কৰি মহাৰাষ্ট্ৰৰ প্ৰায় অৰ্ধশতাধিক বিধায়কক অসমলৈ মাতি আনি অসমৰ মুখ্যমন্ত্ৰীয়ে তথা চৰকাৰে মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙা-পতাৰ দলীয় ৰাজনৈতিক চৰিত্ৰাভিনয়তহে লিপ্ত হোৱাৰ দৃষ্টিকটু দৃশ্যই ৰাজ্যখনৰ ৰাইজৰ প্ৰতি চৰকাৰৰ নিষ্ঠাপূৰ্ণ দায়িত্বজ্ঞানহীনতাৰ কথাকে প্ৰতীয়মান কৰিছে বুলি সচেতন মহলে অনুভৱ কৰিছে৷ গুৱাহাটীৰ পঞ্চতাৰকা হোটেল ৰেডিছন ব্লুত ৰাজকোষৰ কোটিৰো অধিক টকাৰ শৰাধ কৰি চলোৱা উক্ত দলীয় ৰাজনৈতিক ভাওনাই অসম আৰু অসমবাসীৰ একো উপকাৰ নকৰে৷ অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ এনে কাৰ্যকলাপ জনস্বাৰ্থৰ সেৱাৰ স্বাৰ্থত হ’বই নোৱাৰে৷ মহাৰাষ্ট্ৰৰ একাংশ বিধায়কে চলোৱা এই যুদ্ধখনৰ মূল উদ্দেশ্যটোৱেই হৈছে তেওঁলোকৰ ব্যক্তিগত ৰাজনৈতিক ক্ষমতালিপ্সা পূৰণৰ আকাংক্ষা৷ ইয়াত মহাৰাষ্ট্ৰ অথবা অসমৰ, কিম্বা ইয়াৰ জনগণৰ স্বাৰ্থ ৰক্ষাৰ কোনো সম্পৰ্ক নাই৷ কিন্তু মুখ্যমন্ত্ৰীৰ বাবে এইখন যুদ্ধৰ কিছু ফলপ্ৰসূ পৰিণতিৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ অসমৰ মুখ্যমন্ত্ৰী যে কেৱল অসমৰহে ৰাজনৈতিক নেতা নহয় আৰু প্ৰয়োজনত দেশৰ আন ৰাজ্যতো ক্ষমতা নিয়ন্ত্ৰণৰ ৰিম’ট কণ্ট্ৰ’লাৰ হ’ব পাৰে, সেইটোকে প্ৰতিপন্ন কৰি দিল্লীবাসী বিয়াগোম নেতাসকলক সকীয়াই দিয়াৰো প্ৰয়াস থকা বুলি ভবাৰ যুক্তি অবান্তৰ নহয়৷ দিল্লীত থকা কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান নেতাৰ ৰোষত পৰা বুলি প্ৰকাশিত বাতৰিৰ প্ৰভাৱৰ পৰিণতিৰ বিষয়টো মুখ্যমন্ত্ৰীয়ে এৰাই চলিব বুলি ভাবিব পৰাৰ অৱকাশ নাই৷ দ্বিতীয়তে, অসমৰ বানসৃষ্ট প্ৰতিকূল পৰিস্থিতি বাস্তৱিকতে চম্ভালিব পৰাৰ সামৰ্থ্য নথকা মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ উপায়ুক্তসকলৰ অকৰ্মণ্যতা, অসমৰ্থতাৰ নাটকীয় ছবি এখন ভিডিঅ’ কনফাৰেঞ্চযোগে ৰাইজৰ আগত দাঙি ধৰি দায়িত্ব সামৰিছে৷ দুৰ্বল মনৰ উপায়ুক্তসকলে বানপীড়িতলৈ পৰ্যাপ্ত সাহায্য দিবলৈ সক্ষম নোহোৱাৰ অন্তৰালৰ বাস্তৱ সত্যক সাহসেৰে প্ৰকাশ কৰিব নোৱৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে বিষয়াসকলকে গালি-গালাজ কৰি নিজে ‘হিৰো’ৰ ৰূপ প্ৰদৰ্শন কৰিলে৷ এইটো প্ৰণিধানযোগ্য যে বৰ্তমানৰ ক্ষমতাধিষ্ঠিত ৰাজনৈতিক দলে ক্ষমতাৰ বলেৰে আন দলৰ চৰকাৰ অথবা দল ভঙাৰ সংকীৰ্ণ তথা অসাংবিধানিক কাৰ্যত লিপ্ত হ’লে দেশৰ গণতন্ত্ৰ, ৰাজনৈতিক, প্ৰশাসনীয় ক্ষেত্ৰত স্বচ্ছতা, আদৰ্শ আৰু নৈতিকতা নিশ্চিহ্ন হ’ব৷ বিজেপিৰ একনায়কত্ববাদী আগ্ৰাসনৰ মনোবৃত্তিয়েই এদিন ভাৰতৰ সাৰ্বভৌমত্বক প্ৰশ্নবোধক কৰিব৷ সচেতন নাগৰিকৰ এনে সন্দেহ অমূলক বুলি ভবাটো অনুচিত৷ মন কৰিবলগীয়া আন এখন নাটকৰ আখৰা আৰম্ভ কৰিছে ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে৷ ছাত্ৰ সন্থাৰ লগত ‘গোপন আলোচনা’ৰ৷ সম্ভৱতঃ ৰেডিছন ব্লু’ হোটেলত প্ৰদৰ্শিত মহাৰাষ্ট্ৰৰ বিধায়কৰ একাংশই অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰযোজনাত অভিনয় কৰা ৰাজনৈতিক নাটকখনৰ বিয়াগাত্মক যৱনিকা পৰাৰ আশংকাগ্ৰস্ত মুখ্যমন্ত্ৰীয়ে সেই দৃশ্যবোৰৰপৰা দৰ্শকৰ দৃষ্টি ঘূৰাই আনি ছাত্ৰ সন্থাৰ লগত আৰম্ভ কৰা ‘গোপন আলোচনা’ৰ আন এখন নৃত্যনাটিকাৰ প্ৰস্তাৱনা আগবঢ়াইছে অসমবাসীলৈ৷ মুখ্যমন্ত্ৰীৰ লগত ছাত্ৰ সন্থাই ‘গোপন আলোচনা’ত বহাৰ সাম্প্ৰতিক পৃষ্ঠভূমি কি? বুজিবলৈ সাঁথৰ যেন লাগিছে অসমবাসী ৰাইজৰ ১৯৮৫ৰ প্ৰথমভাগত অসমৰ বিদেশী বহিষ্কৰণ আন্দোলন সন্দৰ্ভত তদানীন্তন কেন্দ্ৰীয় চৰকাৰে সেই সময়ৰ ছাত্ৰনেতাসকলৰ লগত দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰখ্যাত স্থানত কৰা ‘গোপন আলোচনা’ৰ অভিশপ্ত পৰিণতি অসমীয়াৰ অজ্ঞাত নহয়৷ ‘১৯৫১ চন অসমীয়াৰ জীৱন-মৰণৰ পণ’ৰ প্ৰতিজ্ঞাৰে ৰাজ্যবাসীৰ গণ আন্দোলনটোক নেতৃত্ব দিয়া ছাত্ৰনেতাসকলে হঠাতে প্ৰতিজ্ঞা ভংগ কৰি একেজাঁপে ২৪ মাৰ্চ, ১৯৭১লৈ পিছলি পৰিব লগা হোৱাৰ ফল তেতিয়াৰ ‘গোপন আলোচনা’ৰ৷ ‘কা’বিৰোধী আন্দোলন বিফল হোৱাৰ অন্তৰালতো ছাত্ৰ সন্থাৰ একাংশ বৃদ্ধ নেতাৰ লগত ৰাজ্য চৰকাৰৰ গোপন বুজা-বুজিৰ ইংগিত বহন কৰিছে আন্দোলনটোৰ যৱনিকাৰ পৰিণতিয়ে৷ গতিকে মুখ্যমন্ত্ৰীয়ে ‘গোপন আলোচনা’ৰ বকলা মেলি ৰাজ্যখনৰ সকলো প্ৰতিকূল পৰিস্থিতি তথা পৰিণতিৰ দায়িত্ব আনৰ মূৰত জাপি দি নিজে কেৱল অসমপ্ৰেমী, অসম ৰক্ষক হিৰো হোৱাৰ কৌশল ৰচনা কৰা নাই বুলি ক’বলৈ সাহস কৰিলে ভাল৷ আনহাতে, একাংশ বৃদ্ধ বয়সৰ প্ৰাক্তন ছাত্ৰই সন্থাৰ মজিয়াখনকে জীৱন নিৰ্বাহৰ অথবা আত্মপ্ৰতিষ্ঠাৰ ভেটি হিচাপে ব্যৱহাৰ কৰি অসমীয়া ৰাইজৰ মহান ছাত্ৰশক্তিৰ কঁকাল ভঙাৰ ৰাজনীতি তৎকালেই ত্যাগ কৰাটো ৰাজ্যখনৰ স্বাৰ্থত অপৰিহাৰ্য বুলি সচেতন নাগৰিকসকলে দৃঢ় মত ব্যক্ত কৰা দেখা গৈছে৷ নৱপ্ৰজন্মক বিহিত স্থান এৰি দি ৰাজ্যখনৰ বাবে এটা মহান কাৰ্য তেওঁলোকে কৰিব বুলি সচেতন মহলৰ বিশ্বাস৷