ইউৰিক এচিডৰ সমস্যা থাকিলে এইবোৰ নাখাব
পুৱা বিছনা এৰাৰ পাছতেই ভৰি বিষায় নেকি? কিছুসময় খোজ কাঢ়িলে বিষ অলপ কমে যদিও পুনৰ গাঁঠি বিষাবলৈ ধৰে৷ এটা সময়ত হাত-ভৰিৰ গাঁঠি ফুলি উঠে নেকি? তেন্তে সাৱধান এয়া, ইউৰিক এচিডৰ লক্ষণ হ’ব পাৰে৷ ইউৰিক এচিড হ’লে কিছুমান খাদ্য কমকৈ খোৱা উচিত৷ আন কিছুমান খাদ্য এৰাই চলাটো অত্যন্ত জৰুৰী৷ উল্লেখ কৰা হ’ল ইউৰিক এচিডৰ সমস্যা থাকিলে কোনবোৰ খাদ্য খাব পাৰি আৰু কোনবোৰ নোৱাৰি–
◾ইউৰিক এচিড হ’লে বহুতেই বিলাহী খোৱা এৰি দিয়ে৷ কিন্তু ৰন্ধনত বিলাহী দিলে কোনো অপকাৰ নহয়৷ অৱশ্যে কেঁচা বিলাহী আৰু কেঁচা পিঁয়াজ খোৱা অনুচিত৷
◾কিন্তু পাচলিৰ ক্ষেত্ৰত ফুলকবি, বন্ধাকবি আৰু পালেং শাক কমকৈ খাব৷
◾চৰ্বিযুক্ত মাছ পৰাপক্ষত এৰাই চলক৷
◾ইলিচ মাছত ওমেগা-৩ ফেটি এচিড থাকে৷ সেয়ে অত্যধিক ইলিচ নাখাব৷
◾মিক্সড ফ্ৰুইটৰ সলনি দিনটোত এবিধহে ফল খোৱা কৰক৷ ড্ৰাই ফ্ৰুইটছ খোৱাত বাধা নাই৷
◾২০০-২৫০ মিলি লিটাৰতকৈ বেছি গাখীৰ নাখাব৷ দৈ আৰু ছানা খোৱাত বাধা নাই৷
◾খাদ্য তালিকাৰ পৰা যিমান পৰা যায় প্ৰ’টিনৰ পৰিমাণ কমাই দিয়ক৷
◾দাইল বা দাইলৰ পৰা প্ৰস্তুত কৰা খাদ্য, ৰাজমাহ, ছয়াবিন ভুলতো নাখাব৷
◾কণীৰ বগা অংশখিনিহে খোৱা কৰক৷
◾চিকেন খাব পাৰে৷ কিন্তু ছাগলী মাংস, মিছা মাছ আদি খোৱা বন্ধ কৰক৷
◾ফলৰ ৰস খোৱা বন্ধ কৰক৷ কাৰণ ফলৰ ৰসে ইউৰিক এটিডৰ মাত্ৰা বৃদ্ধি কৰে৷






