Logo
image

বায়ুসেনাৰ ৩ হাজাৰ পদত ৩ দিনতে ৫৬,৯৬০জনৰ আৱেদন

প্ৰতিবাদ-বিৰোধিতাৰ মাজতে অগ্নিপথ আঁচনিলৈ সঁহাৰি

আমাৰ অসম, ২৮ জুনঃ কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ নিযুক্তি আঁচনিৰ বিৰুদ্ধে বিহাৰ, উত্তৰ প্ৰদেশকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত হিংসাত্মক প্ৰতিবাদ হোৱাৰ মাজতে ২৪ জুনৰ পৰা ভাৰতীয় বায়ুসেনাই অনলাইন আৱেদন আৰম্ভ কৰিছিল৷ আচৰিতধৰণে এই নিযুক্তি প্ৰক্ৰিয়াই যথেষ্ট সঁহাৰি লাভ কৰে৷ একাংশ লোকে এই আঁচনিৰ  বিৰুদ্ধে প্ৰতিবাদ কৰি থকাৰ মাজতে মাত্ৰ তিনিদিনতে ৫৬,৯৬০জনে আৱেদন কৰে৷ এই আঁচনিৰ জৰিয়তে প্ৰথমে ৩ হাজাৰ বায়ুসেনাৰ জোৱান নিযুক্তি দিয়া হ’ব৷ গতিকে এই তিনি হাজাৰ পদৰ বাবে মাত্ৰ তিনিদিনতে ইমান বেছি আৱেদন আহে৷ ৰাজনৈতিক দল আৰু ক’চিং চেণ্টাৰ চলোৱা লোকৰ প্ৰৰোচনাত পৰি একাংশ যুৱক-যুৱতীয়ে হিংসাত্মক প্ৰতিবাদ কৰি ভাৰতীয় ৰে’লৰ বিস্তৰ ক্ষতি সাধন আৰু চৰকাৰী স-সম্পত্তি ধবংস কৰাৰ সময়তে বহুতে এই চাকৰিৰ বাবে আৱেদন কৰে৷ চাকৰিৰ নাটনিৰ দিনত তেওঁলোকে প্ৰতিবাদ নকৰি আৱেদন কৰাতহে ব্যস্ত হৈ পৰে৷ এতিয়া মাথোঁ অগ্নিপথৰ বিৰুদ্ধে হোৱা আন্দোলন কংগ্ৰেছ আৰু ইয়াৰ ছাত্ৰসংগঠনেহে বিভিন্ন স্থানত অব্যাহত ৰাখিছে৷ বায়ুসেনাৰ বাবে আৱেদনৰ শেষ তাৰিখ হৈছে পাঁচ জুলাই৷