Logo
image

গৰ্ভপাত নিষিদ্ধ! ছুপ্ৰিম ক’ৰ্টৰ ৰায়ৰ বিৰুদ্ধে আমেৰিকাৰ মহিলাৰ ‘ছেক্স ষ্ট্ৰাইক’

আমাৰ অসম, ২৮ জুনঃ আমেৰিকাৰ ছুপ্ৰিম ক’ৰ্টে দেশখনৰ নাগৰিকৰ গৰ্ভপাতৰ অধিকাৰ খৰ্ব কৰাৰ পাছৰে পৰাই এই ৰায়ৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে লাখ লাখ লোক৷ ছুপ্ৰিম ক’ৰ্টৰ বাহিৰত সমবেত হৈ তেওঁলোকে এই ৰায় বাতিল কৰিবলৈ আহ্বান জনায়৷ উল্লেখ্য, পঞ্চাছ বছৰৰো অধিক কাল আমেৰিকাত গৰ্ভপাত বৈধ হিচাপে চলি অহাৰ পাছত যোৱা বৃহস্পতিবাৰে মাৰ্কিন ছুপ্ৰিম ক’ৰ্টে গৰ্ভপাতক নিষিদ্ধ কৰে৷ যাৰ ফলত বিগত পঞ্চাছ বছৰে চলি অহা আমেৰিকাৰ জনতাৰ জীৱন শৈলীত যথেষ্ট প্ৰভাৱ পৰিব৷ এতিয়া কৰোঁ বুলিয়েই আমেৰিকাৰ মহিলাই গৰ্ভপাত কৰিব নোৱাৰিব৷ ইয়াৰ বাবে অনুমতি ল’ব লাগিব৷ উল্লেখ্য, আমেৰিকাৰ ছুপ্ৰিম ক’ৰ্টে অৰ্ধশতিকাৰো অধিক কাল গৰ্ভপাতক বৈধ আৰু সাংবিধানিক অধিকাৰ হিচাপে মান্যতা দি অহা নিয়ম বাতিলৰ বাবে কাম-কাজ আৰম্ভ কৰাৰ কথা পোহৰলৈ অহাৰ পাছৰে পৰাই দেশখনত প্ৰতিবাদ আৰম্ভ হৈছিল৷ কিন্তু ছুপ্ৰিম ক’ৰ্টে এই প্ৰতিবাদলৈ গুৰুত্ব নিদি উক্ত নিয়ম বাতিল কৰি গৰ্ভপাত নিষিদ্ধ কৰে৷  গতিকে ইয়াৰ বিৰুদ্ধে এতিয়া আমেৰিকাৰ মহিলাসকলে আৰম্ভ কৰিছে ‘ছেক্স ষ্ট্ৰাইক’৷ অৰ্থাৎ যেতিয়ালৈকে ছুপ্ৰিম ক’ৰ্টে নিজৰ ৰায় সলনি নকৰে, তেতিয়ালৈকে আমেৰিকাৰ এই মহিলাসকলে যৌন সম্পৰ্ক নকৰে৷ তেওঁলোকৰ এই ঘোষণাই সমগ্ৰ আমেৰিকাকে জোকাৰি গৈছে৷ ছ’চিয়েল মিডিয়াৰ দ্বাৰাও মহিলাসকলে এই ষ্ট্ৰাইকৰ কথা প্ৰকাশ কৰে৷ ‘ছেক্স ষ্ট্ৰাইক’ হেছটেগেৰে তেওঁলোকে টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ফেচবুক ভৰাই পেলায়৷